নতুন দিল্লী
সামৰিক শক্তিৰে বিশ্বৰ কোনখন দেশ কিমান শক্তিশালী সেয়া প্রকাশ পাইছে 'গ্ল'বেল ফায়াৰপাৱাৰ' নামৰ এটা সংস্থাৰ তালিকাত। দেওবাৰে প্রকাশ পোৱা এই তালিকা অনুসৰি বিশ্বৰ শক্তিশালী সেনাবাহিনীৰ তালিকাত ভাৰতে চতুর্থ স্থান লাভ কৰিছে।
ভাৰতত সেনাবাহিনীৰ মুঠ জোৱানৰ সংখ্যা ৫১,৩৭,৫৫০ জন। ভাৰতৰ স্থলবাহিনীত সৈনিকৰ সংখ্যা প্রায় ১২ লাখ। চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰতিৰক্ষা শিতানত ₹৬,২১,৯৪০ ধাৰ্য কৰিছে। যোৱা বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ আছিল ₹৫,৯৩,৫৩৮।
তালিকাখনত বিশ্বৰ ভিতৰতে শক্তিশালী সৈনিকৰ সংখ্যাৰে ১ নম্বৰত আছে আমেৰিকা। ২০০৫ চনৰ পৰাই 'গ্ল'বেল ফায়াৰপাৱাৰ'ৰ ফালৰ পৰা বিশ্বৰ শক্তিশালী দেশসমূহৰ সৈনিকৰ তালিকা প্রকাশ কৰি অহা হৈছে।
এইবাৰৰ তালিকাখনত সামৰিক শক্তিৰে আমেৰিকাৰ পিচতে আছে ৰাছিয়া আৰু তাৰ পিচতে আছে চীন।