মহাৰাষ্ট্ৰৰ শৈলানী বাবা দৰগাহত সপ্তাহযোৰা গণেশ চতুৰ্থী পালন

Story by  atv | Posted by  [email protected] • 9 d ago
গণেশ চতুৰ্থীৰ সময়ৰ শৈলানী বাবাৰ দৰগাহৰ দৃশ্য
গণেশ চতুৰ্থীৰ সময়ৰ শৈলানী বাবাৰ দৰগাহৰ দৃশ্য
 
প্ৰজ্ঞা শিন্দে
 
বিচাৰিব জানিলে ঈশ্বৰক সকলোতে পাই। এই কথাই প্ৰমাণ হ'ল মহাৰাষ্ট্ৰৰ এখন দৰগাহত। প্ৰতি বছৰৰ দৰে এইবাৰো মহাৰাষ্ট্ৰৰ সম্ভাজিনগৰ চহৰৰ শৈলানী বাবাৰ দৰগাহত ভগবান গণেশৰ মূৰ্তি স্থাপন কৰি উলহ-মালহেৰে গণেশ উৎসৱ পালন কৰিব ওলাইছে। দৰগাহ খনত হিন্দু-মুছলমানসকলে একেলগে চলিত মাহৰ ৬ তাৰিখৰ পৰা সপ্তাহযোৰা গণেশ চতুৰ্থীত ভক্তিভাৱেৰে ভাগ লৈছে।
 
মায়ানগৰী মুম্বাইৰ পৰা ৭ কিলোমিটাৰ নিলগৰ পাডেগাঁও অঞ্চলৰ শৈনালী নগৰত অৱস্থিত মাজাৰটোৰ এই পৰম্পৰা প্ৰায় ৩০ বছৰ পূৰ্বৰে পৰা চলি আহিছে। আমোদজনক কথাটো হ'ল গণেশ উৎসৱৰ সময়ত মুছলমানসকলে নিৰবিচ্ছিন্নভাবে নামাজ আৰু অন্যান্য ধৰ্মীয় ৰীতি-নীতি আগবঢ়াই আৰু হিন্দু-মুছলমান উভয়ে গণেশ উৎসৱ উদযাপনত অংশগ্ৰহণ কৰে।
 
এই দৰগাহৰ চৌহদত ভগবান গণেশক স্থাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল শৈলানী বাবাৰ ভক্ত সদগুৰু শংকৰ বাবা পোঠিকাৰজীয়ে।মহাৰাষ্ট্ৰৰ বুলধনা অঞ্চলত শৈলানী বাবাৰ মূল দৰগাহ প্ৰতিষ্ঠিত হৈ আছে। যিটো অতি বিখ্যাত।
 
শৈলানী বাবাৰ দৰগাহৰ দৃশ্য
 
শংকৰ বাবা আছিল শৈলানী বাবাৰ শিষ্য আৰু তেওঁ পাডেগাঁৱত শৈলানী বাবাৰ দৰগাহৰ প্ৰতিৰূপ সাজিছিল। ইয়াৰ ফলত এই অঞ্চলটোৱে এক নতুন পৰিচয় লাভ কৰিলে। এই দৰগাহত শৈলানী বাবাৰ উৰুছ উৎসৱো পালন কৰা হয়।
 
৩০ বছৰ পূৰ্বে আৰম্ভ হোৱা এই পৰম্পৰা আজিও একে শ্ৰদ্ধা আৰু ভক্তিৰে চলি আছে। এই সিদ্ধান্ত সেই সময়ত অতি গুৰুত্বপূৰ্ণ আছিল, কিয়নো ই সমাজৰ গভীৰতালৈ ধৰ্মীয় সহনশীলতা আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিল।
 
শংকৰ বাবাৰ মৃত্যুৰ পিছত এই দৰগাহতে তেওঁৰ সমাধিও গঢ় লৈ উঠিছিল। পিছলৈ ইয়াত তেওঁৰ পত্নীৰ সমাধিও প্ৰতিষ্ঠা কৰা হয়, যাৰ বাবে এই ঠাইখন এক গুৰুত্বপূৰ্ণ ধৰ্মীয় তীৰ্থস্থানত পৰিণত হয়।
 
