যুগে যুগে ৱাকফঃ ১ লাখ কোটি টকাৰ সম্পত্তিৰ মালিকানাধীন ৱাকফ ব’ৰ্ডে কেনেকৈ মাটি অধিগ্ৰহণ কৰে আৰু চৰকাৰে কি সলনি কৰাৰ লক্ষ্য লৈছে

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ৱাকফ ব’ৰ্ডৰ অবাধ ক্ষমতা ৰোধ কৰাৰ লক্ষ্যৰে ৱাকফ আইন, ১৯৯৫ৰ সংশোধনৰ বাবে চৰকাৰে শেহতীয়াকৈ এখন বিধেয়ক উত্থাপন কৰিছে। ২০১৩ চনৰ সংশোধনীৰ দ্বাৰা ৱাকফ ব’ৰ্ডৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰা হৈছিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতত ৰাজ্যিক ব’ৰ্ডৰ দ্বাৰা নিয়ন্ত্ৰিত ৮.৭ লাখৰো অধিক সম্পত্তিৰ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণত স্বচ্ছতা অনা আৰু দুৰ্নীতি-অনিয়মৰ সমস্যাসমূহ সমাধান কৰা।
 
ৱাকফ কি আৰু ইয়াত কি কি সম্পত্তি থাকে?
 
ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে উৎসৰ্গিত সম্পত্তিক বুজায়। এবাৰ ৱাকফ হিচাপে নিৰ্ধাৰণ কৰিলে ৱাকফ (ৱাকিফ) কৰা ব্যক্তিৰ পৰা আল্লাহৰ হাতলৈ মালিকীস্বত্ব হস্তান্তৰ কৰা হয়, যাৰ ফলত ই প্ৰত্যাহাৰ কৰিব নোৱাৰা হয়। এই সম্পত্তিসমূহ ৱাকিফ বা কোনো যোগ্য কৰ্তৃপক্ষই নিযুক্তি দিয়া এজন মুতাৱালিয়ে পৰিচালনা কৰে।
 
খবৰ অনুসৰি ৰেলৱে আৰু প্ৰতিৰক্ষা বিভাগৰ পিছতে ৱাকফ ব’ৰ্ড ভাৰতৰ তৃতীয় বৃহত্তম মাটিৰ মালিক। ৱাকফ ব’ৰ্ডে সমগ্ৰ ভাৰততে ৯.৪ লাখ একৰ মাটিত বিস্তৃত ৮.৭ লাখ সম্পত্তি নিয়ন্ত্ৰণ কৰে, যাৰ আনুমানিক মূল্য হৈছে ১.২ লাখ কোটি টকা। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দুখন ছিয়া ৱাকফ বৰ্ডকে ধৰি ভাৰতত মুঠ ৩২খন ৱাকফ ব’ৰ্ড আছে। ৰাজ্যিক ৱাকফ ব’ৰ্ডসমূহৰ নিয়ন্ত্ৰণ প্ৰায় ২০০ জন ব্যক্তিৰ হাতত নিহিত হৈ আছে।
 
যুটীয়া সংসদীয় কমিটিৰ বৈঠকৰ সময়ত
 
ৱাকফৰ অপ্ৰত্যাহাৰযোগ্যতাই কি কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে?
 
এটা সম্পত্তি এবাৰ ৱাকফ ঘোষণা কৰিলেই চিৰদিনৰ বাবে তেনেকৈয়ে থাকে। এই অপ্ৰত্যাহাৰযোগ্যতাই বিভিন্ন বিবাদ আৰু দাবীৰ সৃষ্টি কৰিছে, ইয়াৰে কিছুমানে বেট দ্বাৰকা (Bet Dwarka)ৰ দুটা দ্বীপৰ দাবীৰ দৰেই আদালতক বিমোৰত পেলাই আহিছে। আন বিবাদৰ উদাহৰণ হ’ল ১৮৫০ চনৰ পৰা ৱাকফ সম্পত্তি বুলি দাবী কৰা বেংগালুৰু ঈদগাহ খেলপথাৰ আৰু মোগল যুগত ‘ছাৰাই’ হিচাপে ঐতিহাসিক ব্যৱহাৰৰ বাবে দাবী কৰা চুৰাট পৌৰ নিগমৰ ভৱন।
 
