দিল্লীত খহি পৰিল চাৰি মহলীয়া অট্টালিকা; ৬ জনৰ মৃত্যু বহু লোক আৱদ্ধ

Story by  atv | Posted by  Munni Begum • 14 h ago
দিল্লীত খহি পৰিল চাৰি মহলীয়া অট্টালিকা
দিল্লীত খহি পৰিল চাৰি মহলীয়া অট্টালিকা
 
নতুন দিল্লী 
 
শনিবাৰে পুৱতি নিশা দিল্লীৰ মুস্তাফাবাদ অঞ্চলত এটা চাৰি মহলীয়া অট্টালিকা খহি পৰিল। মুস্তাফাবাদ বিধান সভা সমষ্টিৰ দয়ালপুৰ আৰক্ষী থানাত অৱস্থিত ১ নং শক্তি বিহাৰ লেনত হঠাতে  খহি পৰিছি অট্টালিকাটো। অট্টালিকাটোৰ বহু লোক সম্প্ৰতি ধ্বংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।  
 
ঘটনাৰ সময়ত অট্টালিকাটোৰ অধিকাংশ লোক শুই আছিল, যাৰ বাবে বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। 
 
উত্তৰ-পূব জিলাৰ অতিৰিক্ত ডিচিপি সন্দীপ লাম্বাই জনোৱা মতে, এতিয়ালৈকে ১৪ জন লোকক নিৰাপদে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে, য’ত ৬ জন লোকৰ মৃত্যু হৈছে। এন ডি আৰ এফ আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে যোৱা ৬ ঘণ্টা ধৰি উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।
 
স্থানীয় ৰাইজৰ মতে, পুৱা প্ৰায় ৩ বজাত এটা প্ৰচণ্ড শব্দ শুনা পাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ অট্টালিকাটো ভাঙি পৰিছিল। মুস্তাফাবাদ অঞ্চলত অট্টালিকাটো ভাঙি পৰাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। চিচিটিভি ফুটেজত মাজনিশা অট্টালিকাটো তাচঘৰৰ দৰে খহি পৰা দেখিবলৈ পোৱা গৈছে।