ছাহিল ৰাজৱী/নতুন দিল্লী
বিহাৰৰ নালন্দা জিলাৰ মাজমজিয়াত অৱস্থিত এখন গাঁও। গিলানী নামৰ এই গাঁওখনে অঞ্চলটোত গভীৰভাৱে শিপাই থকা সাম্প্ৰদায়িক সম্প্ৰীতিক মূৰ্ত কৰি তুলিছে। ইৰাণৰ গিলানৰ চুফী সন্ত হজৰত শ্বেখ আব্দুল কাদিৰ গিলানীৰ প্ৰতি শ্ৰদ্ধা জনাই গাঁওখনৰ সকলো সম্প্ৰদায়ৰ লোকে গৌৰৱেৰে নিজৰ নামত ‘গিলানী’ বা ‘জিলানী’ সংযোগ কৰে।
হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে এই উপাধিটো ব্যৱহাৰ কৰে আৰু ই তেওঁলোকৰ পৰিচয়ৰ এক শক্তিশালী প্ৰতীক। আৰবী ভাষাত "জি" (G) আখৰটোৰ অস্তিত্ব নাই, গতিকে মানুহে তেওঁলোকক "জিলানি" বুলি কয়। এই কাৰণতে গাঁওখনৰ সম্পূৰ্ণ নাম মহিউদ্দিনপুৰ গিলানী। গিলানীৰ উৎপত্তি হৈছে ইৰাকৰ গিলান (য’ত ঘাউছ-ই-আজম, শ্বেখ আব্দুল কাদিৰ জিলানীৰ জন্ম হৈছিল) সন্তসকলৰ পৰা। এই সন্তসকলে গিলানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰি ইয়াত বসতি স্থাপন কৰিছিল আৰু তেওঁলোকে ইছলামৰ প্ৰচাৰিত শিক্ষা প্ৰদান কৰিছিল।
সময়ৰ লগে লগে এই নামটো গাঁৱৰ এটা অংশ হৈ পৰিল। হজৰত আব্দুল কাদিৰ গিলানীৰ প্ৰচাৰ সমগ্ৰ ভাৰত উপমহাদেশতে বিয়পি পৰিল। যিহেতু তেওঁৰ শিক্ষা প্ৰেম, মমতা আৰু নম্ৰতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল সেয়েহে তেওঁ সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা অনুগামী লাভ কৰিছিল। তেওঁৰ আদিম অনুগামী কিছুমানে ভাৰতলৈ প্ৰব্ৰজন কৰি ক্ৰমান্বয়ে মহিউদ্দিনপুৰ গিলানিত বসতি স্থাপন কৰে। তেওঁলোকে ‘গিলানী’ উপাধিটোৱেই নিজৰ পৰিচয় হিচাপে গ্ৰহণ কৰিছিল, যিটো এতিয়া গাঁৱৰ পৰিচয় হৈ পৰিছে।
গিলানী গাঁৱৰ এটা মছজিদ
বিহাৰৰ চুফী পণ্ডিত চৈয়দ আমজাদ হুছেইনৰ মতে, "গিলানীৰ মূল নাম হজৰত আব্দুল কাদিৰ গিলানীৰ উপাধিৰ পৰাই উদ্ভৱ হৈছিল, সময়ৰ লগে লগে অৱশ্যে ই গিলানী নামেৰে জনপ্ৰিয় হৈ পৰিল। এই গাঁওখন দেওবন্দী পণ্ডিত মৌলানা মনাজিৰ আহছান গিলানীৰ জন্মস্থান, আৰু ইয়াত এসময়ত হজৰত আবুল ফাৰাহ ৱাস্তীৰ বংশধৰ চুফী সন্ত আৰু যোদ্ধা হজৰত চৈয়দ আহমেদ জাজনেৰীৰ বহু বংশধৰ বাসস্থান আছিল।"
আজি গাঁওখনত মন্দিৰ, মছজিদ, মাদ্ৰাছা আছে। এই সকলোবোৰে শান্তি-সম্প্ৰীতিৰ প্ৰমাণ দাঙি ধৰে। লক্ষণীয়ভাৱে গিলানী গাঁওত এতিয়ালৈকে সাম্প্ৰদায়িক হিংসাৰ কোনো ঘটনা লিপিবদ্ধ হোৱা নাই, যিটো ইয়াৰ সুস্থ আৰু একতাৰ মনোভাৱৰ স্পষ্ট প্ৰমাণ। গিলানীৰ মাদ্ৰাছা ইছলামিয়াৰ শিক্ষক শ্বাহনাৱাজ আনোৱাৰে কয় যে গাঁওখনত এসময়ত মনজিৰ আহছান গিলানী আৰু এম এম গিলানীৰ দৰে উল্লেখযোগ্য ব্যক্তিত্ব আছিল। কিন্তু আজি গাঁওখনত মূলতঃ দৰিদ্ৰ আৰু কম উপাৰ্জনৰ লোকে বাস কৰে, কিয়নো বেছিভাগ শিক্ষিত আৰু বিশিষ্ট পৰিয়ালে গাঁওখন এতিয়া এৰি থৈ গৈছে।
মনজিৰ আহছান গিলানী ইয়াৰ পৰা অহাৰ পিছতো ইছলামিক শিক্ষা গাঁওখনত ঢুকি পোৱা নাই। গাঁৱৰ মানুহে হায়দৰাবাদলৈ যাওঁতে নিজকে মনজিৰ আহছান গিলানীৰ গাঁৱৰ বুলি পৰিচয় দিয়ে, কিয়নো তেওঁ তাত এজন প্ৰখ্যাত ব্যক্তি আছিল। গাঁওখনত মাদ্ৰাছা ইছলামিয়া গিলানী প্ৰতিষ্ঠা কৰাত হাজী ৱাজিহুদ্দিন গিলানীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
