চলিত বিত্তীয় বৰ্ষত জি ডি পিৰ বৃদ্ধি হাৰ ৬.৪ শতাংশতে সীমিত থকাৰ সম্ভাৱনা

Story by  atv | Posted by  Munni Begum • 21 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
চলিত বিত্তীয় বর্ষতে নহয়, ২০২৬ চন পর্যন্ত মন্দাৰ মাজতে অতিবাহিত কৰিব ভাৰতীয় অর্থনীতিয়ে। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ে মংলবাৰে প্রকাশ কৰা তথ্যত এই আশংকা ঘন হৈ পৰিছে। 
 
মন্ত্ৰ্যালয়ৰ তথ্যমতে, চলিত বিত্তীয় বৰ্ষত প্রকৃত জি ডি পিৰ বৃদ্ধি ৬.৪ শতাংশতে সীমিত ৰোৱাৰ সম্ভাৱনা আছে, যি বৃদ্ধি ২০২৩-২৪ বিত্তীয় বর্ষত আছিল ৮.২ শতাংশ। চলিত বিত্তীয় বৰ্ষৰ এই বৃদ্ধি বিগত চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন। আনকি এই বৃদ্ধি ভাৰতীয় ৰিজার্ভ বেংকে পূর্বানুমান কৰাতকৈও কম।  
 
ৰিজার্ভ বেংকৰ পূৰ্বৰ ভৱিষ্যদ্বাণীমতে চলিত বিত্তীয় বৰ্ষত জি ডি পিৰ বৃদ্ধিৰ হাৰ ৬.৬ শতাংশপর্যন্ত বৃদ্ধি পাব। জি ডি পি বৃদ্ধিৰ হাৰ আশানুৰূপ নহ'লে পৰিসংখ্যা আঁচনি ৰূপায়ণ মন্ত্র্যালয়ে ২০২৫ বিত্তীয় বৰ্ষত কৃষি আৰু সহঃ খণ্ডৰ বিকাশ ৩.৮ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। ২০২৪ চনৰ বিত্তীয় বর্ষত এই বৃদ্ধি আছিল ১.৫ শতাংশ মাত্র। একেদৰে নির্মাণ খণ্ড আৰু বিত্তীয়, ৰিয়েল ইষ্টেট, বৃত্তিধাৰী সেৱা খণ্ডৰ বিকাশৰ হাৰ ৮.৬ শতাংশ আৰু ৭.৩ শতাংশলৈ উধাব বুলি ম্যালয়ৰ সমীক্ষাত কোৱা হৈছে।  
 
দেশৰ বিকাশৰ হাৰ বৃদ্ধিৰ সৈতে মুদ্রাস্ফীতিৰ পোনপটীয়া সম্পর্ক আছে। বিগত সময়ছোৱাত মুদ্রাস্ফীতিয়ে কৰাল ৰূপ ধাৰণ কৰিছে। চলিত বিত্তীয় বৰ্ষত জি ডি পিৰ বৃদ্ধি ৬.৪ শতাংশত সীমিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ পোৱাৰ পিচতে দেশৰ কেইবাগৰাকীও অর্থনৈতিক বিশ্লেষক, অর্থনীতিবিদৰ মতে এই নিম্নমুখী ধাৰা ২০২৬ বিত্তীয় বর্ষতো অব্যাহত থাকিব। 
 
আই চি আৰ এ লিমিটেডৰ মুখ্য অর্থনীতিবিদ অদিতি নায়াৰৰ মতে, ২০২৬ বিত্তীয় বৰ্ষত জি ডি পিৰ বিকাশৰ হাৰ হ'ব ৬.৫ শতাংশ। ক্রিচিলৰ মুখ্য অর্থনীতিবিদ ধর্মাকীতি যোশীয়ে কয়, "পৰৱৰ্তী বিত্তীয় বর্ষত বিকাশৰ হাৰ সীমিত ৰ'ব ৬.৫ শতাংশত। আন্তঃগাঁথনি খণ্ডত চৰকাৰৰ বৰ্ধিত ব্যয়, খাৰুৱা তেলৰ নিম্ন মূল্য, স্বাভাৱিক মৌচুমী আৰু শিথিল মুদ্রানীতিৰ পূর্বানুমান কৰি আমি এই সিদ্ধান্তলৈ আহিছো।" 
 
অর্থনৈতিক নীতি নির্ধাৰকসকলে বর্ধিত ভূৰাজনৈতিক আৰু জলবায়ু সংকট আগত ৰাখি অর্থনৈতিক সিদ্ধান্ত লোৱাৰ বাবে সতর্ক হ'ব লাগিব। দেশত অর্থনৈতিক মন্দাৱস্থাৰ ডাৱৰ যে ক্রমাৎ ঘনীভূত হৈছে অর্থনৈতিক বিশ্লেষকসকলৰ পূর্বানুমানে তাৰ ইংগিত দিছে।