ফেব্ৰুৱাৰীত জিএছটি বৃদ্ধি ৯.১%

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ভাৰতত পূৰ্বতকৈ বৃদ্ধি পাইছে মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ।  শনিবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত জিএছটি বৃদ্ধি পাইছে  ৯.১ শতাংশ। যাৰ বাবে এই পৰিসংখ্যা বৃদ্ধি হৈ হৈছে প্ৰায় ১.৮৪ লাখ কোটি টকা। ইয়াৰে কেন্দ্ৰীয় জিএছটিৰ পৰা মপ-আপ ৩৫,২০৪ কোটি টকা, ৰাজ্যিক জিএছটি ৪৩,৭০৪ কোটি টকা আৰু ইনটিগ্ৰেট জিএছটি ৯০,৮৭০ কোটি টকা।
 
উল্লেখযোগ্য যে, ঘৰুৱা লেনদেনৰ পৰা জিএছটিৰ ৰাজহ ১০.২ শতাংশ পৰা হৈছে ১.৪২ লাখ কোটি টকা। আনহাতে, আমদানিৰ পৰা অহা ৰাজহ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫.৪ শতাংশ বৃদ্ধি হৈ হৈছে ৪১,৭০২ কোটি টকা। 
 
কেৱল ইমানেই নহয়, ফেব্ৰুৱাৰী মাহৰ ভিতৰত মুঠ ৰিফাণ্ড  ১৭.৩ শতাংশ বৃদ্ধি হৈ হৈছে ২০,৮৮৯ কোটি টকা। এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত জি এছ টি  নেট সংগ্ৰহ  ৮.১ শতাংশ বৃদ্ধি পাই প্ৰায় ১.৬৩ লাখ কোটি টকা হৈছে। 
 
২০২৪ চনৰ ফেব্ৰুৱাৰীত ভাৰতৰ সৰ্বমুঠ জিএছটি ৰাজহ আছিল ক্ৰমে ১.৬৮ লাখ কোটি আৰু ১.৫০ লাখ কোটি টকা। কিন্তু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰছ  জিএছটি সংগ্ৰহ হ'ল ১.৮৪ লাখ কোটি টকা। একেদৰে ২০২৫ চনৰ জানুৱাৰী মাহত সংগ্ৰহ কৰা হৈছিল ১.৯৬ লাখ কোটি টকা। 
 
টেক্স কানেক্ট এডভাইজাৰী চাৰ্ভিচেছৰ এল এল পিৰ সহযোগী বিবেক জালানে সদৰি কৰে, "এইবাৰৰ জি এছ টি সংগ্ৰহ প্ৰায় নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছে। ২৫ বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটি ৪.৮ শতাংশ যিটো বাজেটত উল্লেখ কৰা ৪.৯ শতাংশতকৈ কম।"