পৰৱৰ্তী ৫ বছৰৰ ভিতৰত ভাৰতে নিয়ন্ত্ৰণ কৰিব ধুমুহা-বৰষুণ

Story by  atv | Posted by  [email protected] • 2 d ago
পৰৱৰ্তী ৫ বছৰৰ ভিতৰত ভাৰতে নিয়ন্ত্ৰণ কৰিব ধুমুহা-বৰষুণ
পৰৱৰ্তী ৫ বছৰৰ ভিতৰত ভাৰতে নিয়ন্ত্ৰণ কৰিব ধুমুহা-বৰষুণ
 
নতুন দিল্লী
 
পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত ভাৰতীয় বতৰ বিজ্ঞানীসকলে বৰষুণ, ধুমুহা আৰু বজ্রপাত নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক প্রযুক্তি উদ্ভাৱন কৰিব। কেবল বৰষুণ অনাৰ ক্ষেত্ৰতে নহয়, ইয়াৰ নিয়ন্ত্রণো কৰিবলৈ সক্ষম হ'ব ভাৰতীয় বিজ্ঞানীসকলে।
 
উদাহৰণস্বৰূপে স্বাধীনতা দিৱস উদ্যাপনৰ সময়ত দিল্লীত হ'বলগীয়া বৰষুণ ৰোধ কৰিবলৈ বিজ্ঞানীসকলে প্রয়াস চলাব। কেন্দ্রীয় ভূ- বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব এম ৰবিচন্দ্ৰনে দেওবাৰে এই কথা জানিবলৈ দিয়ে। পৰৱৰ্তী ১৮ মাহৰ ভিতৰত ভাৰতীয় বিজ্ঞানীসকলে মেঘৰ স্তৰ নিৰ্ণয় কৰি ইয়াক কিদৰে নিয়ন্ত্রণ কৰিব পৰা যায় সেয়া নিশ্চিত কৰিব।
 
'মিছন মৌচম' নামৰ এক অত্যাধুনিক আঁচনিৰ জৰিয়তে ভাৰতীয় বিজ্ঞানীসকলে আনকি বতৰৰ আগলি বতৰা দিয়াৰ ক্ষেত্ৰতো এখোপ আগবাঢ়ি যাব বুলি সদৰী কৰে ৰবিচন্দ্রনে। ডাৱৰ বিস্ফোৰণৰ ক্ষেত্ৰতো বিজ্ঞানীসকলে আগতীয়া তথ্য লাভ কৰিব পাৰিব বুলি নিশ্চিত কৰিছে ৰবিচন্দ্ৰনে।