বিষাক্ত সাপ, হিংস্ৰ জন্তু, মাৰাত্মক পোক পৰুৱাৰে ভৰি থকা জংঘল পাৰ কৰি কেনেকৈ আমেৰিকাত প্ৰৱেশ কৰে প্ৰব্ৰজনকাৰী ভাৰতীয়ই

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
শেহতীয়াকৈ আমেৰিকাই ১০৪ জন ভাৰতীয় প্ৰব্ৰজনকাৰীক হেণ্ডকাফ লগাই ভাৰতলৈ বিতাড়িত কৰা ঘটনাই দেশৰ ৰাজনীতি গৰম কৰি তুলিছে। ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে আমেৰিকাই অমানৱীয় আচৰণ কৰা বুলি বিৰোধীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। 
 
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলোৱা অভিযান চলোৱাৰ পিছতে ভাৰতৰ শতাধিক ব্যক্তিক আমেৰিকাৰ পৰা বিতাড়ন কৰা হৈছে। এনে সময়ত এটা বিশেষ কথা চৰ্চালৈ আহিছে যে প্ৰকৃতাৰ্থত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে মৰণত শৰণ দি আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰে আৰু যাত্ৰা পথত তেওঁলোকে প্ৰায়ে একাধিক দেশৰ মাজেৰে বিপজ্জনকভাৱে পাৰ হ'বলগীয়া হয়। এই পথছোৱাত আছে কলম্বিয়া আৰু পানামাক সংযোগ কৰা ডাৰিয়েন গেপ (Darien Gap) নামৰ এক বিশাল আৰু পথবিহীন জংঘল।
 
পথ নথকা ৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাৰিয়েন গেপৰ ভয়ংকৰ পথ ব্যৱহাৰ কৰি অবৈধভাৱে আমেৰিকা প্ৰৱেশ কৰাৰ চেষ্টা একাংশ অনুপ্ৰৱেশকাৰীৰ
 
ডাৰিয়েন গেপ হৈছে ৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ঘন বৰ্ষাৰণ্য, জলাশয় আৰু পাহাৰ। অঞ্চলটোৰ অসমতল ভূখণ্ড, প্ৰতিকূল জলবায়ু, আন্তঃগাঁথনিৰ অভাৱৰ বাবে বহুদিনৰ পৰাই ই মূলসূতিৰ পৰা দূৰত আছে। কিন্তু আমেৰিকাত প্ৰৱেশ কৰিবলৈ উদগ্ৰীব প্ৰব্ৰজনকাৰীসকলৰ বাবে ই এক অনিবাৰ্য দুৱাৰমুখত পৰিণত হৈছে।
 
ডাৰিয়েন গেপ পাৰ হোৱাসকলে ঠেক পাহাৰ, বোকাময় জলাশয়, খৰস্ৰোতা নৈ আৰু বিপজ্জনক বন্যপ্ৰাণীৰ সন্মুখীন হয়। এই জংঘলখন বিষাক্ত সাপ, হিংস্ৰ জন্তু, আৰু মাৰাত্মক পোক-পৰুৱাৰ বাসস্থান। কিন্তু অঞ্চলটোৱে সন্মুখীন হোৱা আটাইতকৈ উল্লেখযোগ্য ভাবুকি হৈছে অপৰাধী সংগঠনসমূহৰ নিয়ন্ত্ৰণ। চোৰাংচোৱা নেটৱৰ্ক, ড্ৰাগছ কাৰ্টেল আৰু সশস্ত্ৰ গোটসমূহে প্ৰব্ৰজনকাৰীক লুটপাত কৰে, তেওঁলোকৰ পৰা ধন দাবী কৰে বা তেওঁলোকৰ সৈতে হিংসাত লিপ্ত হয়।
 