গিলানীৰ নালাণ্ডাৰ থকা মাদ্ৰাছা ইছলামিয়া
গিলানী গাওঁত আনুমানিক ৫,০০০ বাসিন্দা আছে। ইয়াৰে ইয়াত মুছলমানৰ সমানে হিন্দু সম্প্ৰদায়ৰ লোকো আছে। প্ৰতিটো সম্প্ৰদায়ে অঞ্চলটোৰ সামূহিক ঐতিহ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গৌৰৱেৰে গিলানীক উপাধি হিচাপে নামৰ সৈতে সংযুক্ত কৰে। এই পৰম্পৰাই ব্যক্তিগত ধৰ্ম বা সামাজিক পৰিচয়ক অতিক্ৰম কৰি ঐক্যৰ গভীৰ অনুভূতি বোৱাইছে।
হিন্দু বাসিন্দা প্ৰদীপ গিলানীয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, ‘আমাৰ পৰিয়াল স্বাধীনতাৰ পিছৰে পৰা এই গাঁৱত আছে। ইয়াৰ হিন্দু আৰু মুছলমানসকলে মৰম আৰু পাৰস্পৰিক সন্মানেৰে জীৱন যাপন কৰে, সকলো উৎসৱ একেলগে পালন কৰে। সৰুৰে পৰা গাঁৱৰ মানুহে ‘গিলানী’ উপাধি হিচাপে ব্যৱহাৰ কৰা দেখি আহিছো৷ বাহিৰৰ মানুহে এই কথাত প্ৰায়ে আচৰিত হয়, কিন্তু আমাৰ বাবে এই উপাধিটো আমাৰ ঐতিহ্যৰ এক অপৰিহাৰ্য অংশ, আৰু আমি ইয়াক গৌৰৱেৰে ব্যৱহাৰ কৰো।”
উল্লেখ্য যে, গিলানী গাঁওৰ জীৱনশৈলী সাংস্কৃতিক আৰু ধৰ্মীয় পদ্ধতিৰ নিখুঁত সংমিশ্ৰণ। তেওঁলোকে প্ৰতিটো উৎসৱ অতি উৎসাহেৰে উদযাপন কৰে। ঈদ, দীপাৱলী, হোলী, আৰু পূজাত সকলোৱে মিলি-জুলি আনন্দ উৎসৱত অংশ লয়। ইয়াৰ মন্দিৰ আৰু মছজিদসমূহ গাঁওখনৰ শান্তিপূৰ্ণ সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ প্ৰতীক হিচাপে থিয় হৈ আছে। গাঁৱৰ অনুষ্ঠান আৰু যিকোনো সমাৱেশত বয়োজ্যেষ্ঠসকলে প্ৰায়ে নিজৰ পূৰ্বপুৰুষৰ ঐক্যৰ কাহিনী বৰ্ণনা কৰে, যাৰ ফলত যুৱ প্ৰজন্মৰ মাজত একতা-সম্প্ৰীতিৰে জীয়াই থকাৰ গুৰুত্ব আৰু অধিক শক্তিশালী হয়।
মৌলানা মনজিৰ এহছান গিলানীৰ মাজাৰ
উমৈহতীয়াভাৱে সকলোৱে ব্যৱহাৰ কৰা উপাধি "গিলানী" কেৱল পৰম্পৰাৰ চিন নহয়, বৰঞ্চ গাঁৱৰ মানুহৰ সামূহিক মূল্যবোধকো ই প্ৰতিফলিত কৰে। বাসিন্দাসকলে নিজৰ ঐতিহ্য আৰু ইজনে সিজনৰ লগত সংযোগৰ ভাৱনাৱে নিজৰ নামৰ সৈতে গাঁৱখনৰ নাম সংলগ্ন কৰি ৰাখে।
গিলানী গাঁওখনে বহুতো বিশিষ্ট ব্যক্তিত্বৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত আছে পণ্ডিত, চৰকাৰী বিষয়া, অভিযন্তা, চিকিৎসক, আৰু লেখক। গাঁওখনৰ আকাৰ সৰু হ’ব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ ইয়াৰ সীমাৰ বহু ওপৰলৈকে গৈছে। গিলানীৰ বহু বাসিন্দাই কেৱল ভাৰততে নহয় বিদেশতো নিজৰ ক্ষেত্ৰখনত সুকীয়া কৰি তুলিছে, য’ত তেওঁলোকে নিজৰ অনন্য উপাধিটো গৌৰৱেৰে কঢ়িয়াই লৈ ফুৰে। তেওঁলোকৰ সফলতাৰ কাহিনীয়ে গিলানীৰ যুৱক-যুৱতীসকলক নিজৰ ঐতিহ্য বহন কৰি সফলতাৰ দিশত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে।
(ছাহিল ৰাজৱী চুফীবাদ আৰু ইতিহাসৰ বিশেষজ্ঞ আৰু গৱেষক পণ্ডিত। তেওঁ জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰাক্তন শিক্ষাৰ্থী)