চন্দ্রযান-৩ অভিযানৰ সাফলতাৰ বাবে আন্তর্জাতিক স্বীকৃতি লাভ ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
চন্দ্রযান-৩ অভিযানৰ সাফল্যৰ বাবে আন্তর্জাতিক স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল ভাৰতে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল পদার্পণৰ স্বীকৃতিস্বৰূপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) লৈ আন্তর্জাতিক সন্মান 'ৱর্ল্ড স্পেচ এৱার্ড' আগবঢ়োৱা হৈছে ইণ্টাৰনেচনেল এষ্ট্রন'টিকেল ফেডাৰেচন (আই এফ এ)ৰ ফালৰ পৰা। 
 
অহা ১৪ অক্টোবৰত ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগা আই এফ এৰ এক বিশেষ অনুষ্ঠানত এই সম্মান ভাৰতক আনুষ্ঠানিকভাৱে প্রদান কৰা হ'ব। স্মর্তব্য যে ১৪ অক্টোবৰত মিলানত আই এফ এৰ ৭৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। ৭৫ সংখ্যক এই আন্তর্জাতিক মহাকাশ যাত্রী সম্মিলনত সন্মান প্রদান কৰাৰ কথা সংস্থাটোৰ ফালৰ পৰা ইতিমধ্যে সদৰী কৰা হৈছে। 
 
স্মর্তব্য যে, যোৱা বৰ্ষৰ ২৩ আগষ্টত ভাৰতৰ চন্দ্রযান-৩য়ে চন্দ্রৰ দক্ষিণ মেৰুত সফলভাৱে পদার্পণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ এই সফল চন্দ্রযান অভিযানক লৈ তেতিয়া বিশ্বজুৰি চৰ্চা হয়। ভাৰত চৰকাৰেও ২৩ আগষ্টৰ দিনটো 'ৰাষ্ট্ৰীয় মহাকাশ দিৱস' হিচাপে ঘোষণা কৰে। ভাৰতৰ এই সাফল্যৰ এবছৰৰ পিচত দেশখনলৈ আহিল আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। 
 
ভাৰতৰ উপৰি চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ দাবীদাৰৰ দেশৰ সংখ্যা তিনিখন। আমেৰিকা, ৰাছিয়া আৰু চীনে ইতিমধ্যে চন্দ্রপৃষ্ঠত তেওঁলোকৰ অভিযান সফল হোৱা বুলি দাবী কৰিছিল। ভাৰতে ২৩ আগষ্টত অর্জন কৰা বিশেষ সফলতাৰ পিচত চন্দ্রযান-৪ আৰু ২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ লক্ষ্য স্থিৰ কৰিছে। ভাৰতৰ চন্দ্ৰযান অভিযানে আন্তর্জাতিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাত দেশখনৰ মর্যাদা আন্তঃৰাষ্ট্রীয় স্তৰত বহুগুণে বৃদ্ধি পোৱা বুলি চর্চা হৈছে।