আবু চেলেমৰ প্ৰত্যাৰ্পণৰ পৰিচালনা কৰা প্ৰাক্তন চিবিআই মুৰব্বী পি চি শৰ্মাৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 4 h ago
প্ৰাক্তন চিবিআই মুৰব্বী পি চি শৰ্মা
প্ৰাক্তন চিবিআই মুৰব্বী পি চি শৰ্মা
 
নতুন দিল্লী
 
আবু চেলেম (মুম্বাই বোমা বিস্ফোৰণৰ সন্দেহযুক্ত)ক প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত চিবিআইৰ প্ৰাক্তন সঞ্চালক পি চি শৰ্মাৰ ৮২ বছৰ বয়সত মৃত্যু হয়। তিনিদিন পূৰ্বে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু মঙলবাৰে সন্ধিয়া মৃত্যু হয়। বুধবাৰে তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব।
 
১৯৬৬ চনৰ অসম কেডাৰৰ আই পি এছ বিষয়া পি চি শৰ্মাই ২০০১ চনত চি বি আই (কেন্দ্ৰীয় তদন্ত ব্যুৰো)ৰ মুৰব্বী হৈ ২০০৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
 
১৯৭৮ চনত প্ৰথমবাৰৰ বাবে চিবিআইত যোগদান কৰা শৰ্মাই ২১ বছৰ ধৰি সংস্থাটোৰ বিভিন্ন পদত কাম কৰিছিল। ছিকিমত আৰক্ষী সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে ইন্টাৰপ’লৰ উপ-সভাপতিও আছিল। ইয়াৰ উপৰিও তেওঁ একেৰাহে দুটা কাৰ্যকাল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য আছিল।
 
বগা কলাৰৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰাৰ বাবেও তেওঁ স্বীকৃতি লাভ কৰিছিল, আনকি জটিল বিত্তীয় গোচৰ চম্ভালিবলৈ চাৰ্টাৰ্ড একাউণ্টেণ্টকো নিয়োগ কৰিছিল। তেওঁৰ সাহসী কাৰ্য্যৰ ভিতৰত আছিল দুৰ্নীতিৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ এজন অতিৰিক্ত ন্যায়াধীশক গ্ৰেপ্তাৰ কৰা আৰু দুৰ্নীতিৰ অভিযোগত বিত্ত ৰাজ্যিক মন্ত্ৰীৰ কাৰ্যালয়ত অভিযান চলোৱা।
 
২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ পত্নীক হেৰুৱাই। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ কন্যা আৰু জোঁৱাইক এৰি থৈ যায়। তেওঁৰ কন্যা আৰু জোৱাইক দুয়োগৰাকীয়ে অধিবক্তা।