কলকাতাৰ টলিগুংগে ক্লাব, ৰয়েল কলিকতা গলফ ক্লাব, বেংগালুৰুৰ আইটিচি উইণ্ডচৰ হোটেল আদি সম্পত্তিসমূহ ৱাকফ ভূমিত আছে। ৱাকফৰ সম্পত্তি বেদখল কৰাটোও এক প্ৰত্যাহ্বান, যেনে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত তামিলনাডু ৱাকফ ব’ৰ্ডে হিন্দু বসতি প্ৰধান থিৰুচেন্দুৰাই গাঁওখনৰ ওপৰত মালিকীস্বত্ব দাবী কৰিছিল।
 
ৱাকফ আৰু ইয়াৰ নিয়মৰ কেনেকৈ জন্ম হ’ল?
 
ভাৰতত ৱাকফৰ ধাৰণাটো দিল্লী চুলতানত্বৰ পৰাই আৰম্ভ হৈছিল, ইয়াৰ প্ৰাৰম্ভিক উদাহৰণসমূহৰ ভিতৰত হৈছে চুলতান মুইজুদ্দিন ছাম ঘোৰ (মহম্মদ ঘোৰী)ৰ গাঁওসমূহ মুলতানৰ জামা মছজিদত উৎসৰ্গা কৰা। ১৯২৩ চনৰ মুছলমান ৱাকফ আইনখনে ইয়াক নিয়ন্ত্ৰণৰ প্ৰথম প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰে।
 
স্বাধীন ভাৰতত ৱাকফ আইন প্ৰথম সংসদে ১৯৫৪ চনত গৃহীত কৰে। ইয়াৰ ঠাইত ১৯৯৫ চনত নতুন ৱাকফ আইন প্ৰণয়ন কৰা হয়, যাৰ ফলত ৱাকফ বৰ্ডক অধিক ক্ষমতা প্ৰদান কৰা হয়। ক্ষমতা বৃদ্ধিৰ লগে লগে বেদখল আৰু ৱাকফৰ সম্পত্তিৰ অবৈধ পট্টা আৰু বিক্ৰীৰ অভিযোগ বৃদ্ধি পাইছে। ২০১৩ চনত এই আইনখন সংশোধন কৰি ৱাকফ ব’ৰ্ডক মুছলমান দান-বৰঙণিৰ নামত সম্পত্তি দাবী কৰাৰ সীমাহীন ক্ষমতা প্ৰদান কৰা হয়। সংশোধনীৰ ফলত ৱাকফৰ সম্পত্তি বিক্ৰী অসম্ভৱ হৈ পৰিল, কিয়নো ৱাকফৰ সম্পত্তি বিক্ৰী কৰাৰ অধিকাৰ মুতাৱালি (কাষ্টোডিয়ান) বা ৱাকফ ব’ৰ্ডৰ কোনোৱেই নাই।
 
অসম ৱাকফ ব'ৰ্ড
 
নতুন বিধেয়কখনে ৱাকফৰ ব্যাপক ক্ষমতাক কেনেকৈ ৰোধ কৰিব বিচাৰিছে?
 
১৯৯৫ চনৰ ৱাকফ আইনৰ ৪০ নং ধাৰাত ৱাকফ ব’ৰ্ডক কোনো সম্পত্তি ৱাকফ সম্পত্তি নেকি সেইটো নিৰ্ণয় কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। এই ক্ষমতাক দুৰ্নীতিগ্ৰস্ত ৱাকফ আমোলাতন্ত্ৰৰ সহায়ত সম্পত্তি দখলৰ বাবে ন্যস্ত স্বাৰ্থৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। মুতাৱালী নিযুক্তি সন্দৰ্ভত ব’ৰ্ডক দিয়া ক্ষমতাৰ অপব্যৱহাৰ আৰু পৰিচালক নিযুক্তিক প্ৰত্যাহ্বান জনোৱা গোচৰো উত্থাপন হৈছে। বিধেয়কখনত বিতৰ্কিত ধাৰাটো সম্পূৰ্ণৰূপে বাতিল কৰি জিলা উপায়ুক্তৰ হাতত ক্ষমতা অৰ্পণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আমোদজনক কথাটো হ’ল মুছলমান আইন মানি চলা দেশতো এনে ক্ষমতা থকা ৱাকফ ব'ৰ্ড নাই।
 
১৯২৩ চনৰ পৰা ২০১৩ চনলৈ ৱাকফৰ সংজ্ঞা কেনেকৈ সলনি হৈছে?
 
