কানাডাই লৰেন্স বিষ্ণই গেংৰ সদস্যক প্ৰত্যাৰ্পণ কৰাটো ভাৰতে বিচাৰিছিল, কিন্তু কোনো সঁহাৰি নাপালে: বৈদেশিক মন্ত্ৰালয়

Story by  atv | Posted by   Imtiaz Ahmed • 17 h ago
সংবাদ মেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
সংবাদ মেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱাল
নতুন দিল্লী

ভাৰতে কেইবছৰমান পূৰ্বে কানাডাৰ পৰা লৰেন্স বিষ্ণয় গেংৰ সদস্যসকলক প্ৰত্যাৰ্পণ কৰাটো বিচাৰিছিল বুলি বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

সংবাদ মেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিষ্ণুই গেঙৰ সৈতে জড়িত ছিণ্ডিকেটৰ অনুৰূপ প্রত্যার্পণৰ অনুৰোধ শেহতীয়াকৈও কৰা হৈছে যদিও কানাডাই এতিয়াও কোনো সঁহাৰি দিয়া নাই৷

প্ৰত্যাৰ্পণৰ বাবে গুৰজিৎ ​​সিং, গুৰজিন্দৰ সিং, আৰ্ছদীপ সিং গিল, লখবীৰ সিং লাণ্ডা, গুৰপ্ৰীত সিঙৰ নাম উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষ্ণই গেঙৰ সদস্যও আছে বুলি উল্লেখ কৰে।

"আমি কানাডাক লৰেন্স বিষ্ণই গেং আৰু ইয়াৰ ছিণ্ডিকেটৰ বিষয়ে অৱগত কৰিছিলো আৰু কিছু বছৰৰ আগতে আৰু শেহতীয়াকৈও তেওঁলোকক অস্থায়ী গ্ৰেপ্তাৰ আৰু প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিছিলোই। অৱশ্যে এতিয়ালৈকে কানাডাৰ পৰা কোনো সঁহাৰি পোৱা নাই," তেওঁ কয়।

এই সংবাদ মেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে পুনৰ কয় যে কানাডাই খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ হত্যাৰ সৈতে জড়িত কোনো প্ৰমাণ দিয়া নাই।
"আমি এই বিশেষ বিষয়টোত আমাৰ স্থিতি অতি স্পষ্ট কৰি দিছো। আপছ্নালোকে দেখিছেই যে যোৱা দুদিনত আমাৰ স্থিতি প্ৰকাশ কৰি কেইবাটাও প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা কানাডা চৰকাৰে আমাৰ সৈতে কোনো ধৰণৰ তথ্য ভাগ-বতৰা কৰা নাই," তেওঁ দৃঢ়তাৰে কয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে যেতিয়াই ভাৰত বিৰোধী আৰু বিচ্ছিন্নতাবাদী উপাদানৰ বিৰুদ্ধে ভাৰতে ব্যৱস্থা ল’ব বিচাৰে তেতিয়াই কানাডাই সদায় ‘বাক স্বাধীনতা’ক তেওঁলোকৰ যুক্তি হিচাপে উত্থাপন কৰে।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি পূৰ্বে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে (আৰ চি এম পি) উল্লেখ কৰা গেংষ্টাৰ লৰেন্স বিষ্ণইৰ নাম উল্লেখ কৰাৰ এদিন পিছতে চৰকাৰৰ এই বিবৃতি প্ৰকাশ পাইছে।

ট্ৰুডোৱে অভিযোগ কৰে যে ভাৰতীয় কূটনীতিবিদসকলে কানাডিয়ানসকলৰ তথ্য সংগ্ৰহ কৰি লৰেন্স বিষ্ণই গেঙলৈ প্ৰেৰণ কৰিছিল।

দেশখনৰ বিদেশী হস্তক্ষেপৰ তদন্তৰ আগত সাক্ষ্য দিয়া ট্ৰুডোৱে দাবী কৰে যে নিজ্জাৰ হত্যাকাণ্ডৰ অভিযোগ ৰাজহুৱা হোৱাৰ পূৰ্বে কানাডাৰ সংস্থাসমূহে ভাৰতৰ সৈতে পৰ্দাৰ আঁৰত কাম কৰিবলৈ চেষ্টা কৰিছিল।

কিন্তু একেটা সাক্ষ্যৰ সময়তে ট্ৰুডোৱে স্বীকাৰ কৰে যে কানাডাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাক লৈ তেওঁৰ চৰকাৰে ভাৰতক কেৱল “চোৰাংচোৱা তথ্য"হে প্ৰদান কৰিছিল "আৰু কোনো প্ৰমাণ নহয়"।

ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্কই চলিত সপ্তাহৰ আৰম্ভণিতে নতুন নিম্ন স্তৰত উপনীত হয় যেতিয়া কানাডাই ঘোষণা কৰিছিল যে অট’ৱাত থকা শীৰ্ষ ভাৰতীয় কূটনীতিবিদসকল নিজ্জাৰ হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত ‘চকু ৰাখিব লাগিয়া ব্যক্তি’।

ভাৰতে কানাডাৰ এই স্থিতি নাকচ কৰি প্ৰতিশোধ হিচাপে কানাডাৰ পৰা উচ্চায়ুক্ত সঞ্জয় কুমাৰ ভাৰ্মাকে ধৰি ছয়গৰাকী শীৰ্ষ কূটনীতিবিদক ঘূৰাই আনে।

ইয়াৰ ধাৰাবাহিক কাৰ্য্যত কানাডাই ছয়জন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰে।