নতুন দিল্লী
২০২৪ চনটো প্ৰযুক্তি আৰু চিকিৎসা দুয়োটা দিশতে অভূতপূৰ্ব প্ৰগতিৰ বছৰ। এআই পৰিৱৰ্তিত উদ্যোগৰ পৰা আৰম্ভ কৰি পাৰমাণৱিক শক্তি, মহাকাশ অন্বেষণ আৰু কোৱাণ্টাম কম্পিউটিঙৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতিলৈকে এইটো এটা স্মৰণীয় বছৰ৷ এয়া প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ নেতত্বত এটা দশকৰ কঠোৰ পৰিশ্ৰমৰ ফল। ৫জি নেটৱৰ্ক প্ৰৱৰ্তন কৰাৰ পৰা চাৰিটা মেড-ইন-ইণ্ডিয়া ক’ভিড ভেকচিন প্ৰস্তুত কৰালৈকে ভাৰতে কেৱল নিজৰ বাবেই নহয়, বিশ্বৰ বাবেও বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰিছে।
আজি বিশ্বই ভাৰতৰ উদ্ভাৱন মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখিছে। তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম আৰু ২০২৩ চনত অভিলেখ পৰিমাণৰ ৬৪,৪৮০খন পেটেণ্ট আবেদন দাখিলেৰে সৈতে ভাৰতে এই ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম হিচাপে নিজৰ স্থান নিগাজি কৰিছে। এই দস্তাবেজে ২০২৪ চনত বিভিন্ন ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতি আৰু উদ্ভাৱনীমূলক প্ৰকল্পসমূহৰ ওপৰত আলোকপাত কৰিছেঃ
চিকিৎসাৰ উন্নতি আৰু স্বাস্থ্য
উৎপাদন-সংলগ্ন প্ৰৰোচনা (পিএলআই) আৰু বাল্ক ড্ৰাগ পাৰ্কৰ দৰে পদক্ষেপৰ জোৰত ভাৰতৰ ঔষধ ৰপ্তানি ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা প্ৰায় ২৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। একেদৰে জৈৱ প্ৰযুক্তিও ২০১৪ চনত ১০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ১৩০ বিলিয়ন মাৰ্কিন ডলাৰলৈ ১৩গুণ বৃদ্ধি পাব।
২০৩০ চনৰ ভিতৰত এই পৰিমাণ ৩০০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।১২০২৪ বৰ্ষই ভাৰতৰ বিশ্ব স্বাস্থ্যসেৱাৰ নেতৃত্বক আৰু অধিক শক্তিশালী কৰি তুলিছে।
প্ৰতিৰক্ষা
যোৱা দশকত উদাৰীকৃত প্ৰত্যক্ষ বিদেশী বিনিয়োগ, ইতিবাচক স্বদেশী তালিকা আৰু প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশৰ উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে মুকলি কৰাৰ দৰে পৰিৱৰ্তনশীল সংস্কাৰে ২০২৪ চনত খিলঞ্জীয়া উৎপাদন ১.২৭ লাখ কোটি টকা আৰু ৰপ্তানি ৩০গুণলৈ উন্নীত কৰে।
২০২৪ চনৰ অন্ত পৰাৰ লগে লগে ভাৰতে কৌশলগত উদ্ভাৱনত ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰি বিশ্বৰ প্ৰতিৰক্ষা নেতা হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছে।
পাৰমাণৱিক শক্তি
ভাৰতৰ পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতা ২০১৪ চনত ৪,৭৮০ মেগাৱাটৰ পৰা ২০২৪ চনত ৮,১৮০ মেগাৱাটলৈ দুগুণ বৃদ্ধি পাইছে।পাৰমাণৱিক শক্তি সম্প্ৰসাৰণৰ প্ৰতি দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰি ২০৩১-৩২ চনৰ ভিতৰত এই ক্ষমতা তিনিগুণ বৃদ্ধি কৰি ২২,৪৮০ মেগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। বৰ্তমান ভাৰত থলুৱাভাৱে বিকশিত, সু-উন্নত থ’ৰিয়াম ব্যৱহাৰ প্ৰযুক্তিৰ সৈতে অন্যতম আগশাৰীৰ দেশ।
জৈৱ প্ৰযুক্তি আৰু জিনীয় বিজ্ঞান (Biotechnology and Genetics)
