অগ্নিবীৰ অজয় ​​কুমাৰৰ পৰিয়ালে প্ৰাপ্য ১.৬৫ কোটি টকাৰ ভিতৰত ৯৮.৩৯ লাখ লাভ কৰিছে

Story by  atv | Posted by  [email protected] • 3 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নতুন দিল্লী

ভাৰতীয় সেনাই কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা অগ্নিবীৰ অজয় ​​কুমাৰৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধা জনাই কৈছে যে তেওঁৰ পৰিয়ালক ইতিমধ্যে ৯৮.৩৯ লাখ টকা দিয়া হৈছে। প্ৰায় ৬৭ লাখ টকাৰ আৰ্থিক সাহাৰ্য আৰু অন্যান্য সুবিধাসমূহো পুলিচ ভেৰিছিকেচনৰ পিছতে প্ৰদান কৰা হ’ব।
 
অগ্নিবীৰৰ আত্মীয়ই চৰকাৰৰ ফালৰ পৰা কোনো ক্ষতিপূৰণ নোপোৱা বুলি একাংশই প্ৰচাৰ চলাই থকাৰ সময়তে ভাৰতীয় সেনাৰ ৰাজহুৱা তথ্য সঞ্চালকালয়ে বুধবাৰে অগ্নিবীৰ অজয় ​​কুমাৰক দিয়া ক্ষতিপূৰণ সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰে।
 
"অগ্নিবীৰ অজয় ​​কুমাৰৰ সৰ্বোচ্চ বলিদানক ভাৰতীয় সেনাই প্ৰণাম জনাইছে। তেওঁৰ অন্তিম সংস্কাৰৰ ৰীতি-নীতিসমূহ সম্পূৰ্ণ সামৰিক সন্মানেৰে সম্পন্ন কৰা হৈছিল। মুঠ প্ৰাপ্য ধনৰ ভিতৰত অগ্নিবীৰ অজয়ৰ পৰিয়ালক ইতিমধ্যে ৯৮.৩৯ লাখ টকা প্ৰদান কৰা হৈছে।"-এডিজিপিআইয়ে এক্সত এক পোষ্টত এইদৰে কয়।
"অগ্নিবীৰ আঁচনিৰ নিয়ম অনুসৰি প্ৰায় ৬৭ লাখ টকাৰ এককালীন সাহায্য আৰু অন্যান্য সুবিধাসমূহ আৰক্ষীৰ পৰীক্ষণৰ কিছু দিনৰ পিছত চূড়ান্ত একাউণ্ট নিষ্পত্তিৰ সময়ত প্ৰদান কৰা হ'ব। মুঠ ধনৰাশি হ’ব প্ৰায় ১.৬৫ কোটি টকা।"-বিবৃতিটোত লগতে কোৱা হৈছে।
 
ইয়াৰ পূৰ্বে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অগ্নিবীৰ আঁচনিক লৈ লোকসভাৰ মজিয়াত মিছা তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি ক্ষমা বিচাৰিছে। এক্সত পোষ্ট কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মন্ত্ৰীগৰাকীয়ে সংসদত নিহত অগ্নিবীৰৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বিষয়টোক লৈ মিছা কথা কৈছিল।
 
ইফালে, ভাৰতীয় সেনাই অগ্নিবীৰ অজয় ​​কুমাৰক দিয়া ক্ষতিপূৰণ সন্দৰ্ভত জাৰি কৰা স্পষ্টীকৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে “ভাৰতীয় সেনা অগ্নিবীৰৰ কল্যাণৰ প্ৰতি দায়বদ্ধ”।