গুৱাহাটী
'মুছলমানসকলৰ পৰা হিন্দুৰ কেতিয়াও বিপদ হোৱা নাই। হিন্দুক বিপদত পেলোৱা, হিন্দুক দুৰ্বল কৰা ব্যক্তি আমাৰ মাজতেই আছে, হিন্দু সমাজতেই আছে। হিন্দুসকলৰ ইতিহাস ৫ হেজাৰ বছৰ পুৰণি, হিন্দুক কোনেও বিপদত পেলাব নোৱাৰে। ভাৰতবৰ্ষত যেতিয়ালৈকে হিন্দু ধর্ম থাকিব, তেতিয়ালৈকে সকলো ধর্ম সুৰক্ষিত হৈ থাকিব।' এই অভিমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে কলকাতাত বিবেকানন্দ সেৱা সন্মান ২০২৫ শীর্ষক অনুষ্ঠানত ভাগ লৈ এনেদৰে কয় অসমৰ মুখ্যমন্ত্রী শর্মাই।
মুখ্যমন্ত্রীয়ে লগতে কয়, "৫ হেজাৰ বছৰ পূৰ্বে ভাৰতবৰ্ষৰ সৃষ্টি হৈছিল। ভাৰত এখন দেশ নহয়, এটা সভ্যতা। বিশ্বতে এনে সভ্যতা বিৰল। ৰাহুল গান্ধী, মমতা বেনার্জীয়ে হিন্দু ধর্ম শেষ হৈ যাব বুলি ভাবিব পাৰে। ঔৰংগজেৱৰ দৰে ৰাহুল গান্ধী, মমতা বেনার্জী শেষ হৈ যাব, কিন্তু শেষ হৈ নাযায় হিন্দু ধর্ম। কংগ্ৰেছৰ দিনত ধৰ্মান্তৰকৰণ বাঢ়িছিল। হিন্দু ধর্মক গালি পৰাসকলে পদ্মশ্রী পাইছিল। হিন্দু ধর্মক কংগ্রেছে কাঠগৰাত তুলিছিল।"
মুখ্যমন্ত্রী শর্মাই কয়, "নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হ'ল আৰু ইতিহাসৰ পৃষ্ঠাৰ পৰা তিনি তালাকৰ দৰে আইন লুপ্ত হৈ পৰিল। এতিয়া ৱাকফ ইতিহাসলৈ পৰিণত হ'ব আৰু ইউ চি চিও আহিব। আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে আমাৰ ভৱিষ্যৎ প্রজন্মৰ মাজত স্বামী বিবেকানন্দৰ আদৰ্শক জীয়াই তুলি একো একোগৰাকী স্বামী বিবেকানন্দৰ সৃষ্টি কৰা। ভৱিষ্যৎ প্রজন্মক হিন্দু হিচাপে গৌৰৱবোধ কৰোৱা আৰু তেওঁলোকক আমাৰ সংস্কৃতিৰ মূল্যবোধ শিকোৱাটো আমাৰ অন্যতম মুখ্য দায়িত্ব হোৱা উচিত।"