গুৱাহাটী
উত্তৰ-পূবৰ পশুপালন খণ্ডত বিনিয়োগ বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰিছে কেইবাটাও ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে। আনুমানিক প্রায় ৭০০ কোটি টকা বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিছে কেইবাটাও প্রতিষ্ঠান। তেনে এটা প্রতিষ্ঠান হৈছে আই বি গ্রুপ। এই প্রতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ কুকুৰা আৰু কুকুৰাৰ পোৱালি উৎপাদন কৰাৰ নামত প্রায় ২০০ কোটি টকা বিনিয়োগ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে।
সেইদৰে ২৫০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কৰ্ণাটক প'ল্ট্রি ফেডাৰেচনে। শেহতীয়াকৈ শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূবৰ পশুপালন খণ্ডৰ উন্নয়ন সন্দৰ্ভত এখন কনক্লেভত অংশগ্রহণ কৰি এই তথ্য জানিবলৈ দিয়ে কেন্দ্রীয় মীন, পশুপালন, দুগ্ধ আৰু পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে। সন্মিলনত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে কেইবাটাও নতুন পশুপালন উন্নয়ন প্রকল্প মুকলি কৰে।
ৰাষ্ট্ৰীয় পশুপালন মিছনৰ অধীনত স্থাপন কৰা এই ১৫টা প্ৰকল্পৰ নামত প্রায় ১০.৯৩ কোটি টকা ব্যয় কৰা হৈছে। তদুপৰি মেঘালয়ত প্রায় ৩১.৮৬ লাখ টকা ব্যয়েৰে এটা প্রকল্পও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। সন্মিলনত অংশগ্রহণ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে উত্তৰ-পূৰ্বাঞ্চলত গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেইবাখনো নতুন আঁচনি গ্রহণ কৰিছে।
সেই অনুসৰি সংস্থাটোৱে অসম, অৰুণাচল আৰু ত্ৰিপুৰাৰ লগতে আন ৰাজ্যসমূহত দুগ্ধ সমবায় সমিতিৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি অসমত গাহৰিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰ প্রশিক্ষণ প্রদান কৰিবলৈ নতুন পৰিকল্পনা গ্ৰহণৰ কথাও তেওঁ জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত প্রায় ২৯টা প্রকল্প উত্তৰ-পূবৰ ৫৩ খন জিলাত ৰূপায়ণ কৰা হ'ব। এই প্রকল্পকেইটাৰ নামত প্রায় ২৪০ কোটি টকা ব্যয় কৰা হ'ব। সেইদৰে উত্তৰ-পূৰ্বাঞ্চলত দৈনিক গাখীৰৰ উৎপাদন ১.৫ লাখ লিটাৰৰ পৰা ৩.৫ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ বাবে প্রায় ২৫০ কোটি টকা ব্যয় কৰাৰ আঁচনি গ্রহণ কৰা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে উত্তৰ-পূবত দুগ্ধ সমবায়ৰ অধীনত প্রায় ৭০,০০০ নতুন উৎপাদনকাৰীক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে দুগ্ধ উন্নয়ন পৰিষদে।
মন্ত্ৰীগৰাকীয়ে উত্তৰ- পূবৰ গাহৰি উৎপাদন খণ্ডটোক আগুৱাই নিয়াত গুৰুত্ব প্রদান কৰি অঞ্চলটোত বিনিয়োগ বৃদ্ধি কৰিবলৈ ব্যক্তিগত- ৰাজহুৱা সহযোগিতাৰ ওপৰত গুৰুত্ব প্রদান কৰে। উত্তৰ-পূবৰ গাহৰি উৎপাদনৰ পৰিমাণ হৈছে প্রায় ৪২.৪ লাখ। ভাৰতৰ মুঠ গাহৰি উৎপাদনৰ প্ৰায় ৪৭ শতাংশই উৎপাদন হয় উত্তৰ-পূৰ্বাঞ্চলত। উত্তৰ-পূবৰ এই বজাৰখনৰ পৰিসৰ হৈছে প্রায় ৫,০০০ কোটি টকা। ব্যক্তিগত আৰু ৰাজহুৱা সহযোগিতাৰ জৰিয়তে উত্তৰ-পূবৰ পৰা পশুপালন খণ্ডৰ ৰপ্তানি বৃদ্ধিত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে।