হিন্দু সমাজে মতানৈক্য দূৰ কৰি একত্ৰিত হ’ব লাগিবঃ আৰএছএছৰ মূৰব্বী মোহন ভাগৱত

Story by  atv | Posted by  [email protected] • 9 h ago
আৰএছএছৰ মূৰব্বী মোহন ভাগৱত
আৰএছএছৰ মূৰব্বী মোহন ভাগৱত
 
বৰণ নগৰ (ৰাজস্থান)

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে হিন্দু সমাজক নিজৰ নিৰাপত্তাৰ বাবে ভাষা, জাতি আৰু দেশৰ পাৰ্থক্য আৰু বিবাদ দূৰ কৰি একত্ৰিত হ’বলৈ আহ্বান জনাইছে। শনিবাৰে ৰাজস্থানৰ বৰণ নগৰৰ কৃষি উপজ মন্দিত আৰ এছ এছৰ স্বেচ্ছাসেৱী সমাৱেশত ভাষণ দি ভাগৱতে কয় যে আচৰণৰ অনুশাসন, দেশৰ প্ৰতি কৰ্তব্য আৰু লক্ষ্যমুখী হোৱাৰ গুণ থকাটো সমাজত অতি প্ৰয়োজনীয়।
 
"নিজৰ নিৰাপত্তাৰ বাবে হিন্দু সমাজে ভাষা, জাতি, দেশৰ পাৰ্থক্য আৰু বিবাদ দূৰ কৰি একত্ৰিত হ'ব লাগিব। সমাজ এনেকুৱা হ’ব লাগে যাতে সংগঠন, সদিচ্ছা আৰু অন্তৰংগতাৰ অভ্যাস থাকে। আচৰণৰ অনুশাসন, ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য আৰু লক্ষ্যমুখী হোৱাৰ গুণ সমাজত খুৱ প্ৰয়োজনীয়। সমাজখন কেৱল মোৰ আৰু মোৰ পৰিয়ালে গঢ়ি তোলা নাই; বৰঞ্চ আমি সমাজৰ প্ৰতি সৰ্বোচ্চ চিন্তা কৰি আমাৰ জীৱনত ঈশ্বৰক লাভ কৰিব লাগিব।"-তেওঁ কয়। 

তেওঁ কয় যে ভাৰত এখন ‘হিন্দু দেশ’। গতিকে দেশক সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত হিন্দুসকলৰ দায়িত্ব আছে। ইয়াত বসবাস কৰা সকলো লোকৰ ‘সকলো পন্থা’ক সাঙুৰি হিন্দু শব্দটো ব্যৱহাৰ কৰা হয়।

"ভাৰত হিন্দু দেশ। আমি ইয়াত প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছো, যদিও হিন্দু নামটো বহু পিছতহে আহিছিল। প্ৰাচীন কালৰ পৰা ইয়াত বসবাস কৰা ভাৰতৰ সকলো পন্থাক সাঙুৰি হিন্দু শব্দটো ব্যৱহাৰ কৰা হয়। হিন্দুসকলে সকলোকে নিজৰ বুলি গণ্য কৰে আৰু সকলোকে গ্ৰহণ কৰে। হিন্দুৱে কয় যে আমি শুদ্ধ আৰু আপোনালোকো আপোনালোকৰ ঠাইত শুদ্ধ।"-ভাগৱতে কয়।

 
মোহন ভাগৱতে উল্লেখ কৰে যে আৰ এছ এছৰ কাম যান্ত্ৰিক নহয়, বৰঞ্চ চিন্তাভিত্তিক আৰু আৰ এছ এছে কৰা কামৰ সৈতে তুলনা কৰিব পৰাকৈ ‘পৃথিৱী’ত কোনো কাম নাই। তেওঁ কয় যে সংঘৰ বাবে মূল্যবোধ গোটৰ নেতা এজনৰ পৰা স্বেচ্ছাসেৱকলৈ আৰু তেওঁলোকৰ পৰা স্বেচ্ছাসেৱকৰ পৰিয়ালৰ সদস্যলৈকে যায়। এইটোৱেই আছিল সংঘৰ ব্যক্তিত্ব বিকাশৰ পদ্ধতি।
 
ৰাজস্থান আঞ্চলিক সংঘচালক ৰমেশ আগৰৱালা, চিত্তৰ প্ৰদেশৰ সংঘচালক জগদীশ সিং ৰানা, বৰণ সংমণ্ডল সংঘচালক ৰমেশ চান্দ মেহতা আৰু বৰণ জিলা সংঘচালক বৈদ্য ৰাধেশ্যাম গাৰ্গ আদিও অনুষ্ঠানত উপস্থিত থাকে।