Fri Mar 14 2025 4:47:37 AM
  • Follow us on
  • Subcribe

আজিৰে পৰা বৰপেটা সত্ৰ-বটদ্ৰৱা থানত দৌল উৎসৱ

Story by  atv | Posted by  ArifulIslam@gmail.com • 23 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব চাৰিদিনীয়া শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱ। কাইলৈ বন্ধুৎসৱ অর্থাৎ গন্ধযাত্রা। কাইলৈ সত্ৰৰ বিয়লিৰ প্ৰসংগৰ পিচত সত্ৰৰ ভিতৰত থকা মণিকূট গৃহৰ পৰা দৌলগোবিন্দক সত্ৰৰ পূব দুৱাৰেদি উলিয়াই আনি আইসকলৰ দুৱাৰডলিৰে লৈ গৈ টুপৰ চোতালেৰে ঘূৰাই মঠৰ চোতালত ৰখা হ'ব।
 
আনপিনে কলীয়াঠাকুৰ (শ্রীকৃষ্ণ) গোসাঁইক কীর্তন ঘৰৰ পশ্চিমফালে থকা ঘাইদুৱাৰেদি উলিয়াই আনি দুয়ো গোসাইক মঠৰ চোতালত এখন বৰশৰাইৰ ওপৰত ৰখা হ'ব। তাতেই গোসাঁইদ্বয়ক অধিবাস সম্পন্ন কৰি সন্ধিয়াৰ আগে আগে ভক্তিপ্রাণ ৰাইজে টুপৰ চোতাললৈ মেজি পুওৱাবলৈ আনিব। ৰাইজৰ সহযোগত ইকৰা-খাগৰিৰে টুপৰ চোতালত সাজি উলিওৱা মেজিৰ জুইৰ চাৰিওফালে দৌলগোবিন্দ আৰু কলীয়াঠাকুৰ গোসাঁইক সাতপাক ঘূৰাই প্রথমে যোগমোহন গৃহত ৰখা হ'ব আৰু নির্দিষ্ট ক্ষণ অনুসাৰে দৌল গৃহৰ সাতটা ছিৰিৰে সাতপাক ঘূৰাই দৌল গৃহত আৰোহণ কৰোৱা হ'ব।
 
গোসাঁইক মেজিৰ ওচৰলৈ অনাৰ সময়তে সমান্তৰালভাৱে বৰপেটাৰ থলুৱা উদ্যোগসমূহৰ দ্বাৰা নিৰ্মিত ৰং-বিৰঙৰ আতচবাজী প্ৰদৰ্শন কৰা হ'ব। দ্বিতীয় আৰু তৃতীয় দিনা ভৰদৌল। ভৰদৌলৰ দুদিন আইসকল আৰু বাপুসকলে নিত্য-প্ৰসংগৰ উপৰি যোগমোহন গৃহত নাম-প্ৰসংগ কৰিব আৰু বংশৰাসকলৰ দ্বাৰা গায়ন-বায়ন, কৃষ্ণ নৃত্য, ভোজন বেহাৰ, ঘোষা-কীৰ্তন আৰু ব্যাস কীর্তন অনুষ্ঠিত হ'ব। প্রথম ভৰদৌলৰ দিনা দৌলত থকা গোসাঁইক পূজাৰীয়ে নিত্য কর্মাদি সম্পন্ন কৰাৰ পিচত সত্ৰৰ বুঢ়াসত্ৰীয়াই ফাকুগুড়ি প্ৰদান কৰি ভক্তিপ্ৰাণ ৰাইজৰ বাবেও গোসাঁইক ফাকু দি সেৱা কৰা পৰ্ব আৰম্ভ কৰিব।
 
চতুর্থ দিনা হ'ব ফাকুৱা অথবা সুৱেৰী উৎসৱ। ইফালে ভৰদৌলৰ নিশাই গোসাঁইক দৌলগৃহৰ পৰা নমাই আনি কিছু সময় যোগমোহন গৃহত ৰাখি পিচত কীর্তন ঘৰৰ ঘাই দুৱাৰমুখৰ বাৰান্দাত ৰখা হ'ব। ফাকুৱাৰ দিনা বিয়লি গোসাঁইক পুনৰ মঠৰ চোতাললৈ উলিয়াই আনি বস্ত্ৰ-অলংকাৰ আদি পিন্ধাই দুয়ো গোসাঁইক দুখন চোতালত সুকীয়া সুকীয়াকৈ তুলি লৈ গায়ন-বায়ন সমন্বিতে ঢোল-খোল বজাই হেজাৰ-বিজাৰ লোকে হোলী গীতেৰে চৌদিশ মুখৰ কৰি বৰপেটা সত্ৰৰ দক্ষিণফালে থকা কলবাৰী (গণককুছি) সত্ৰলৈ হেকেটা খুৱাবলৈ নিব।
 
হেকেটা খোৱা পৰ্ব সামৰণিৰ পিচত গোসাঁইক পুনৰ বৰপেটা সত্ৰ অভিমুখে ওভতাই অনা হ'ব। গোসাঁই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰ-দালানৰ সন্মুখ পোৱাৰ লগে লগে টুপৰ চোতালত বাঁহ ভঙা কাৰ্য আৰম্ভ হ'ব। এই বাঁহ ভঙা কার্যত বৰপেটা সত্ৰৰ অন্তৰ্গত ২২ খন হাটীৰ ভকতসকলে অংশগ্রহণ কৰিব। বৰপেটাৰ ২২ খন হাটীৰ ভকতসকলে টুপৰ চোতালত চাৰিডাল ভলুকা বাঁহেৰে দুয়ো গোসাঁইক সত্ৰত প্ৰৱেশত বাধা প্ৰদান কৰি হেঙাৰ বান্ধিব। এডাল এডালকৈ চাৰিওডাল বাঁহ ভঙাৰ পিচত হেঙাৰমুক্ত হোৱাত গোসাঁইক মঠৰ চোতাললৈ নি কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্রদক্ষিণ কৰা হ'ব। গোসাঁইক সত্ৰৰ কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক ঘূৰাই থকাৰ সময়ত মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ বাদানুবাদৰ অৰ্ধনাটকীয় বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হ'ব।
 
গোসাঁইক কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক ঘুৰোৱা শেষ হোৱাৰ পিচত গোসাঁইক পুনৰ মণিকূট গৃহত প্ৰৱেশ কৰোৱা হ'ব। ইয়াৰ লগে লগে চাৰিদিনীয়া দৌলযাত্রা মহোৎসৱৰ সামৰণি পৰিব। দৌল মহোৎসৱ উপলক্ষে সত্ৰৰ ৰংগমঞ্চত চাৰিওদিনে সত্রীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। দৌল মহোৎসৱ চাবলৈ অহা তীর্থযাত্রীসকলক গন্ধযাত্ৰা আৰু ভৰদৌলৰ দুদিন চাউল, দাইল, আলু, নিমখ, খৰিৰে সিধা বিতৰণ কৰা হ'ব।