ঈদ উৎসৱে সমাজত আশা, সম্প্ৰীতি আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰক; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঈদ-উল-ফিতৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "আটাইলৈ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনালো। এই উৎসৱে আমাৰ সমাজত আশা, সম্প্ৰীতি আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰক। সকলো প্ৰচেষ্টাতে আপোনালোক আনন্দিত আৰু সফল হওক। ঈদ মুবাৰক!"
 
ইফালে, ঈদ উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও শুভেচ্ছা জ্ঞাপন কৰে। "সকলো দেশবাসীক বিশেষকৈ মুছলমান ভাই-ভনীসকললৈ ঈদ-উল-ফিতৰৰ শুভক্ষণত শুভেচ্ছা জনাইছো। এই উৎসৱে ভাতৃত্ববোধক শক্তিশালী কৰাৰ লগতে কৰুণা আৰু দান-বৰঙণি গ্ৰহণৰ বাৰ্তা প্ৰদান কৰে। এই উৎসৱে যাতে সকলোৰে জীৱনত শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে আৰু সকলোৰে অন্তৰত ভালৰ পথত আগবাঢ়ি যোৱাৰ মনোভাৱক শক্তিশালী কৰে, তাৰেই কামনা কৰিলোঁ।"-ছ’চিয়েল মিডিয়া এক্সত উৰ্দু ভাষাত ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে পোষ্ট কৰে।
লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও দেশবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। ছ'চিয়েল মিডিয়া এক্সত তেওঁ লিখিছে, "ঈদ মুবাৰক! এই আনন্দময় অনুষ্ঠানটোৱে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনলৈ সুখ, শান্তি, সমৃদ্ধি, আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।"
 
উল্লেখ্য যে, ঈদে দান-বৰঙণি, দয়া, মমতাৰ মূল্যবোধক শক্তিশালী কৰে। এই সময়ছোৱাত জাকাত দিয়াৰ উপৰিও বহুতে দুখীয়া-দৰিদ্ৰসকলক খাদ্য, কাপোৰ-কানি আৰু অন্যান্য ধৰণ সহায় আগবঢ়ায়।