নতুন দিল্লী
ভাৰতে বৃহস্পতিবাৰে বাংলাদেশত থকা ভাৰতীয় নাগৰিক আৰু ছাত্র-ছাত্রীসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। ভাৰতীয় নাগৰিক আৰু ছাত্র-ছাত্রীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ অথা বাহিৰত চলা-ফুৰা নকৰিবলৈ আহ্বান জনায়।
বাংলাদেশৰ বিভিন্ন প্ৰান্তত কোটাক লৈ সৃষ্টি হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ আগবঢ়োৱা হৈছে। ভাৰতে ২৪ ঘণ্টীয়া প্ৰায় জৰুৰীকালীন নম্বৰো জাৰি কৰিছে।
এই পৰামৰ্শত উল্লেখ কৰা হৈছে, "বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত থকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আৰু ঘৰৰ বাহিৰত চলা-ফুৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।"
পৰামৰ্শত উল্লেখ কৰা হৈছে যে কোনো ধৰণৰ জৰুৰী বা সহায়ৰ প্ৰয়োজন হ’লে উচ্চায়ুক্ত আৰু আমাৰ সহকাৰী উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰক।
বুধবাৰে চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত বাংলাদেশত ছাত্ৰ প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে (আজি) সম্পূৰ্ণ দেশজুৰি বন্ধ বলৱৎ কৰাৰ পৰিকল্পনা ঘোষণা কৰে।
এই সংঘৰ্ষত সমগ্ৰ দেশতে চাৰিজন ছাত্ৰসহ কমেও ৬জন লোকৰ মৃত্যু হৈছে। আন্দোলনৰ এজন মূল সমন্বয়ক আছিফ মাহমুদে ফেচবুকৰ এক পোষ্টত কয় যে চিকিৎসালয় আৰু জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো প্ৰতিষ্ঠান বন্ধ থাকিব আৰু কেৱল এম্বুলেন্স সেৱাহে চলাবলৈ অনুমতি দিয়া হ’ব।
এখন বাতৰি কাকতে প্ৰকাশ কৰা অনুসৰি এই আন্দোলনে সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু অভিভাৱকসকলক তেওঁলোকৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।