চণ্ডীগড়
পঞ্জাৱ বন্ধৰ আহ্বানৰ অংশ হিচাপে সোমবাৰে ৰাজ্যৰ বহু ঠাইত কৃষকসকলে পথ অৱৰোধ কৰি যাতায়তত বাধাৰ সৃষ্টি কৰিছে। কেন্দ্ৰই প্ৰতিবাদকাৰী কৃষকৰ দাবী মানি নলোৱাক লৈ যোৱা সপ্তাহত সমযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই এই বন্ধৰ আহ্বান জনাইছিল।
আজি পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ পালন কৰা হ’ব। পাটিয়ালা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচলত প্ৰভাৱ পেলোৱা ধৰেৰী জটান টোল প্লাজাত কৃষকসকলে ধৰ্ণা সাব্যস্ত কৰিছে।
অমৃতসৰৰ গোল্ডেন গেটত নগৰৰ প্ৰৱেশ পইণ্টৰ সমীপত কৃষকসকলে গোট খাবলৈ আৰম্ভ কৰাৰ বিপৰীতে বাথিণ্ডাৰ ৰামপুৰা ফুলত পথ অৱৰোধ কৰিছে।
দেওবাৰে কৃষক নেতা সৰৱান সিং পান্ধেৰে কয় যে, "যদিও সম্পূৰ্ণ বন্ধ হ’ব, জৰুৰীকালীন সেৱা চলিবলৈ দিয়া হ’ব। পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ পালন কৰা হ’ব। অৱশ্যে জৰুৰীকালীন সেৱা চলি থাকিব। বিমানবন্দৰলৈ বিমানলৈ যোৱা, চাকৰিৰ সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ যোৱা বা বিয়াত উপস্থিত থকাটো প্ৰয়োজন। সেয়েহে এই সকলোবোৰত আমাৰ বন্ধৰ প্ৰভাৱ নপৰে।"
ইফালে ৭০ বছৰীয়া কৃষক নেতা জগজিৎ সিং দলেৱালৰ অনশন কাৰ্যসূচীয়ে সোমবাৰে ৩৫ সংখ্যক দিনত প্ৰৱেশ কৰিছে। দলেৱালে এতিয়ালৈকে চিকিৎসাৰ বাবে অস্বীকাৰ কৰিছে। পঞ্জাৱ-হাৰিয়ানা সীমান্তত শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইনী নিশ্চয়তা প্ৰদানৰ দাবীত শতাধিক কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে। দলেৱালে পূৰ্বে কৈছিল যে, চৰকাৰে কৃষকৰ দাবীত সন্মতি নিদিয়ালৈকে তেওঁ উপবাস ভংগ নকৰে।
শীৰ্ষ আদালতে পঞ্জাৱ চৰকাৰক ৩১ ডিচেম্বৰলৈকে সময় দিছে দলেৱালক চিকিৎসালয়লৈ যোৱাৰ বাবে বুজাবলৈ, প্ৰয়োজন হ’লে ৰাজ্যখনক কেন্দ্ৰৰ পৰা লজিষ্টিক সহায় বিচৰাৰ স্বাধীনতা প্ৰদান কৰিছে।
এছ কে এম (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ বেনাৰত কৃষকসকলে ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্ত পইণ্টত শিবিৰ পাতি আছে, দিল্লী অভিমুখী পদযাত্ৰা নিৰাপত্তা বাহিনীয়ে বন্ধ কৰি দিয়াৰ পিছত।
৬ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰৰ ভিতৰত ১০১ জন কৃষকৰ এটা "জাথা" (গোট) তিনিবাৰকৈ খোজকাঢ়ি দিল্লীলৈ যাবলৈ চেষ্টা কৰিছিল যদিও হাৰিয়ানাৰ পৰা অহা নিৰাপত্তাৰক্ষীয়ে বাধা দিছিল।
এম এছ পিৰ উপৰিও কৃষকসকলে ঋণ ৰেহাই, পেঞ্চন, বিদ্যুতৰ শুল্ক বৃদ্ধি নকৰা, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ, ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ বলি হোৱা লোকসকলৰ বাবে "ন্যায়"ৰ দাবীও জনাইছে।