ৰাজ্যত ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত বাধা উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  Munni Begum • 6 h ago
ম'হযুঁজ
ম'হযুঁজ
 
গুৱাহাটী
 
অসমত পৰম্পৰাগতভাৱে চলি অহা ম'হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। কিয়নো অসম চৰকাৰে ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি প্রদান কৰি ২০২৩ জনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নির্দেশনা, এছ অ পি  গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।  
 
পিপল ফৰ দ্য এথিকেল ট্রিটমেন্ট অব এনিমেলছ (পেটা) ইণ্ডিয়া নামৰ এটা সংগঠনে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ এছ অ' পি খাৰিজ কৰাৰ লগে লগে মাঘ বিহুৰ সময়ত ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হ'ল।  
 
উল্লেখযোগ্য যে, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মাঘ বিহু নির্ধাৰিত সময়ত ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দি এখন এছ অ' পি প্রকাশ কৰিছিল। কিন্তু চৰকাৰে জাৰি কৰা এনে এছ অ' পিক প্রত্যাহ্বান জনাই পেটা নামৰ সংগঠনটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। 
 
সংগঠনটোৰ হৈ যুক্তি আগবঢ়াই জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে ন্যায়ালয়ত কয় যে, ম'হ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে জাৰি কৰা এছ অ' পিখনে জীৱ-জন্তুৰ বিৰুদ্ধে ক্রুৰতা প্রতিৰোধ আইন, ১৯৬০ৰ বিধি-ব্যৱস্থা উলংঘা কৰিছে। লগতে জ্যেষ্ঠ অগ্নিবক্তা দাসে কয় যে, জীৱ-জন্তুৰ বিৰুদ্ধে ক্রুৰতা প্রতিৰোধ আইনখন এখন কেন্দ্রীয় আইন। 
 
গতিকে ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে আইনখনৰ যাৱতীয় সংশোধনী ননাকৈ ৰাজ্য চৰকাৰে কোনো অধিসূচনা, এছ অ' পি, গাইডলাইন জাৰি কৰিব নোৱাৰে। অনুৰূপ ধৰণে অসম চৰকাৰে জাৰি কৰা এছ অ' পিখনে উচ্চতম ন্যায়ালয়ে এনিমেল ৱেলফেয়াৰ ব'র্ড বনাম এ নাগার্জুন আৰু অন্যান্য গোচৰটোত দিয়া নির্দেশনা উলংঘা কৰা বুলি জ্যেষ্ঠ অধিবক্তা দাসে যুক্তি দর্শায়। 
 
ইয়াৰ বিপৰীতে অসম চৰকাৰৰ অধিবক্তাই কয় যে, ম'হ, বুলবুলি চৰাইৰ যুঁজক লৈ গুচৰীয়া সংগঠনটোৱে যিসমূহ উদ্বিগ্নতা প্রকাশ কৰিছে, সেয়া এছ অ' পিখনৰ জৰিয়তে ইতিমধ্যে সমাধান কৰা হৈছে। এনে প্রেক্ষাপটত এছ অ' পিখনত হস্তক্ষেপ কৰাৰ কোনো প্রয়োজন নাই বুলি অসম চৰকাৰে যুক্তি দর্শায়। পিচত ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনি, গোচৰৰ সকলো দিশ পৰীক্ষা কৰি ম'হ, বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দি অসম চৰকাৰে জাৰি কৰা এছ অ'পি নির্দেশনা খাৰিজ কৰিছে।  
 
অসম চৰকাৰৰ এনে নির্দেশনা, এছ অ'পি জীৱ-জন্তুৰ বিৰুদ্ধে ক্রুৰতা প্রতিৰোধ আইন, ১৯৩০, বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপন্থী, সেই যুক্তিত পতিয়ন যায় উচ্চ ন্যায়ালয়। লগতে ন্যায়ালয়ে জীৱ-জন্তুৰ বিৰুদ্ধে ক্রুৰতা প্রতিৰোধ আইনখনৰ বিধি-ব্যৱস্থাসমূহ যাতে সঠিকভাৱে পালন হয়, সেয়া নিশ্চিত কৰিবলৈ অসম চৰকাৰক নির্দেশ প্রদান কৰে।