যোৱা তিনিটা দশক ধৰি ইয়াত গণেশ উৎসৱ অতি উৎসাহেৰে পালন কৰি আহিছে। প্ৰতি বছৰে গণেশৰ মূৰ্তি স্থাপন কৰা হয়। এই উপলক্ষে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে একেলগে এই উৎসৱ উপভোগ কৰে। এই স্থান এতিয়া হিন্দু-মুছলমান ঐক্যৰ প্ৰতীক হৈ পৰিছে, য’ত ভগৱান গণেশৰ পূজা আৰু নমাজ দুয়োটা একে ঠাইতে সম্পূৰ্ণ ভক্তিৰে সমাপন কৰা হয়।
 

শৈলানী বাবাৰ দৰগাহৰ দৃশ্য
 
এই দৃশ্যই প্যান্থেইজমৰ মনোভাৱক সজীৱ কৰি তোলে, য’ত ধৰ্মীয় উৎসাহ আৰু ঐক্যৰ এক অনন্য সংগম দেখা যায়। গণপতি আৰু নমাজৰ সমান্তৰাল আৰতিয়ে সমাজত সহনশীলতা আৰু ঐক্যৰ বাৰ্তা দিয়ে।
 
এই শৈলানী বাবাৰ দৰগাহ কেৱল ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ পৰাই নহয়, ই সামাজিক সম্প্ৰীতি আৰু সহনশীলতাৰ প্ৰতীক হৈ পৰিছে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে নিজৰ বিশ্বাস অনুসৰণ কৰি ঐক্যৰ আদৰ্শ দাঙি ধৰে।
 
শংকৰ বাবাৰ বোৱাৰী পল্লৱী পোঠিকাৰে কয়, "শংকৰ বাবাৰ আৰম্ভণিৰে পৰাই শৈলানী বাবাৰ ওপৰত গভীৰ বিশ্বাস আছিল। শৈলানী বাবা মুছলমান আছিল, গতিকে তেওঁৰ দৰগাহ ইয়াতেই আছে। শংকৰ বাবাৰ সমাধিও ইয়াত অৱস্থিত, গতিকে। ইয়াত সকলো ধৰ্মকে সন্মান জনোৱা হয়।"
 
দৰগাহ চৌহদত ভগৱান হনুমান আৰু মহাদেৱৰ মন্দিৰো অৱস্থিত। প্ৰতি বৃহস্পতিবাৰে গণপতি, মহাদেৱ (শিৱ ভগৱান)ৰ সৈতে শৈলানী বাবাৰ আৰতি কৰা হয়।"
 
শৈলানী বাবাৰ দৰগাহৰ দৃশ্য
 
পল্লৱীয়ে কয়, "এই ঠাইলৈ সকলো ধৰ্মৰ ভক্ত আহে। ইয়াত সকলো ধৰ্মৰ উৎসৱ পালন কৰা হয়। গণেশ উৎসৱৰ দৰে আমিও ইয়াত কালিকা মাতা আৰু তুলজা ভৱনী মাতাৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰো।"
 
দৰগাহ দৰ্শন কৰা ভক্ত আনোৱাৰ পাঠানে কয়, "দৰগাহ দৰ্শন কৰাৰ পিছত আধ্যাত্মিক তৃপ্তি পোৱা যায়। বাবাৰ সমাধিৰ লগতে ভগবান গণেশৰ প্ৰতিমূৰ্তি আছে। ইয়ালৈ সকলো ধৰ্মৰ মানুহ আহে। প্ৰতিটো উৎসৱ একেলগে পালন কৰে। শৈলানী বাবাৰ উৰুছ উৎসৱো অতি উৎসাহেৰে উদযাপন কৰা হৈছিল।"
 
বৃহস্পতিবাৰে এই দৰগাহত সকলো ধৰ্মৰ আৰতি, পূজা, নামাজ পঢ়া হয়। আজিৰ দিনটোত শংকৰ বাবাৰ বিশেষ অনুষ্ঠান সম্পন্ন কৰা হয়, তাৰ পিছত এঘাৰ বজাত সকলো ধৰ্মৰ আৰতি কৰা হয়।
 
এই দৰগাহ হিন্দু আৰু মুছলমান উভয়েই চোৱাচিতা কৰে। কিছু সামাজিক অপশক্তিয়েহে সৰু সৰু কাৰণত হিন্দু-মুছলমান সম্পৰ্কৰ বিভাজন বৃদ্ধিৰ বাবে কাম কৰে। তথাপিও আমাৰ ভাৰতবৰ্ষত শৈলানী বাবাৰ দৰগাহৰ দৰে সম্প্ৰীতিৰ বাৰ্তা বহন কৰা বহুত উদাহৰণ আছে।