৩৫-৪০ ঘণ্টাত কাটাৰৰ চাৰিওফালে দৌৰিব ভাৰতৰ ছুফিয়া ছুফীয়ে

Story by  atv | Posted by  [email protected] • 2 Years ago
ছুফিয়া ছুফী
ছুফিয়া ছুফী
নকুল শিৱানী/ নতুন দিল্লী

দিল্লী বিমানবন্দৰৰ “বিৰক্তিকৰ” চাকৰি ত্যাগ কৰি এগৰাকী দৃঢ়মনা মহিলাই এক অভিলাষী অভিযানত নামি পৰিছে। এই দুঃসাহসিক অভিযানত তেওঁ অবিৰতভাৱে দৌৰি সমগ্ৰ কাটাৰ চহৰৰ চৌদিশ সম্পূৰ্ণ কৰিব। 
 
৩৫ বছৰীয়া এই মহিলাগৰাকী হ'ল আজমীৰৰ ছুফিয়া ছুফী। দুঃসাহসিক দৌৰেৰে ইতিমধ্যে গিনিজ বুক অৱ ৰেকৰ্ডত স্থান পোৱা যুৱতীগৰাকী এনে এটা পৰিয়ালৰ পৰা আহিছে, য'ত ক্ৰীড়াৰ সৈতে কাৰো বিশেষ সম্পৰ্ক নাছিল। ছুফিয়াও সৰুতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নাছিল। কিন্তু, দিল্লী বিমানবন্দৰত বিভিন্ন বিমান সেৱা কোম্পানীৰ সৈতে তেওঁৰ বিৰক্তিকৰ আৰু ক্লান্তিকৰ কামৰ অভিজ্ঞতাই মহিলাগৰাকীক কিবা এটা ব্যতিক্ৰম কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
ইয়াৰ বাবে ছুফিয়াই ২০১৭ চনত চাকৰি ত্যাগ কৰিছিল। "বিমান বন্দৰত কাম কৰি মই আমনি পাইছিলো। চাকৰিটোৰ বাবে মই ক'তো যাব পৰা নাছিলো। মই মোৰ মতে জীৱনটো উদযাপন কৰিবলৈ কিবা এটা বেলেগ কৰিব বিচাৰিছিলো," তেওঁ কয়। জীৱনটোক এক নতুন গতি দিবলৈ তেওঁ দৌৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমে চুবুৰীৰ পাৰ্কত তেওঁ দৌৰৰ অভ্যাস আৰম্ভ কৰে। “মই দেখিলোঁ যে দৌৰে মোৰ শৰীৰ আৰু মনক এটা অদ্ভূত শক্তি দিছিল। লাহে লাহে মই জীৱনৰ প্ৰেমত পৰিছিলো।’ তেওঁ হাঁহি হাঁহি কয়।
পাৰ্কত দৈনিক চুটি দৌৰৰ পৰা তেওঁ বাহিৰত দীঘলীয়া দূৰত্বৰ দৌৰত অংশ ল'ব ধৰিলে। “মই নিজকে পৰীক্ষা কৰিব বিচাৰিছিলো। গতিকে, মই মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ। এইদৰে, দৌৰাটো মোৰ এটা নিচা হৈ পৰিল। ই মোক ইতিবাচক কৰি তুলিলে।” ছুফিয়াই কয়।
 
অনুশীলনৰ সময়ত ছুফিয়া
 
দৌৰবিদগৰাকীয়ে পুনৰ উল্লেখ কৰে যে,“এটা নিচাই নতুন দুৱাৰ মুকলি কৰিব পাৰে। প্ৰকৃততে মই আমাৰ গোটেই দেশখন পৰিভ্ৰমণ কৰিব বিচাৰিছিলো আৰু বিভিন্ন স্থানত বিভিন্ন পৰিস্থিতিত দৌৰি মানুহৰ মাজত এক আশাৰ বাৰ্তা বিয়পাই দিব বিচাৰিছিলো। মোৰ বাবে দৌৰাটো আছিল জীৱনৰ অভিজ্ঞতা লাভ কৰাৰ এক সুৱৰ্ণ সুযোগ।”