ৱাকফৰ সংজ্ঞাৰ মূল পৰিৱৰ্তন ২০১৩ চনত কৰা হৈছিল, যেতিয়া ‘ইছলাম স্বীকাৰ কৰা ব্যক্তিৰ স্থায়ী সমৰ্পন’ (permanent dedication by a person professing Islam) শব্দটোৰ ঠাইত ‘যিকোনো ব্যক্তিৰ স্থায়ী সমৰ্পন’ (permanent dedication by any person) শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই সংশোধনীৰ পিছত ৱাকফে যিকোনো ব্যক্তিৰ পৰা ৱাকফ বৰ্ডৰ বাবে সম্পত্তি উৎসৰ্গা কৰাৰ দুৱাৰ মুকলি কৰিছে।
 
গোচৰ আৰু অভিযোগসমূহ কেনেকৈ গোট খাইছে?
 
ৱাকফক কেন্দ্ৰ কৰি বছৰ বছৰ ধৰি বিবাদ বৃদ্ধি পাইছে, আৰু ৱাকফ প্ৰশাসন ব্যৱস্থাক অদক্ষতাৰ বাবে সমালোচনা কৰা হৈছে, যাৰ ফলত বেদখল, অপব্যৱস্থাপনা, মালিকীস্বত্বৰ বিবাদ, পঞ্জীয়ন আৰু জৰীপত পলম হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হৈছে।
 
এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে ন্যায়াধিকৰণত ৪০,৯৫১টা গোচৰ বিচাৰাধীন হৈ আছে, যিবোৰ ৱাকফ ব্যৱস্থাৰ অংশ। ৱাকফ ব'ৰ্ডৰ বিষয়ববীয়াসকলৰ একচেটিয়াভাৱে গঠিত ন্যায়াধিকৰণৰ সিদ্ধান্তৰ ওপৰত ন্যায়িক তদাৰকী নথকাৰ বাবে সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে। ২০১৩ চনৰ পিছত এই আইনখনৰ ওপৰত জনসাধাৰণৰ নিৰীক্ষণ ক্ৰমাৎ বৃদ্ধি পাইছে, অভিযোগ আহিছে মুছলমান বুদ্ধিজীৱী, মহিলা, আৰু বহৰা (Bohras) আৰু অ’বিচি মুছলমানৰ দৰে বিভিন্ন সম্প্ৰদায়ৰ পৰা।
 
আবেদন প্ৰক্ৰিয়াৰ ত্ৰুটিও এটা ডাঙৰ চিন্তাৰ বিষয়। উদাহৰণস্বৰূপে, ব’ৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে এটা আবেদন ন্যায়াধিকৰণৰ ওপৰত নিৰ্ভৰ কৰে যদিও ন্যায়াধিকৰণৰ গোচৰ নিষ্পত্তিৰ কোনো সময়সীমা নাই। ন্যায়াধিকৰণৰ সিদ্ধান্ত চূড়ান্ত, আৰু উচ্চ ন্যায়ালয়ত ৰিট জুৰিচিডিকচনৰ বাহিৰে আপীলৰ কোনো ব্যৱস্থা নাই। তদুপৰি কিছুমান ৰাজ্যত ন্যায়াধিকৰণ নাই, যাৰ ফলত ৱাকফ আমোলাতন্ত্ৰই চূড়ান্ত মধ্যস্থতাকাৰী হৈ পৰিছে।
 
একক ৱাকফ ব’ৰ্ড থকা ৰাজ্যসমূহত মুছলমানসকলৰ মাজত সংখ্যালঘু সম্প্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব থকাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে, যেনে বহৰা আৰু ছিয়া, লগতে অ’বিচি মুছলমান, পাছমাণ্ডা। কিছুমান বিশেষ ক্ষেত্ৰত মহিলা আৰু অনাথ শিশুক উত্তৰাধিকাৰীত্বৰ অধিকাৰ অস্বীকাৰ কৰিবলৈ ‘ৱাকফ-আল-আউলাদ’ (Waqf-al-Aulad) বিধানৰ অপব্যৱহাৰ বিধেয়কখনে সমাধান কৰিব বিচৰা আন এক চিন্তা।
 
শেহতীয়াকৈ অসমত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় কমিটিৰ বৈঠক
 
ৱাকফ ব্যৱস্থা সন্দৰ্ভত সাচাৰ কমিটী আৰু অন্যান্য পেনেলে কি কয়?
 
