নতুন দিল্লী
মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ বিজ্ঞানীৰ এটা দলে ভাৰতৰ প্ৰথম মানৱ মহাকাশ বিমান 'গগনযান-১'ত ফলৰ মাখি নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে।
এই ফলৰ মাখিৰ সহায়ত মহাকাশ ভ্ৰমণে জীৱিত জীৱক কেনেদৰে প্ৰভাৱিত কৰে আৰু উৰণৰ সময়ত কেনেধৰণৰ জৈৱিক পৰিৱৰ্তন আৰু চাপৰ মাজেৰে পাৰ হয় তাৰ মূল্যায়ন কৰা হ’ব।
দলটোৱে ফলৰ মাখি (ড্ৰ’ছফিলা মেলানোগাষ্টাৰ) প্ৰেৰণ কৰিব, যিবোৰে মানুহৰ ৰোগক প্ৰভাৱিত কৰা জিনীয় পথৰ প্ৰায় ৭৫% ভাগ কৰে। এই বৈশিষ্ট্যই ইহঁতক জৈৱিক পৰিঘটনা অধ্যয়নৰ বাবে আদৰ্শ কৰি তোলে।
ড্ৰ’ছফিলাৰ সৈতে আমাৰ পৰীক্ষাসমূহে মাইক্ৰ’গ্ৰেভিটিৰ সাত দিনৰ আশে-পাশে হ্ৰস্বম্যাদী মহাকাশ ভ্ৰমণৰ প্ৰভাৱ অনুকৰণ কৰি বিপাকীয় ফিটনেছ আৰু স্বাস্থ্যসীমাৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেয়া বুজিব। এতিয়ালৈকে কৰা বেছিভাগ অধ্যয়নেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত দীৰ্ঘম্যাদী সংস্পৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমি গগনযানৰ দৰে চুটি মিছনৰ পিছৰ পৰিণতি বুজি পোৱাৰ ব্যৱধান পূৰণ কৰিছো বুলি প্ৰকল্পটোৰ এগৰাকী মূল গৱেষক জুইলী আদাৰকাৰে নেচাৰ ইণ্ডিয়াক জনাইছে।
মাখিক একাধিক শিশিত ৰখা হ’ব আৰু বাস্তৱ সময়ত নিৰীক্ষণ কৰা হ’ব। মাখিৰ আয়ুস প্ৰায় ৫-৬০ দিন হোৱাৰ বাবে ইহঁত গগনযান মিছনৰ সম্পূৰ্ণ ৫-৭ দিনীয়া উৰণৰ বাবে উপযুক্ত হব। মাখিক দুটা গোটত ভাগ কৰা হ’ব, এটা গোটক মহাকাশলৈ নিক্ষেপ কৰা হ’ব, আৰু আনটোৱে দুয়োটাৰ মাজত হোৱা পৰিৱৰ্তনৰ মূল্যায়নৰ বাবে নিয়ন্ত্ৰণ হিচাপে কাম কৰিব।
দলটোৱে SIRT1 জিন অধ্যয়নত মনোনিৱেশ কৰিব, যিটো এটা মূল জিন যিয়ে SIRT1 প্ৰটিনক সংকেত কৰে, যিটো এনজাইমৰ চিৰ্টুইন পৰিয়ালৰ অন্তৰ্গত। এই এনজাইমবোৰে কোষীয় নিয়ন্ত্ৰণ, বয়স বৃদ্ধি, বিপাকীয় ক্ৰিয়া আৰু মানসিক চাপ প্ৰতিৰোধ ক্ষমতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
টিআইএফআৰৰ দলটোৰ নেতৃত্ব দিয়া উল্লাছ কলথাৰে নেচাৰ ইণ্ডিয়াক জনোৱা মতে, "আমি তদন্ত কৰিম যে SIRT1ৰ মাত্ৰাত হেতালি খেলিলে মহাকাশ ভ্ৰমণৰ বিৰূপ প্ৰভাৱৰ পৰা জীৱক ৰক্ষা কৰিব পাৰি নেকি। ইয়াৰ দ্বাৰা মহাকাশচাৰীসকলৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ বাবে খাদ্য বা ঔষধৰ হস্তক্ষেপৰ বাবে নতুন সম্ভাৱনা মুকলি হ'ব পাৰে।"
আমি অনুসন্ধান কৰিম যে SIRT1ৰ মাত্ৰাত কিছু খেলি মেল কৰিলে মহাকাশ ভ্ৰমণৰ বিৰূপ প্ৰভাৱৰ পৰা জীৱক ৰক্ষা কৰিব পাৰি নেকি। ইয়াৰ ফলত মহাকাশচাৰীসকলৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ বাবে খাদ্য বা ঔষধৰ হস্তক্ষেপৰ নতুন সম্ভাৱনা মুকলি হ’ব পাৰে বুলি টিআইএফআৰৰ দলটোৰ নেতৃত্ব দিয়া উল্লাছ কলথাৰে নেচাৰ ইণ্ডিয়াক জনায়।
বিশেষভাৱে নিৰ্মিত মহাকাশযানত ভাৰতীয় মহাকাশচাৰীক নিম্ন পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰি নিৰাপদে উভতাই অনাৰ সৈতে জড়িত গগনযান অভিযানৰ প্ৰথম উৰণ অহা বছৰ অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীত দুখন ক্ৰুবিহীন পৰীক্ষামূলক বিমান আৰু তাৰ পিছত ক্ৰু মিছন অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰথমখন ক্ৰুবিহীন বিমান ২০২৫ চনত অনুষ্ঠিত হ’ব।