নতুন দিল্লী
ভাৰতে চন্দ্রযান-৪ উৎক্ষেপণৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি লৈছে। কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী জিতেন্দ্র সিঙে বৃহস্পতিবাৰে ঘোষণা কৰে যে, ২০২৭ চনত ভাৰতে চন্দ্রযান-৪ উৎক্ষেপণ কৰিব। এই অভিযানৰ জৰিয়তে জোনবাইৰ বুকুৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ অনা হ'ব।
চন্দ্রযান-৪ত স্থাপন কৰিবলগীয়া উচ্চ ক্ষমতাসম্পন্ন এল ভি এম-৩ ৰকেটৰ পৰা দুটা পৃথক পথ লোৱাৰ পিচত পাঁচটা আন আন ভাগত বিভক্ত হৈ কক্ষপথলৈ উৰা মাৰিব। পৰৱৰ্তী সময়ত এই পাঁচখন ক্ষুদ্র যানক পৃথিৱীৰ কক্ষপথত অৱস্থান কৰা হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, গগনযান অভিযানৰ পৰৱৰ্তী বৰ্ষটোত চন্দ্ৰযান-৪ উৎক্ষেপণ কৰা হ'ব।
ইয়াত ভাৰতীয় মহাকাশ যাত্রীক বিশেষ যানৰ সহায়ত অন্তৰীক্ষৰ পৃথিৱীত থকা নিম্ন কক্ষপথত স্থাপন কৰা হ'ব। তাৰ পিচত পুনৰ পৃথিৱীলৈ ওভতাই অনা হ'ব। একেদৰে অহা বছৰ ভাৰতে সমুদ্র যানো উৎক্ষেপণ কৰাৰ প্ৰস্তুতি সম্পূর্ণ কৰিছে বুলি উল্লেখ কৰে জিতেন্দ্র সিঙে।
সমুদ্ৰৰ গভীৰতাত গৱেষণাৰ সমল গোটাবলৈ তিনিজন ভাৰতীয় বিজ্ঞানীয়ে এখন ছাবমেৰিনৰ জৰিয়তে ছহেজাৰ মিটাৰ গভীৰতালৈ যাব। ইয়াৰ নাম ৰখা হৈছে সমুদ্র যান অভিযান। স্মর্তব্য যে, যোৱা স্বাধীনতা দিৱসৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমুদ্র যানৰ বিষয়ে উনুকিয়াইছিল।