নতুন দিল্লী
২১ ডিচেম্বৰত অনুষ্ঠিতব্য জি এছ টি পৰিষদৰ বৈঠকত চিগাৰেট, পাণমচলা, গুটখা, এনার্জী ড্রিকংছ, চামৰাৰ বেগ, ঘড়ী, জোতাকে ধৰি বহুল ব্যৱহৃত সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ আশংকা বৃদ্ধি পাইছে।
জি এছ টিৰ মন্ত্রী গোটে সোমবাৰে দাখিল কৰা প্ৰতিবেদন যদি জি এছ টি পৰিষদে গ্ৰহণ কৰে, তেন্তে ধপাত প্রস্তুত তথা পাণ সামগ্ৰীকে ধৰি অন্যান্য নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হ'ব।
২১ ডিচেম্বৰত ৰাজস্থানৰ পৰ্যটন নগৰী জয়ছেলমেৰত কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাত জি এছ টি পৰিষদৰ বৈঠকখন অনুষ্ঠিত হ'ব। জি এছ টিক লৈ গঠিত মন্ত্রী গোটৰ প্ৰতিবেদনত বৰ্তমানৰ চাৰিটা কৰ স্তৰক পাঁচটালৈ বৃদ্ধি কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে।
এই নতুন স্তৰটো হ'ব ৩৫ শতাংশৰ। নতুন স্তৰটোত বর্তমান ২৮ শতাংশ কৰ আৰোপিত হৈ থকা চিগাৰেট, অন্যান্য ধপাত প্রস্তুত সামগ্রী, পাণমচলা, গুটখা, এনার্জী ড্রিংকছত জি এছ টি ৩৫ শতাংশলৈ বৃদ্ধিৰ প্রভাৱ আগবঢ়াইছে মন্ত্রী গোটে। চিগাৰেট, পাণমচলা আৰু ধপাতৰ দৰে পাণ-সামগ্ৰীক সুকীয়া স্তৰত ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া হৈছে প্রতিবেদনখনত।
অকল এই সামগ্রীখিনিকে নহয়, বর্তমানে ১৮ শতাংশ কৰ স্তৰত থকা প্রসাধন সামগ্রী, চামৰাৰ বেগ, ঘড়ী, জোতা, বিলাসী গাড়ীৰ জি এছ টি ২৮ শতাংশলৈ বৃদ্ধিৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে। নিত্যব্যৱহাৰ্য ঘড়ী, জোতাৰ দৰে সামগ্ৰীৰ জি এছ টি বৃদ্ধি ঘটিব।
অৱশ্যে ৫ লাখ টকাপর্যন্ত স্বাস্থ্য বীমাৰ পলিচীত থকা বর্তমান ১৮ শতাংশ জি এছ টি ৫ শতাংশলৈ হ্রাসবো প্রস্তাৱ দিয়া হৈছে মন্ত্ৰী গোটৰ প্ৰতিবেদনত। স্বাস্থ্য বীমা সহজসাধ্য কৰাৰ বাবেই এই প্রস্তাৱ দিয়া হৈছে। উল্লেখ্য যে, ২০২৩-২৪ বিত্তীয় বর্ষত বীমা পলিচীৰ পৰা ১৬ হেজাৰ কোটি টকা জি এছ টি সংগ্ৰহ কৰে কেন্দ্রই।