ৰাজ্যৰ বানে প্লাৱিত কৰিলে কাজিৰঙাৰ ৯৫টা বন শিবিৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
বানে প্লাৱিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য
বানে প্লাৱিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য
 
কাজিৰঙা
 
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানপানীয়ে ৯৫টা বন শিবিৰ প্লাৱিত কৰাৰ লগে লগে সংকটজনক ৰূপ ধাৰণ কৰিছে। উদ্যানখনত মুঠ ২৩৩টা শিবিৰ আছে। বানপানীৰ বাবে সম্প্ৰতি ৬ টা শিবিৰ খালী কৰিছে উদ্যান কৰ্তৃপক্ষই।
 
উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি আগৰাতোলি ৰেঞ্জৰ ৩৪টা, কাজিৰঙা ৰেঞ্জৰ ২০টা, বাগৰি ৰেঞ্জৰ ১০টা, বুৰাপাহাৰ ৰেঞ্জৰ ৫টা, বোকাখাত ৰেঞ্জৰ ৬টা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা শিবিৰ বানপানীয়ে বুৰাই পেলাইছে। 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে জনোৱা মতে, ১ জুলাই সোমবাৰে আগোৰাতোলি ৰেঞ্জৰ মোছগুলি কেম্পৰ সমীপৰ এখন কাঠৰ দলং বানপানীয়ে উটুৱাই লৈ গৈছে।  
 
বানাক্ৰান্ত কাজিৰঙাৰ বণ্যপ্ৰাণী
 
সঞ্চালক ঘোষে কয়, "হাতী দণ্ডী কৰিডৰেৰে কাৰ্বি আংলং অভিমুখে গঁড়ৰ জাক যাবলৈ আৰম্ভ কৰিছে। নগাঁও আৰু গোলাঘাট জিলাৰ অন্তৰ্গত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা গধুৰ যান-বাহনৰ গতিপথ সলনি কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। ফৌজদাৰী বিধি আইনৰ ১৪৪ নং ধাৰাও জাৰি কৰা হৈছে।" 
 
ঘোষে লগতে কয় যে, "উদ্ধাৰকাৰী দল আৰু পশু চিকিৎসা ইউনিটসমূহ তাৎক্ষণিক নিয়োগৰ বাবে সাজু হৈ আছে। নাও, নাও বন্ধা ৰছী, বেৰিকেড, ৰেইনকোট, উদ্ধাৰ সামগ্ৰী আৰু ঔষধ ক্ৰয় কৰা হৈছে আৰু ইতিমধ্যে নিয়োগ কৰা হৈছে। দ্ৰুত সঁহাৰিৰ বাবে মূল অঞ্চলসমূহত নাও, স্পীডবোট আৰু মেকানাইজড নাও কৌশলগতভাৱে নিয়োগ কৰা হৈছে।"   
 
ঘোষে লগতে কয় যে, "যাতায়ত নিয়ন্ত্ৰণ আৰু বন্যপ্ৰাণীৰ নিৰাপদ যাতায়ত নিশ্চিত কৰিবলৈ ঘাইপথত বেৰিকেড স্থাপন কৰা হৈছে। এনিমেল চেন্সৰ স্থাপন কৰা হৈছে আৰু সম্পূৰ্ণ কাৰ্যক্ষম। কমাণ্ডো একচন গ্ৰুপ আৰু বনকৰ্মীৰ যৌথ টহল নিয়মীয়াকৈ চলি আছে। বনকৰ্মীৰ টহল তীব্ৰতৰ কৰিবলৈ চুবুৰীয়া বিভাগৰ অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰা হৈছে। বন আৰু আৰক্ষী বিভাগৰ দ্বাৰা উদ্যানখনৰ ফ্ৰিঞ্জ এলেকাসমূহত যৌথ টহল চলোৱা হৈছে।"
 
বানাক্ৰান্ত কাজিৰঙাৰ বণ্যপ্ৰাণী
 
ঘোষে আৰু কয় যে, "কেন্দ্ৰীয় জল আয়োগৰ (চি ডব্লিউ চি) সহযোগত এটা নিৰ্দিষ্ট বানপানী গেজ ষ্টেচন স্থাপন কৰা হৈছে। বাস্তৱ সময়ৰ তথ্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ সমন্বয়ৰ বাবে এটা বান নিৰীক্ষণ কোষো সক্ৰিয় কৰা হৈছে।"         
 
ঘোষে কয় যে উদ্ধাৰকাৰী দল আৰু পশু চিকিৎসা ইউনিটসমূহ তাৎক্ষণিকভাৱে নিয়োগ কৰাৰ বাবে সাজু কৰি ৰখা হৈছে। কৰ্মচাৰী আৰু হাতীক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।    
 
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনিক বাৰ্তালাপৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ বানপানী মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। 
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বানপানীৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰী মোদীক বিশদভাৱে জনাইছে, প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ বিষয়ে আৰু লগতে ৰাজ্যই গ্ৰহণ কৰা সাহায্যৰ ব্যৱস্থাৰ বিষয়েও অৱগত কৰিছে। 
 
১ জুন সোমবাৰে এক্সত এক পোষ্টত শৰ্মাই কয় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে কিছু সময়ৰ আগতে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰিছিল। মই তেওঁক বুজাই দিলোঁ যে অৰুণাচল প্ৰদেশ আৰু আমাৰ উচ্চ অসম জিলাৰ কিছু অংশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই বছৰ অসমত দ্বিতীয়বাৰৰ বাবে বানপানীৰ সৃষ্টি হৈছে। মই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বিষয়েও তেওঁক অৱগত কৰিলোঁ। এই সংকটৰ সময়ত ভাৰত চৰকাৰৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছিল।"