নতুন দিল্লী
বৃদ্ধি পাইছে ভাৰতত নিৰ্মাণ কৰা আইফোন বিক্ৰীৰ সংখ্যা। চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ অন্ত পৰাৰ পাছতে এই তথ্য প্ৰকাশ কৰিছে এটি নিৰ্ভৰযোগ্য সংস্থাই।
শেহতীয়াকৈ ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ বিত্তীয় বৰ্ষ সমাপ্তিৰ পাছতে এপলে ভাৰতত আইফোন উৎপাদন যথেষ্ট বৃদ্ধি কৰি ২২ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। এই বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত ৬০% বুলি প্ৰতিবেদনত উল্লেখ কৰে।উল্লেখযোগ্য যে, ভাৰতৰ মুঠ উৎপাদনৰ ভিতৰত উক্ত সময়ছোৱাত দেশৰ পৰা প্ৰায় ১৭.৪ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰা হৈছিল।
আনহাতে ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি ফেব্ৰুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে “পাৰস্পৰিক” শুল্কৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছতে ভাৰতত নিৰ্মিত আইফোনৰ চালান আমেৰিকালৈ ত্বৰান্বিত হৈছে। শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে স্মাৰ্টফোনকে ধৰি ইলেক্ট্ৰনিকছৰ সামগ্ৰীক এই শুল্কৰ পৰা ৰেহাই দিছে, যাৰ ফলত এপলৰ বাবে সাময়িক সকাহ পোৱা গৈছে। অৱশ্যে এই ৰেহাই স্থায়ী নহয় বুলিও প্ৰতিবেদনত উল্লেখ কৰে।