আমেৰিকাত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ এক দৃশ্য
 
অবৈধভাৱে আমেৰিকাত প্ৰৱেশৰ চেষ্টা কৰা বহু ভাৰতীয়ই ‘গাধৰ পথ’ (donkey route) নামেৰে জনাজাত পথটো অনুসৰণ কৰে। ইয়াৰ বাবে তেওঁলোকে মধ্য আমেৰিকাৰ পানামা, কোষ্টা ৰিকা, এল ছালভাডৰ, আৰু গুৱেটামালাৰ দৰে দেশলৈ যাত্ৰা কৰে, য’ত ভিছা লাভ কৰাটো অতি সহজ। তাৰ পৰাই তেওঁলোকে মেক্সিকোলৈ যায় আৰু তাৰ পিছত আমেৰিকাত প্ৰৱেশৰ চেষ্টা চলায়। প্ৰায়ে তেওঁলোকে কয়’ট (মানৱ সৰবৰাহকাৰী)ৰ সহায় লয়, যিয়ে বিপজ্জনক ক্ৰছিঙৰ বাবে হাজাৰ হাজাৰ ডলাৰ লয়।
 
ভিছাৰ কঠোৰ নিয়মৰ বাবে আমেৰিকালৈ প্ৰত্যক্ষ বিমান পথ কঠিন হৈ পৰাত এই পদ্ধতি ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। চোৰাংচোৱা, মাফিয়া গেং আৰু সংগঠিত অপৰাধ ছিণ্ডিকেটে এই প্ৰব্ৰজনকাৰীসকলৰ সুবিধা লয়, তেওঁলোকক নিৰাপদে যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰায়ে সংকটজনক পৰিস্থিতিত তেওঁলোকক পৰিত্যাগ কৰে।
 
অবৈধ অনুপ্ৰৱেশকাৰীৰ ডাৰিয়েন গেপ ঘন বৰ্ষাৰণ্যৰ মাজত জিৰণি লোৱা এক দৃশ্য
 
শেহতীয়া বছৰবোৰত ডাৰিয়েন গেপ পাৰ হোৱা লোকৰ সংখ্যা আকাশলংঘী হৈছে। ২০২৩ চনত ৫.২ লাখৰো অধিক প্ৰব্ৰজনকাৰীয়ে এই বিপদজনক পথেৰে যাত্ৰা কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত দুগুণতকৈও অধিক। ৰয়টাৰৰ বাতৰি অনুসৰি, ২০২৪ চনলৈকে ইতিমধ্যে ৩ লাখৰো অধিক লোকে অতিক্ৰম কৰিছিল যদিও প্ৰশাসনৰ প্ৰচেষ্টা বৃদ্ধিৰ বাবে এই সংখ্যা সামান্য হ্ৰাস পাইছে।
 
এক দশকৰ আগতে বছৰি মাত্ৰ কেইহাজাৰমান লোকেহে এই দুৰ্গম পথছোৱা পাৰ হোৱাৰ চেষ্টা কৰিছিল। আজি ই এক অধিক বিপদজনক প্ৰব্ৰজনৰ ঘাইপথলৈ ৰূপান্তৰিত হৈছে। ভেনিজুৱেলা, হাইটি, ইকুৱেডৰ, বাংলাদেশ, পাকিস্তান, ভাৰতৰ লোকে উপাৰ্জনৰ পথ বিচাৰি এই বিপদজনক পথ  অতিক্ৰম কৰি আমেৰিকাত প্ৰৱেশ কৰে। এই যাত্ৰাত ৭ৰ পৰা ১৫ দিনলৈকে সময় লাগে। প্ৰব্ৰজনকাৰীসকলে খাদ্য আৰু পানীৰ নাটনি, ৰোগ, আৰু অবাধ অপৰাধৰ সন্মুখীন হ’বলগীয়া হয়।  বহুতো প্ৰব্ৰজনকাৰী আনকি এই যাত্ৰাত বাচিও নাথাকে।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি  ড'নাল্ড ট্ৰাম্প
 
