প্ৰচণ্ড বৰষুণৰ বাবে মুম্বাইত জনজীৱন স্তব্ধ; বিমানসেৱা বিঘ্নিত

Story by  atv | Posted by  [email protected] • 2 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

মুম্বাই

সোমবাৰে পুৱাৰে পৰা মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত চহৰখনৰ চৌদিশে পানী জমা হৈছে। ইয়াৰ ফলত সমগ্ৰ চহৰখনতে বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে আৰু চহৰখনত স্বাভাৱিক জীৱন-যাপন স্তব্ধ হৈ পৰিছে। 
 
প্ৰচণ্ড বৰষুণৰ বাবে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া ২৭খন বিমান অন্য বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হৈছে। আহমেদাবাদ, হায়দৰাবাদ, ইন্দোৰ আদি চহৰলৈ বিমান সেৱা ডাইভাৰ্ট কৰা হৈছে বুলি বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। কেইবাখনো ৰেল সেৱাও বাতিল কৰা হৈছে। যোৱা নিশা ১ বজাৰ পৰা আজি পুৱা ৭ বজালৈ ছয় ঘন্টাৰ ভিতৰত মুম্বাইৰ বিভিন্ন স্থানত ৩০০ মিলিমিটাৰৰো অধিক বৰষুণ হোৱা বুলি চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়ে।
আন আন স্থানৰ লগতে আন্ধেৰী, কুৰলা, ভাণ্ডুপ, কিংছ চাৰ্কল, ভাইলে পাৰ্লে আৰু দাদৰকে ধৰি কেইবাটাও অঞ্চলত যথেষ্ট পৰিমাণৰ পানী জমা হোৱাৰ তথ্য পোৱা গৈছে। অবিৰত বৰষুণৰ লগতে ধুমুহাই ভাৰতৰ বিত্তীয় ৰাজধানীখনৰ বহু ঠাইত যাতায়ত স্থবিৰ কৰি তুলিছে।
 
ইফালে, প্ৰচণ্ড বৰষুণৰ ফলত বম্বে পৌৰ নিগমৰ অধীনস্থ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহত সোমবাৰে চৰকাৰে অৰ্ধ ছুটী ঘোষণা কৰিছে।