হাথৰাছৰ স্বয়ম্ভূ আধ্যাত্মিক গুৰু 'ভোলে বাবা' নিৰুদ্দেশ

Story by  atv | Posted by  Munni Begum • 2 d ago
স্বয়ম্ভূ আধ্যাত্মিক গুৰু 'ভোলে বাবা'
স্বয়ম্ভূ আধ্যাত্মিক গুৰু 'ভোলে বাবা'
 
হাথৰাছ (উত্তৰ প্ৰদেশ)
 
উত্তৰ প্ৰদেশ আৰক্ষীয়ে মইনপুৰী জিলাৰ ৰাম কুটিৰ চেৰিটেবল ট্ৰাষ্টত 'ভোলে বাবা'ৰ সন্ধানত এক তালাচী অভিযান চলাইছে। কিয়নো মংগলবাৰে তেওঁ আয়োজন কৰা 'সৎসঙ্গত' অনুষ্ঠানত ১১৬ জন লোকৰ মৃত্যু হৈছে। কিন্তু তেওঁ (ভোলে বাবা) সৎসঙ্গ অনুষ্ঠানত উপস্থিত নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী বিষয়া সুনীল কুমাৰে কয়, "আমি বাবা জীক ট্ৰাষ্টৰ চৌহদৰ ভিতৰত বিচাৰি নাপালোঁ। তেওঁ ইয়াত নাই।"  
 
ইফালে হাথৰাছৰ ভয়াবহতাত পত্নী, মাতৃ আৰু ১৬ বছৰীয়া কন্যাক হেৰুৱা বিনোদে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি তেওঁ সকলো হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰিছে।
 
এএনআইৰ সৈতে হোৱা কথোপকথনত বিনোদে কয়, "মই জনা নিছিলো যে, তিনিওজনেই সৎসঙ্গলৈ গৈছে। কাৰণ মই কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ গৈছিল। মোক এজন ব্যক্তিয়ে  খবৰ দিছিল যে সৎসঙ্গত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈ পদপিষ্টত বহু লোকৰ মৃত্যু হৈছে তাৰ পিছত মই সেই স্থানত উপস্থিত হৈ গম পালোঁ যে মোৰ ১৬ বছৰীয়া ছোৱালী, মা আৰু পত্নীৰো পদপিষ্টত মৃত্যু হৈছিল। মই তাত মোৰ মাৰ মৃতদেহও বিচাৰি নাপালোঁ।"  
 
বিনোদে লগতে কয়, "এতিয়া মোৰ ওচৰত একো নাই... মোৰ সকলো শেষ হৈ গ'ল।" হাথৰাছ ট্ৰেজেডীৰ বলি হোৱা আন এগৰাকী ১৬ বছৰীয়া কিশোৰৰ মাতৃ কমলাই কন্যা ৰোশনীৰ মৃত্যুত শোক প্ৰকাশ কৰে। 
 
তেওঁ কয়, "ভোলা বাবাৰ সৎসঙ্গলৈ অহা মোৰ ২০ বছৰ হ'ল। আজি মই মোৰ ১৬ বছৰীয়া ছোৱালীজনীৰ সৈতে সৎসঙ্গত অংশগ্ৰহণ কৰিবলৈ আহিছিলো আৰু দুপৰীয়া ২ বজাৰ আশে-পাশে ইয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মই আৰু মোৰ ছোৱালীজনী সামান্য আঘাতপ্ৰাপ্ত হৈছিলো। তাই ঠিকেই আছিল কিন্তু চিকিৎসালয় পোৱাৰ লগে লগে তাই অচেতন হৈ পৰিল, পিছলৈ চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰিলে।"
 
মৃত ৩.৫ বছৰীয়া এটি শিশুৰ খুৰাক কুঁৱৰ পালে কয়, শিশুটি মাকৰ সৈতে সৎসঙ্গলৈ আহিছিল। মাক এতিয়াও সন্ধানহীন। আমি আলিগড়ৰ বাসিন্দা।
 
ইফালে মৃত গুড়িয়া দেৱীৰ স্বামী মেহতাবে কয়, "মই বহুবাৰ বাবাৰ সৎসঙ্গত অংশগ্ৰহণন কৰাত বাধা দিবলৈ চেষ্টা কৰিছিলো, কিন্তু গুড়িয়াই শুনা নাছিল। গুড়িয়াই আমাৰ ছোৱালী জনী আৰু চুবুৰীয়া দুগৰাকী মহিলাৰ সৈতে সৎসঙ্গ লৈ আহিছিল। আৰু এই ঘটনাত মোৰ পত্নীৰ মৃত্যু হয় আৰু মোৰ ছোৱালী সুৰক্ষিত।"  
 
আলিগড়ৰ পৰা অহা এগৰাকী ভুক্তভোগীৰ পৰিয়ালৰ সদস্য হীৰালালে কয় যে, "মোৰ সমগ্ৰ পৰিয়ালে বাছত যাত্ৰা কৰি সৎসঙ্গত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এই পদপিষ্টত আহত হোৱা ভনীয়েকৰ বাহিৰে তেওঁৰ পৰিয়ালৰ সকলো সদস্য ঠিকেই আছে।" 
 
উল্লেখ্য যে, এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।