নতুন দিল্লী
বিশ্বৰ শীৰ্ষ বিজ্ঞাপনৰ বজাৰসমূহৰ ভিতৰত নৱম স্থান দখল কৰিছে ভাৰতে। গ্রুপ এমৰ শেহতীয়া এক প্রতিবেদনৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। এই প্রতিবেদনৰ মতে চলিত বর্ষত বিজ্ঞাপন বজাৰৰ বিকাশৰ হাৰ হ'ব ৭ শতাংশ।
ইয়াৰ ফলত ভাৰতৰ বিজ্ঞাপন বজাৰৰ পৰিসৰ ১,৬৪,১৩৭ কোটি টকালৈ বৃদ্ধি পাব। বৰ্তমান বিশ্বৰ বিজ্ঞাপনৰ বজাৰৰ ক্ষেত্ৰত শীর্ষত থকা দেশকেইখন হৈছে ক্রমে-আমেৰিকা, চীন, ব্রিটেইন, জাপান আৰু জার্মানী।
'বিশ্বত বিজ্ঞাপন ব্যয় এক ট্রিলিয়ন ডলাৰতকৈ অধিক হোৱাৰ সময়তে ভাৰত শীর্ষ চাৰিখন বিকশিত বজাৰৰ ভিতৰত অন্তর্ভুক্ত হৈছে। বর্তমান মুঠ বিজ্ঞাপন ব্যয়ৰ ৬০ শতাংশই হয় ডিজিটেল বিজ্ঞাপন প্ৰচাৰৰ নামত।'-গ্রুপ এমৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া প্রশান্ত কুমাৰে কয়।