যেতিয়াৰে পৰা তেওঁ মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰে পৰা আৰু পিছলৈ ঘূৰি চোৱা নাই। দৌৰবিদ হিচাপে যাত্ৰাৰ সময়ছোৱাত ছুফিয়াই শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী, মানালীৰ পৰা লেহলৈ, আৰু সোণালী চতুৰ্ভুজ হিচাপে চিহ্নিত চাৰিওখন মেট্ৰ’ক স্পৰ্শ কৰি দৌৰিছে। ২০১৭ চনত সোণালী ত্ৰিভুজ দিল্লী-আগ্ৰা-জয়পুৰ সম্পূৰ্ণ কৰি ১৬ দিনত দিল্লীলৈ উভতি আহি নিজৰ সক্ষমতাক পৰীক্ষা কৰিছিল। এই দৌৰৰ সফলতাত প্ৰেৰিত হৈ ছুফিয়াই নিজৰ বাবে নতুন মাপকাঠী নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লয়।

এই অনুসৰি, ২০২০ চনত দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইক সামৰি ১১০ দিনত ৬০০০ কিলোমিটাৰৰ ওপৰত দৌৰিছিল। তেওঁ ৮৭ দিনত কাশ্মীৰৰ পৰা কন্যাকুমাৰী, ৬ দিনত মানালীৰ পৰা লেহলৈকে দৌৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। এই সকলোবোৰ দৌৰে তেওঁক গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান দিছিল।
তেওঁ কয়, “দুঃসাহসিক দৌৰত শাৰীৰিক সহনশীলতাতকৈ মানসিক কণ্ডিচনিং বেছি গুৰুত্বপূৰ্ণ। আপুনি সকলো সময়ত ইতিবাচক হৈ থাকিব লাগিব।” এনে ইতিবাচক চিন্তাৰ অধিকাৰী ছুফিয়াই এতিয়া কাটাৰত  ৩৫-৪০ ঘণ্টা অবিৰতভাৱে দৌৰি ২০০ কিলোমিটাৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাবে তেওঁ বৰ্তমান সপ্তাহত ৬ দিনকৈ অনুশীলন কৰি আছে। প্ৰশিক্ষণৰ সময়ত ফলমূল আৰু যথেষ্ট পৰিমাণৰ তৰল পদাৰ্থ খাই  থকা ছুফিয়াই কয়, “মই প্ৰতিদিনে প্ৰায় ৩৫-৪০ কিলোমিটাৰ দৌৰি আছো।
 
আন এক অভিলেখ ৰচিবলৈ সাজু হৈছে ছুফিয়া
 
তেওঁৰ প্ৰশিক্ষণৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ দৌৰ, যোগাসন আৰু আঁঠু শক্তিশালী কৰাৰ বাবে বিশেষ ৱৰ্কআউট আদি অন্তৰ্ভুক্ত। ‘প্ৰথমবাৰৰ বাবে মই ইমান দীঘলীয়া দূৰত্ব ননষ্টপ দৌৰাৰ চেষ্টা কৰিম। ইয়াৰ বাবে মোক কেৱল ষ্টেমিনাই নহয়, আঁঠুবোৰ শক্তিশালী হ’ব লাগিব আৰু মই মানসিকভাৱে অতি উচ্চ পৰ্যায়ত থকা উচিত,”দৌৰবিদগৰাকীয়ে জানিবলৈ দিয়ে। 
উল্লেখ্য যে, কাটাৰক গন্তব্যস্থান হিচাপে বাচনি কৰিছিল তেওঁৰ সংগী বিকাশে, যি নিজেই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেল আৰোহী। ‘মানালিৰ পৰা লেহলৈ সম্পূৰ্ণ কৰাৰ পিছত নতুন প্ৰত্যাহ্বান বিচাৰিছিলো। তেতিয়া কাটাৰক উপযুক্ত পছন্দ যেন লাগিছিল।’- তেওঁ কয়। ইউ এ ইৰ সাতটা আমীৰাটত দৌৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পূৰ্বে আৰব ৰাষ্ট্ৰখন তেওঁৰ বাবে পৰীক্ষাৰ ক্ষেত্ৰ হ’ব।
'২০২৪ চনত সমগ্ৰ বিশ্বক সাঙুৰি মই এক ডাঙৰ দৌৰ অভিযানত নামিম। এই অভিযানৰ পূৰ্বে কাটাৰ আৰু ইউ এ ইয়ে মোক সঠিক দিশ দিব বুলি অনুভৱ কৰিছো,'তেওঁ কয়। উল্লেখ্য যে, ছুফিয়াই ২০২৪ চনৰ শেষৰ ফালে ভাৰত, অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা, আলাস্কা আৰু ৰাছিয়াক স্পৰ্শ কৰি বিভিন্ন মহাদেশৰ মাজেৰে ৩০,০০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰাৰ লক্ষ্য লৈছে।