বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ চীন ভ্ৰমণ; LAC সীমান্ত যুদ্ধবিৰতি সম্পৰ্কে আলোচনা

Story by  atv | Posted by  Munni Begum • 1 d ago
বেইজিঙত চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুৰব্বী লিউ জিয়ানচাওক সাক্ষাৎ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ
বেইজিঙত চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুৰব্বী লিউ জিয়ানচাওক সাক্ষাৎ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ
 
নতুন দিল্লী 
 
দেওবাৰে বেইজিঙত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুৰব্বী লিউ জিয়ানচাওক সাক্ষাৎ কৰিছে। দুয়োপক্ষৰ বিবৃতি অনুসৰি লাডাখ সীমান্ত চুক্তিক লৈ ঐকমত্য ৰূপায়ণ, আলোচনা শক্তিশালী কৰাৰ উপায়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক বিষয়সমূহৰ ওপৰত দুয়োগৰাকী বিষয়াই আলোচনা কৰিছে।
 
মিশ্ৰীৰ এই ভ্ৰমণে ২০২৪ চনৰ শেষৰ ফালে ভাৰত আৰু চীনৰ মাজত লাভ কৰা আদান-প্ৰদানৰ ধাৰাবাহিকতাৰ স্বৰূপ। লাডাখত সামৰিক স্থবিৰতাৰ বাবে উত্তেজনাৰ পিছত ৰাজনৈতিক, অৰ্থনৈতিক আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এই ভ্ৰমণৰ লক্ষ্য লোৱা হৈছে। 
 
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে সংবাদ মাধ্যমৰ বৈঠকত কয় যে, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ বৈঠকৰ বাবে চীন ভ্ৰমণক আমি আদৰণি জনাইছো। মাওৱে লগতে কয় যে, যোৱা বছৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা বুজাবুজিৰ ওপৰত এই ভ্ৰমণৰ পৰিকল্পন কৰা হৈছে। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ভ্ৰমণৰ পূৰ্বে কয় যে, বৈঠকত দ্বিপাক্ষিক সম্পৰ্কৰ পৰৱৰ্তী পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব আৰু এল এ চি বিবাদৰ বিষয়ে বুজাবুজি বিচাৰিব। কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ, দেশসমূহৰ মাজত পোনপটীয়া বিমান সেৱা, চীনৰ নাগৰিকৰ বাবে ভিছাৰ সুবিধা প্ৰদানৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰাৰ সম্ভাৱনা আছে। 
 
যোৱা মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বেইজিং ভ্ৰমণ কৰাৰ পিছতে মিশ্ৰীয়ে এই ভ্ৰমণ কৰিছে। দুয়োপক্ষই সম্পৰ্ক সুস্থিৰ কৰাৰ লগতে অমীমাংসিত সমস্যাৰ ওপৰত কাম কৰাৰ দায়বদ্ধতাৰ ইংগিত দিছে। 


শেহতীয়া খবৰ