২০০৬ চনৰ সাচাৰ সমিতিৰ প্ৰতিবেদনত নিয়ন্ত্ৰণ, ৰেকৰ্ডৰ দক্ষ পৰিচালনা, ৱাকফ পৰিচালনাত অমুছলমান কাৰিকৰী বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা, আৰু ৱাকফক বিত্তীয় নিৰীক্ষণৰ আঁচনিৰ অধীনলৈ অনা আদিৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়া হৈছিল।
 
একেদৰে ২০০৮ চনৰ মাৰ্চ মাহত ৰাজ্যসভাত দাখিল কৰা যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদনত ৱাকফ ব’ৰ্ডৰ গঠন পুনৰ সংশোধন কৰাৰ পৰামৰ্শ দিয়া হৈছিল, ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ বাবে এজন জ্যেষ্ঠ বিষয়াক চিইঅ’ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। লগতে ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ বাবে এজন জ্যেষ্ঠ বিষয়াক চিইঅ’ হিচাপে নিযুক্তি দিয়া, ৱাকফৰ সম্পত্তি অকৰ্তৃত্বশীলভাৱে বিচ্ছিন্ন কৰাৰ বাবে কঠোৰ ব্যৱস্থা, দুৰ্নীতিগ্ৰস্ত মুতাৱালিৰ বাবে কঠোৰ শাস্তি, কিছুমান ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পৰিসৰ সৃষ্টি, ৱাকফ ব’ৰ্ডৰ কম্পিউটাৰাইজেচন, আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদত ছিয়া সম্প্ৰদায় পৰ্যাপ্ত প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছিল।
 
সংশোধনীৰ আঁৰৰ বিস্তৃত ধাৰণা কি?
 
চৰকাৰৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তিৰ পৰিচালনা আধুনিকীকৰণ, মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৱাকফ ব’ৰ্ডত ন্যায্য প্ৰতিনিধিত্ব নিশ্চিত কৰা, মামলা হ্ৰাস কৰা, ৰাজহ বিভাগৰ সৈতে ফলপ্ৰসূ সমন্বয় স্থাপন কৰা, ন্যায়াধিকৰণৰ সিদ্ধান্তৰ ওপৰত ন্যায়িক তদাৰকী প্ৰদান কৰা আদি।
 
মুছলিম পাৰ্ছনেল ল' ব’ৰ্ডৰ স্থিতি কি?
 
সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল' ব’ৰ্ডে বিধেয়কখনক ব্যক্তিগত আইনত হস্তক্ষেপ বুলি অভিহিত কৰি গণ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে। অৱশ্যে চুফী দৰগাহসমূহক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা অল ইণ্ডিয়া চুফী ছাজ্জাদানাছিন কাউন্সিলে চৰকাৰৰ এই প্ৰস্তাৱক আদৰণি জনাইছে আৰু অভিযোগ কৰিছে যে বাকফ ব’ৰ্ডসমূহে একনায়কত্ববাদী পদ্ধতিৰে কাম কৰে।
 
কিয় ৰাইজে এই সংশোধনীৰ বিৰোধিতা কৰিছে?
 
চৰকাৰৰ প্ৰস্তাৱিত সংশোধনীসমূহে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে আৰু সমাজবাদী পাৰ্টি আৰু এআইএমআইএম (AIMIM)ৰ দৰে বিৰোধী দলসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। এন ডি এ চৰকাৰক সমালোচনা কৰি এ আই আই এম আই এম (AIMIM)ৰ সভাপতি আছাদুদ্দিন ওৱাইছিয়ে ৱাকফ ব’ৰ্ডৰ স্বায়ত্তশাসন কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে বিজেপিয়ে ৱাকফ ব’ৰ্ড আৰু ইয়াৰ সম্পত্তিৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে। বিজেপিৰ এই প্ৰচেষ্টাসমূহ বিস্তৃত “হিন্দুত্ববাদী এজেণ্ডা”ৰ অংশ বুলি ওৱাইছিয়ে দৃঢ়তাৰে কয়।