$১.০৫ বিলিয়ন বৃদ্ধি ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে $১.০৫ বিলিয়ন স্পৰ্শ কৰিছে। ৩১ জানুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত $৬২৯.৫৫৭ বিলিয়ন হৈছে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ।
 
উল্লেখ্য যে, ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সৰ্বকালৰ সৰ্বোচ্চ $৭০৪.৮৮৫ বিলিয়নলৈ বৃদ্ধি পাইছিল। কিন্তু শুকুৰবাৰে প্ৰকাশ পোৱা তথ্যত এই সংখ্যা $২০৭ মিলিয়ন হ্ৰাস পাই $৫৩৭.৬৮৪ বিলিয়ন হৈছে।
 
ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক তথ্য অনুসৰি পৰ্যালোচনাধীন সপ্তাহটোত ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পত্তি হ্ৰাস পাইছে। লক্ষ্যণীয় যে, বিদেশী মুদ্ৰাৰ সম্পত্তি (এফচিএ) দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ।  
 
আনহাতে চলিত সপ্তাহটোত সোণৰ ভাণ্ডাৰ $১.২৪২ বিলিয়ন বৃদ্ধি পাই $৭০.৮৯৩ বিলিয়ন হৈছে। আৰ বি আইৰ তথ্য অনুসৰি বিশেষ ড্ৰয়িং ৰাইট (এছ ডি আৰ) $২৯ মিলিয়ন বৃদ্ধি পাই $১৭.৮৮৯ বিলিয়ন হৈছে।
 
এপেক্স বেংকৰ তথ্য অনুসৰি আই এম এফৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ পজিচন ৰিপ’ৰ্ট সপ্তাহত $১৪ মিলিয়ন হ্ৰাস পাই ৪.১৪১ বিলিয়ন হৈছে।
 
উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে বৈদেশিক মুদ্ৰাৰ বজাৰবোৰ অতি মনোযোগেৰে নিৰীক্ষণ কৰি আহিছে। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে অন্তিমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰত সৰ্বকালৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিল। তাৰ পিচত হোৱা বেছিভাগ হ্ৰাসৰ কাৰণ ২০২২ চনত আমদানিকৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে হ'ব পাৰে।