নতুন দিল্লী
দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মুদ্রাস্ফীতিৰ হাৰ। মাথোঁ এমাহৰ ব্যৱধানতে দেশত সৰ্বভাৰতীয় গ্রাহক মূল্য সূচকাংক (চি পি আই) মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে ৫.৪৯ শতাংশপর্যন্ত। কেন্দ্রীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্রালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি যোৱা আগষ্ট মাহত দেশত মুদ্রাস্ফীতিৰ হাৰ আছিল ৩.৬৫ শতাংশ। কিন্তু এমাহ পিচতে অর্থাৎ ছেপ্টেম্বৰত মুদ্রাস্ফীতি বৃদ্ধি পালে ৫.৪৯ শতাংশলৈ। ইফালে খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে ৯.২৪ শতাংশপর্যন্ত। আগষ্টত খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত মুদ্রাস্ফীতি আছিল ৫.৬৬ শতাংশ। কিন্তু ছেপ্টেম্বৰ মাহত বৃদ্ধি পায় ৯.২৪ শতাংশলৈ।
প্রতিবেদনত প্ৰকাশ পোৱা অনুসৰি, খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত গ্রামাঞ্চলত ৯.০৮ শতাংশ আৰু চহৰ অঞ্চলৰ ক্ষেত্রত ৯.৫৬ শতাংশলৈ বাঢ়িছে মুদ্রাস্ফীতিৰ হাৰ। অসমৰ ক্ষেত্ৰতো মুদ্রাস্ফীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা বছৰৰ ছেপ্টেম্বৰত অসমত মুদ্রাস্ফীতিৰ সূচকাংক আছিল ১৮৭.৮। আনহাতে যোৱা ছেপ্টেম্বৰ মাহত মুদ্রাস্ফীতিৰ সূচকাংক অসমত হৈছে ১৯৬.৯। অর্থাৎ এবছৰৰ ব্যৱধানত অসমত মুদ্রাস্ফীতি বাঢ়িছে ৪.৮ শতাংশ।
এবছৰৰ ব্যৱধানত অন্ধ্রপ্রদেশত ৪.৭৫ শতাংশ, বিহাৰত ