নতুন দিল্লী
ভাৰতীয় শ্বেয়াৰ বজাৰৰ অভিলেখ সংখ্যক পতন। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত কৈয়ো অধিক পতন। ছেনছেক্স ২৬০০ পইণ্টৰো অধিক পতনেৰে অভিলেখ। ২ জুলাইৰ পাছত নিফটিৰো সৰ্বাধিক পতন। নিফটি ২৪,০০০ৰ ঘৰৰ তললৈ পতন হৈছে।
২৩, ৯০০ৰ ঘৰত উঠা নমা কৰিছে নিফটি সুচাংকই। ভাৰতীয় টকাৰ মূল্যও সৰ্বনিম্নলৈ পতন হৈছে। আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মান ৮৩.৮০ লৈ হ্ৰাস পাইছে। বিশ্বৰ শ্বেয়াৰ বজাৰৰ পতনৰ আশংকাতে ভাৰতীয় শ্বেয়াৰ বজাৰৰো পতন।
আমেৰিকাত নিয়োগৰ সুযোগ হ্ৰাস তথা নিবনুৱাৰ সংখ্যা ৪.৩ শতাংশ বৃদ্ধি। মধ্য প্ৰাচ্যৰ ভূৰাজনৈতিক অস্থিৰতায়ে প্ৰভাব পেলাইছে শ্বেয়াৰ বজাৰত। জাপানৰ শ্বেয়াৰ বজাৰৰ পতনো অন্যতম কাৰণ। জাপানৰ নিক্কেই সোমবাৰে পুৱা ৪ শতাংশ পতন হৈছে। মাৰুতি ছুজুকী, টাটা মটৰছ, হিণ্ডালকো, টাইটান, টাটা ষ্টীলৰ শ্বেয়াৰৰ পতন হৈছে। আনফালে এপল’ হাস্পতাল ছান ফাৰ্মাৰ শ্বেয়াৰৰ উত্থান হৈছে।
প্ৰতিমুহূৰ্তত পতন হৈ আছে ছেনছেক্স আৰু নিফটীৰ পইণ্ট। দিনৰ ১১ বাজি ৫৫ মিনিট ২.৭৪ শতাংশ পতন হৈছে নিফটীৰ। আনহাতে ২,৩৯৯.৪৩ পইণ্ট পতন হৈছে ছেনছেক্স।