গুৱাহাটী
নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে ৫ টা ডাঙৰ উপহাৰ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আজি ৰাজ্যবাসীয়ে পাব এই উপহাৰ।
সন্তেক পিছতে ৯.৪৫ বজাত উচৰ্গা হ’ব পল্টনবজাৰৰ ফুট অভাৰ ব্ৰীজ। ১০.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিৰ নৱনিৰ্মাণৰ কাম আৰম্ভ কৰিব। ১০.৫০ বজাত ৰাজ্যবাসীৰ বাবে উচৰ্গিত হ’ব খানাপাৰাৰ মিনি ISBT। ৫৬ খন ইলেকট্ৰিক বাছৰ জড়িয়তে ফ্লেগ অফ কৰা হ’ব। ৩.৩০ বজাত অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ শিলান্যাস কৰা হ’ব। ৪.৪৫ বজাত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰা হ’ব।
বিকাশৰ দিশত আজি পহিলা জানুৱাৰী হ’ব বিশেষ দিন।ৰাজ্যবাসীৰ বাবে ৫ টাকৈ উপহাৰ দি বছৰৰ আৰম্ভ কৰিব ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।