উল্লেখ্য যে, ডাৰিয়েন গেপ এতিয়াও মানৱীয় দুৰ্যোগ হৈয়ে আছে। ২০১৫-২০২২ চনলৈকে ইয়াত ৩১২ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে আৰু ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ২২৯ জন লোকৰ মৃত্যু বা নিৰুদ্দেশ হৈছে। কেৱল ২০২৩ চনত এম এছ এফ(মেডেচিনছ ছান্স ফ্ৰন্টিয়াৰছ, যাক ডাক্তৰছ উইদাউট বৰ্ডাৰছ বুলিও কোৱা হয়)-এ ৬৭৬ জন যৌন নিৰ্যাতনৰ বলি হোৱা লোকৰ চিকিৎসা কৰিছিল আৰু ২০২৪ চনৰ আৰম্ভণিতে এই ধৰণৰ মুঠ ২৩৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।
 
অতিমাত্ৰা ভিৰ কৰা আশ্ৰয় শিবিৰত খাদ্য, পানী, চিকিৎসা সাহায্যৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ বাবে বহু প্ৰব্ৰজনকাৰী আবদ্ধ হৈ পৰে। এই পথটো অধিক প্ৰব্ৰজনকাৰীয়ে ব্যৱহাৰ কৰাৰ লগে লগে স্থানীয় সম্প্ৰদায় আৰু পৰিৱেশৰ ওপৰতো ইয়াৰ প্ৰভাৱ ভয়াৱহ হৈ পৰিছে। পথটোৰ কাষৰ খিলঞ্জীয়া গাঁওবোৰ মানুহেৰে আগুৰি ধৰিছে। আনহাতে, ক্ষণভংগুৰ জংঘলৰ পৰিৱেশ তন্ত্ৰত বনাঞ্চল ধ্বংস আৰু প্ৰদূষণ অধিক বেয়া পৰিস্থিতি হৈ পৰিছে। 
 
আমেৰিকাই অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ এক দৃশ্য
 
ইফালে, আমেৰিকাই ১০০ জনতকৈ অধিক অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ পিছত বিৰোধীয়ে কৰা হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে আমেৰিকাৰ এনে কাৰ্য্য নতুন কথা নহয়। তেওঁ বিগত ১৫ বছৰৰ বিতাড়িত ভাৰতীয়সকলৰ তথ্য প্ৰকাশ কৰে। ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে কয় যে ২০০৯ চনৰ পৰা মুঠ ১৫,৭৫৬ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা ভাৰতলৈ বিতাড়িত কৰা হৈছে।
 
"আমেৰিকাৰ দ্বাৰা বিতাড়নৰ প্ৰক্ৰিয়াটো নতুন নহয়। বছৰ বছৰ ধৰি এই প্ৰক্ৰিয়া চলি আহিছে। এয়া কেৱল এখন দেশৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি নহয়। বিতাড়িত লোকসকলৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ নকৰাটো নিশ্চিত কৰিবলৈ আমি আমেৰিকাৰ সৈতে যোগাযোগ স্থাপন কৰি আছো।’-এছ জয়শংকৰে কয়।
 
জয়শংকৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ চনত আমেৰিকাই সৰ্বাধিক ২০৪২ গৰাকী ভাৰতীয়ক বিতাড়িত কৰিছিল। তাৰ পিছত ২০২০ চনত তেওঁলোকে ১,৮৮৯ জন ভাৰতীয় ব্যক্তিক দেশলৈ বিতাড়িত কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা আমেৰিকাৰ এখন সামৰিক বিমান বুধবাৰে অমৃতসৰত অৱতৰণ কৰে। এয়া আছিল অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে ড’নাল্ড ট্ৰাম্প চৰকাৰে বিতাড়িত কৰা ভাৰতীয়ৰ প্ৰথমটো দল। ইয়াৰে ৩৩ জন হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ, তিনিজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ, আৰু ২ জন চণ্ডীগড়ৰ।