নতুন দিল্লী
ভাৰতে আজি এক বিবৃতিত কঠোৰ ভাষাৰে কয় যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই উল্লেখ কৰা মন্তব্য তেওঁৰ ব্যক্তিগত ক্ষমতাত কৰা হৈছে। তেওঁৰ এই মন্তব্যত ভাৰতৰ কোনো ভূমিকা নাই।
সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে আজি ভাৰতৰ বাংলাদেশৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত মন্ত্ৰী নুৰাল ইছলামক কিয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মাতি আনিছে সেই বিষয়ে ব্যাখ্যা কৰি এক বিবৃতিত কয় যে, হাছিনাই ব্যক্তিগত ক্ষমতাত দিয়া মন্তব্যসমূহত ভাৰতৰ স্থিতিৰ সৈতে মিহলি কৰাটো দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ভাল নহয়।
ভাৰতে বাংলাদেশৰ সৈতে ইতিবাচক, গঠনমূলক আৰু পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক কামনা কৰে বুলি কোৱা হৈছিল, যিটো শেহতীয়া উচ্চ পৰ্যায়ৰ বৈঠকসমূহত কেইবাবাৰো পুনৰাবৃত্তি কৰা হৈছে। বাংলাদেশ কৰ্তৃপক্ষই নিয়মীয়াকৈ দিয়া বক্তব্যই ভাৰতক নেতিবাচকভাৱে চিত্ৰিত কৰি থকাটো অৱশ্যে দুখজনক, আভ্যন্তৰীণ শাসন বিষয়ৰ বাবে আমাক দায়ী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই এক বিবৃতিত কয়।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক জগৰীয়া কৰা মন্তব্য তেওঁৰ ব্যক্তিগত ক্ষমতাত কৰা হৈছে, য’ত ভাৰতৰ কোনো ভূমিকা নাই। ভাৰত চৰকাৰৰ স্থিতিৰ সৈতে ইয়াক মিহলাই দিয়াটো দ্বিপাক্ষিক সম্পৰ্কত সহায়ক হোৱা নাই। ভাৰত চৰকাৰে পাৰস্পৰিকভাৱে উপকাৰী সম্পৰ্কৰ বাবে প্ৰচেষ্টা চলাব যদিও আমি আশা কৰোঁ যে, বাংলাদেশেও পৰিৱেশটোক বিকৃত নকৰাকৈ একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়।
বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভঙা ঘটনাক লৈ ভাৰতে ক্ষোভ প্ৰকাশ কৰাৰ এদিন পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই বিবৃতি প্ৰকাশ কৰি “ভাঙি পেলোৱাৰ কাৰ্য”ক তীব্ৰ গৰিহণা দিয়া উচিত বুলিও কয়।