অসমত খাৰুৱা তেলৰ শোধন ক্ষেমতা বৃদ্ধি

Story by  atv | Posted by  [email protected] • 12 h ago
অসমত খাৰুৱা তেলৰ শোধন ক্ষেমতা বৃদ্ধি
অসমত খাৰুৱা তেলৰ শোধন ক্ষেমতা বৃদ্ধি
 
গুৱাহাটী
 
বিগত কেইটামান বৰ্ষত ভাৰতৰ পেট্রলিয়াম উদ্যোগটোৱে খাৰুৱা তেল উদ্‌ঘাটন, উৎপাদন, শোধন আৰু বিতৰণ প্রক্রিয়া ত্বরান্বিত কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত পেট্রল, ডিজেল, এল পি জি আৰু কেৰাচিনৰ বিতৰণ ব্যৱস্থাও পূর্বতকৈ শক্তিশালী হোৱা বুলি প্রকাশ কৰিছে পেট্র'লিয়াম মন্ত্ৰালয়ে।
 
খাৰুৱা তেলৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ বাবে মন্ত্র্যালয়ে বিভিন্ন নতুন আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত তেল শোধনাগাৰসমূহৰ শোধন ক্ষমতা বৃদ্ধি কৰা হৈছে বুলি মন্ত্রালয়ে কয়। সম্প্রতি ভাৰতত উনৈশটা ৰাজহুৱা খণ্ডৰ আৰু তিনিটা ব্যক্তিগত খণ্ডৰ তেল শোধনাগাৰ আছে। আনহাতে এটা ৰাজহুৱা-ব্যক্তিগত সহযোগিতাৰ ভিত্তিত স্থাপন কৰা শোধনাগাৰো কার্যক্ষম হৈ আছে। বিগত বর্ষলৈকে ভাৰতৰ এই তেল শোধনাগাৰসমূহৰ মুঠ শোধন ক্ষমতা হৈছেগৈ বছবি ২৫৬.৮১৬ নিযুত মেট্রিকটন।
 
১৮৬৭ চনত ডিগবৈত প্রথমটো খাৰুৱা তেলৰ কূপত খননৰ কাম আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ পেট্রলিয়াম খণ্ডটোরে নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনত স্থাপন কৰা হয় ভাৰতীয় তেল নিগম। এই নিগমৰ অধীনতে বিগত কেইবাটাও দশকত ভাবতে ক্ষুদ্র শোধনাগাৰৰ পৰা বৃহৎ শোধনাগাৰলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল। এতিয়া ঘৰুৱাভাবে খাৰুৱা তেলৰ চাহিদা পূৰণ কৰাৰ লগতে ৰপ্তানি খণ্ডটোৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ভাবতে। ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অ' এন জি চি আৰু ভাৰতীয় তেল নিগমে খাৰুৱা তেলৰ খনন আৰু শোধন খণ্ডটো আগুৱাই নিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
 
আনহাতে গুজৰাটৰ জাম নগৰস্থিত ব্যক্তিগত খণ্ডৰ শোধনাগাৰটোৱে এছিয়াৰ অন্যতম বৃহৎ শোধনাগাৰ হিচাপে পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। পেট্রলিয়াম খণ্ডটোৰ উন্নয়ন সাধনৰ বাবে গ্রহণ কৰা আঁচনিৰ অধীনত ২০৩০ চনলৈ শোধন ক্ষমতা বছৰি ৩০৯.৫ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে ম্যালয়ে। সেইদৰে ২০২৫-২৬ বিত্তীয় বর্ষত ইথানল ব্লেন্ডিঙৰ হাৰ ২০ শতাংশ, ২০৩০ চনলৈ সেউজ হাইড্র'জেন উৎপাদন বছৰি ৫ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। 

তদুপৰি খাৰুৱা তেলৰ খননৰ এলেকা এক নিযুত বর্গকিলোমিটাৰলৈ বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰা হৈছে বুলি মন্ত্রালয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে ভাৰতীয় তেল নিগমৰ অধীনৰ অসমত থকা শোধনাগাৰকেইটাৰ উৎপাদন ক্ষমতা বৃদ্ধিৰো আঁচনি ৰূপায়ণ কৰা হৈছে।
 
ইতিমধ্যে এই নতুন সম্প্ৰসাৰণ প্ৰক্ৰিয়া আৰম্ভকৰা হৈছে। ১৯০১ চনত স্থাপিত ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা বছৰি ০.৬৫০ নিযুত মেট্রিকটন হোৱাৰ বিপৰীতে ১৯৬২ চনত স্থাপিত গুৱাহাটী শোধনাগাৰৰ উৎপাদন ক্ষমতা হৈছে বছৰি ১.২০০ নিযুত মেট্রিকটন। সেইদৰে ১৯৭৪ চনত স্থাপিত বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা হৈছে বছৰি ২.৭০০ নিযুত মেট্রিকটন। ইফালে নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বছৰি ৩.০০০ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰা হৈছে।
 
উল্লেখ্য যে ভাৰতত সৰ্বাধিক তেল শোধন কৰে ৰিলায়েন্স ইন্ডাষ্টিজ লিমিটেডৰ অধীনস্থ জাম নগৰৰ শোধনাগাৰটোৱে। এই শোধনগাৰটোৰ বছৰি উৎপাদন ক্ষমতা হৈছে ৩৫.২০০ নিযুত মেট্রিকটন।