বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ হৈ থাকিব ভাৰত: IMF ৰ সঞ্চালক শ্ৰীনিবাসন

Story by  atv | Posted by  [email protected] • 2 h ago
IMF ৰ সঞ্চালক শ্ৰীনিবাসন
IMF ৰ সঞ্চালক শ্ৰীনিবাসন
 
নতুন দিল্লী
 
ভাৰতৰ সামগ্ৰীক অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হৈ থকালৈ ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ হৈ থাকিব।' এই মন্তব্য কৰিছে আই এম এফ এছিয়াৰ প্ৰশান্ত মহাসাগৰীয় বিভাগৰ সঞ্চালক কৃষ্ণ শ্ৰীনিবাসনে।
 
তেওঁ কয়, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৭ শতাংশ আশা কৰা হৈছে। তাৰোপৰি তেওঁ কয়, ২০২৪-২৫ বিত্তীয় বৰ্ষত মূল্যবৃদ্ধিৰ হাৰ ৪.৪ শতাংশ পৰ্যন্ত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে খাদ্য সামগ্ৰীৰ মূল্যত অস্থিৰতা বৰ্তি থাকিব বুলিও তেওঁ উল্লেখ কৰে।
 
শ্ৰীনিবাসনে দেশৰ আন আৰ্থিক বুনিয়াদৰ সন্দৰ্ভত কয়, নিৰ্বাচনৰ পাছতো বিত্তীয়স্থিৰতা সঠিক দিশত আছে। দেশৰ ৰিজাৰ্ভ স্থিতি শক্তিশালী হৈ আছে। তেওঁ নিৰ্বাচনৰ পাছত অৰ্থনৈতিক স্থিতি শুধৰণিৰ বাবে মুখ্য ক্ষেত্ৰসমূহত ধ্যান কেন্দ্ৰীত কৰিবলৈ তিনিটা পৰামৰ্শ আগবঢ়াইছে।
 
সেই তিনিটা হৈছে নিযুক্তিৰ সৃষ্টি, ব্যৱসায়ীক বাধাৰ দূৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন। নিযুক্তিৰ ক্ষেত্ৰত তেওঁ শ্ৰম কোড কাৰ্যকৰী কৰাৰো পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ মতে ইয়াৰ জৰিয়তে শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত হ'ব।
 
প্ৰতিযোগিতা বজাই ৰাখিবলৈ বাণিজ্য ক্ষেত্ৰত সৃষ্টি হোৱা কিছুমান বাধাকো চৰকাৰে আঁতৰাব লাগিব বুলিও তেওঁ কয়। কিয়নো উদাৰ বাণিজ্য নীতিয়ে উৎপাদনশীল কোম্পানীবোৰৰ বিকাশত সহায় কৰে।
 
তাৰোপৰি ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনি উন্নয়ৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। সমান্তৰালকৈ ভূমি সংস্কাৰৰ কথাও কয়। শ্ৰমিকসকলৰ দক্ষতা বিকাশৰ কথা কৈ তেওঁ কয় যে, সেৱা ক্ষেত্ৰত অধিক চাকৰিৰ বাবে সঠিক দক্ষতাৰ প্ৰয়োজন।
 
শ্ৰীনিবাসনে সামাজিক সুৰক্ষা শক্তিশালী কৰা, ব্যৱসায়িক পৰিবেশ উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয় ভাৰতত নিবনুৱাৰ হাৰ ৪.৯ শতাংশ আৰু অৰ্থনীতিত শ্ৰমিক শক্তিৰ অংশগ্ৰহণ হৈছে ৫৬.৪ শতাংশ।
 
ভাৰতত নিবনুৱাৰ সৈতে জনসংখ্যাৰ অনুপাত হৈছে প্ৰায় ৫৩.৭ শতাংশ। কিন্তু শ্ৰম ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ যথেষ্ট কম হোৱাৰ বিষয়টো চিন্তাৰ কাৰণ বুলি উল্লেখ কৰিছে। দেশৰ বৰ্ধিত নিবনুৱাক লৈয়ো তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, উন্নত চাকৰি সৃষ্টিৰ বাবে পৰিবেশ উন্নত কৰাৰ প্ৰয়োজন আছে।