হাৰিয়ানা বিধানসভা নিৰ্বাচনঃ মুছলমান প্ৰধান মেৱাটৰ তিনিওখন আসন কংগ্ৰেছে ধৰি ৰাখিব পাৰিবনে?

Story by  atv | Posted by  [email protected] • 14 h ago
হাৰিয়ানা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কেইগৰাকীমান প্ৰাৰ্থী
হাৰিয়ানা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কেইগৰাকীমান প্ৰাৰ্থী

আৱাজ দ্য ভইচ / নতুন দিল্লী

মুছলমান প্ৰধান মেৱাটত কংগ্ৰেছে নিজৰ তিনিখন বিধানসভাৰ আসন ধৰি ৰাখিব পাৰিবনে? এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৈতে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে হাৰিয়ানা বিধানসভাৰ ভোটদান। এইবাৰ মেৱাটৰ নুহ অঞ্চলৰ বৰ্তমানৰ বিধায়ক চৌধুৰী আফতাব আহমেদে বিজেপিৰ সঞ্জয় সিঙৰ পৰা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে।
 
ইয়াৰ উপৰিও ফিৰোজপুৰ ঝিৰকাৰ আৰু পুনহানা আসনত কংগ্ৰেছৰ মমমান খান ইঞ্জিনিয়াৰ আৰু চৌধুৰী মহম্মদ ইলিয়াছে বিজেপিৰ পৰা প্ৰত্যহ্বান লাভ কৰিছে। ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ইয়ালৈ আহিবলগীয়া হোৱাটোৱে মেৱাটৰ এই তিনিখন আসন কংগ্ৰেছৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথাৰ প্ৰমাণ দাঙি ধৰে।
 
পূৰ্বৰ নিৰ্বাচনত প্ৰচাৰৰ বাবে অঞ্চলটোলৈ আহিছিল ছোনিয়া গান্ধী। শাসনাধিষ্ঠিত বিজেপিয়ে ৰাজ্যখনত জয়ৰ হেট্ৰিক অর্জন কৰাৰ চেষ্টা চলাইছে যদিও কংগ্রেছে এদশকৰ পাছত পুনৰ প্রত্যাৱর্তন ঘটাব বুলি আশা কৰিছে৷ 
 
উল্লেখ্য যে, পঞ্চদশ হাৰিয়ানা বিধানসভা নিৰ্বাচনত শনিবাৰে ২.০৩ কোটি ভোটাৰে ভোটদান কৰে। এই নিৰ্বাচনত ৰাজ্যৰ ৯০টা বিধানসভা সমষ্টিত কঠোৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে, য’ত ১০১গৰাকী মহিলা আৰু ৪৬৪গৰাকী নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি ১০৩১জনতকৈ অধিক প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণত নামিছে।
 
নিৰ্বাচনত প্ৰধান প্ৰতিদ্বন্দ্বী দলসমূহ হ’ল বিজেপি, কংগ্ৰেছ, আপ, আইএনএলডি-বিএছপি আৰু জেজেপি-আজাদ সমাজ পাৰ্টি। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ২০,৬৩২ টা বুথত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, য’ত ১,০৭,৭৫,৯৫৭ জন পুৰুষ, ৯৫,৭৭,৯২৬ গৰাকী মহিলা আৰু ৪৬৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে।
গণতান্ত্ৰিক প্ৰক্ৰিয়াত মুঠ ১,৪৯,১৪২ জন প্ৰতিবন্ধী ভোটাৰ, ৮৫ বছৰৰ ওপৰৰ ২,৩১,০৯৩ জন আৰু ৮,৮২১ শতবৰ্ষীয় ভোটাৰেও অংশগ্ৰহণ কৰিব। ২০২৪ চনৰ ৮ অক্টোবৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। 
 
হাৰিয়ানাৰ দক্ষিণ অংশত অৱস্থিত সোহনা বিধানসভাৰ আসনখনত এইবাৰ কঠোৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে, কিয়নো ইয়াৰ নিৰ্দলীয় প্ৰাৰ্থী এজনে বিজেপি আৰু কংগ্ৰেছ উভয়কে প্ৰত্যাহ্বান জনাইছে। ২০১৪ চনত জয়লাভ কৰি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ তেজপাল তনৱাৰৰ মুখামুখি হৈছে কংগ্ৰেছৰ ৰোহতাছ সিং খাটানা, যিজন প্ৰাৰ্থী গুজ্জাৰ ভোটাৰৰ মাজত যথেষ্ট প্ৰভাৱ থকা প্ৰাৰ্থী। কিন্তু দলীয় টিকট অস্বীকাৰ কৰি বিদ্ৰোহ কৰা এগৰাকী প্ৰাক্তন বিজেপি নেতাকে ধৰি দুগৰাকী শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীৰ উপস্থিতিয়ে প্ৰতিদ্বন্দ্বিতা জটিল কৰি তুলিছে।
 
ইফালে, হাৰিয়ানাৰ জুলানা সমষ্টিত দুগৰাকী মহিলা মল্লযুঁজাৰু, এগৰাকী পেছাদাৰী পাইলট আৰু এগৰাকী অৱসৰপ্ৰাপ্ত কৰ বিষয়াৰ মাজত চলি থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাই সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে।
 
আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ প্ৰাৰ্থী অলিম্পিয়ান ভিনেশ ফোগাটে।  WWEত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিচিত আম আদমি পাৰ্টিৰ আন এগৰাকী মল্লযুঁজাৰু কবিতা দলালৰ বিৰুদ্ধে ফোগাটে থিয় দিছে।
আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী যোগেশ বৈৰাগী হৈছে এজন পেছাদাৰী পাইলট, আৰু জননায়ক জনতা পাৰ্টিৰ বৰ্তমানৰ বিধায়ক অমৰজীত সিং ধনদাও ৰণত নামিছে। 
 
"জুলানাৰ বোৱাৰী" হিচাপে প্ৰচাৰ চলাই থকা ভিনেশ ফোগাটে স্বামীৰ স্থানীয় অঞ্চলৰ পৰা প্ৰেৰণা লোৱাৰ বিপৰীতে ওচৰৰ গাঁৱত বাস কৰা কবিতা দলালে নিজকে "জুলানাৰ কন্যা" হিচাপে উপস্থাপন কৰিব বিচাৰিছে। ৪০% জাট ভোটাৰৰ লগতে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ বৃহৎ জনসংখ্যা থকা জুলানাৰ ভোটাৰ নিবনুৱা সমস্যা, আন্তঃগাঁথনি আৰু শিক্ষাৰ বিষয়ক লৈ বিভক্ত। জুলানাৰ ফলাফলে হয়তো ইংগিত দিব যে ফোগাটৰ ষ্টাৰডমে স্থানীয় নেতাক প্ৰতিহত কৰিব পাৰিব নে নাই? 
 
কুৰুক্ষেত্ৰ জিলাৰ এখন সৰু চহৰ লাডৱা মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীৰ প্ৰাৰ্থীত্বৰ বাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে শীৰ্ষ পদ গ্ৰহণ কৰা ছাইনী অ’বিচি ছাইনী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। এই সমষ্টিৰ পৰা তেওঁ প্ৰথম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক মেৱা সিং আৰু ভাৰতীয় জাতীয় লোকদলৰ সপনা বৰষামীৰ পৰা তেওঁ কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে।