উত্তৰাখণ্ডৰ ১১ জিলাত মাটি কিনিব নোৱাৰিব বাহিৰাগতই

Story by  atv | Posted by  [email protected] • 1 d ago
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী
 
উত্তৰাখণ্ড
 
উত্তৰাখণ্ডৰ দৰে পাহাৰীয়া বাজ্যত হোটেল-ৰিজ'ৰ্ট আদি স্থাপনৰ বাবে বহিৰাগত উদ্যোগীয়ে ভূমি ক্রয় কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা বাধাৰ সন্মুখীন হ'ব। ৰাজ্যখনত কালি বলৱৎ কৰা নতুন ভূমি নীতিৰ অধীনত এতিয়াৰে পৰা উত্তৰাখণ্ডৰ মুঠ ১৩ খন জিলাৰ ভিতৰত ১১ খন জিলাত বহিৰাগতই ভূমি ক্ৰয় কৰিব নোৱাৰিব।
 
লক্ষণীয় যে উমৈহতীয়া দেবানী বিধি বলবৎ কৰা প্ৰথমখন ৰাজ্যত পৰিণত হোৱা উত্তৰাখণ্ডই এইবাৰ কৃষকৰ পৰা খেতি উপযোগী মাটি ক্রয় কৰিব নোৱাৰিব বুলি নতুন স্থিতি গ্রহণ কৰিছে। যোৱা এটা দশকত দেৱভূমি উত্তৰাখণ্ডত খেতি আৰু উদ্যান শস্যৰ বাবে উপযোগী মাটি বহিৰাগতই বিভিন্ন উপায়েৰে ক্ৰয় কৰাৰ প্রতিযোগিতা চলি আহিছে।
 
এই ব্যৱস্থা ৰোধ কৰিবলৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী চৰকাৰে বুধবাৰে নতুন ভূমি নীতি কাৰ্যকৰী কৰে। যদি কোনো লোকে ভূমি ক্রয় কৰিব বিচাৰে, তেন্তে তেওঁলোকে শপতনামাযোগে ভূমি ক্রয়ৰ উদ্দেশ্য সদৰী কৰিব লাগিব।