ভাৰতৰ জৈৱ অৰ্থনীতিয়ে উল্লেখযোগ্য বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে, ২০১৪ চনত ১০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ চনত ১৩০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক হৈছে।১
মহাকাশঃ
১১ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিকে ধৰি ২০৩৩ চনৰ ভিতৰত ভাৰতৰ মহাকাশ অৰ্থনীতি ৪৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ সাহসী দৃষ্টিভংগীৰে চৰকাৰে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। উদ্ভাৱনক পৰিচালিত কৰি, অভিলাষী অভিযানৰ নেতৃত্ব দিআৰু বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি ভাৰতে বিশ্ব মহাকাশ ক্ষেত্ৰত এক প্ৰধান শক্তি হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে।
আন্তঃগাঁথনি
২০১৪ চনৰ পৰা ভাৰতে বিভিন্ন উদ্ভাৱনী পদ্ধতিৰে আন্তঃগাঁথনি প্ৰকল্প ক্ষিপ্ৰতাৰে প্ৰযুক্তিৰ সহায় লৈছে, দক্ষতা বৃদ্ধি আৰু বিলম্বতা হ্ৰাস কৰিছে। অক্সফৰ্ডৰ শেহতীয়া এক অধ্যয়নত এই কথা উল্লেখ কৰা হৈছে যে প্ৰগতি (PRAGATI)প্লেটফৰ্মে ২০৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৩৪০টা প্ৰকল্প ত্বৰান্বিত কৰিছে, বহু প্ৰকল্পৰ বিলম্বতা দশকৰ পৰা মাত্ৰ মাহলৈ হ্ৰাস কৰি মাহেকীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সঙৰ মাধ্যমত এই বৈঠকত ডিজিটেল ডেচব'ৰ্ডৰ জৰিয়তে কাম অগ্ৰগতি পৰ্যালোচনা কৰা হয়। স্বামীত্বৰ দৰে পদক্ষেপেৰে ভাৰতে ভূমিৰ অভিলেখ ডিজিটেলাইজ কৰি আছে।এতিয়ালৈকে ১.৫ লাখ গাঁৱত ২.২ কোটি সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে।
২০২৪ চনত ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তি আকোৱালি লৈ পৰিবহণ আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সংযোজন কৰে।
ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযানে ভাৰতক কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্ব নেতৃত্বৰ দিশত আগুৱাই লৈ গৈছে, আনহাতে ভাৰতজেনে ভাৰতৰ বাবে নিৰ্মিত এআই বিকশিত কৰাৰ বাবে দেশৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে। ২০২৪ চনত ভাৰতে সুৰক্ষিত ডিজিটেল প্ৰযুক্তি আৰু এআই উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল।
● ব্লকচেইন প্ৰযুক্তিৰ এক বৃহৎ উত্থান ‘বিশ্বশ্ব: নেচনেল ব্লকচেইন টেকন’লজি ষ্টেক’ মুকলিৰ দ্বাৰাও দেখা গৈছিল, যাৰ লক্ষ্য আছিল সুৰক্ষিত এপ্লিকেচনৰ বাবে ব্লকচেইন-এজ-এ-ছাৰ্ভিচ প্ৰদান কৰাৰ লগতে বিশ্বাসযোগ্য ডিজিটেল নিৰ্মাণৰ বাবে প্লেটফৰ্মসমূহ ৰাষ্ট্ৰীয় ব্লকচেইন ফ্ৰেমৱৰ্ক আৰম্ভ কৰা।
● ভাৰতীয় ভাষাত দক্ষ আৰু সৰ্বাংগীন এআই সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বৰ প্ৰথম চৰকাৰী পুঁজিৰে চলি থকা বহুমুখী বিশাল ভাষা আৰ্হি প্ৰকল্প ভাৰতজেন আৰম্ভ কৰা হৈছিল।
● প্ৰথমবাৰৰ বাবে ভাৰতে ভাৰতৰ বাবে ফাইবাৰ আৰু ফ্ৰী-স্পেচ দুয়োটা প্ৰযুক্তি ব্যৱহাৰ কৰি এণ্ড টু এণ্ড কোৱাণ্টাম যোগাযোগ সংযোগ স্থাপন কৰিছিল। চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ টেলিমেটিক্স (চি-ডি অ’ টি) আৰু ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীয়ে (পিআৰএল) এই সামৰ্থ্য প্ৰদৰ্শন কৰে।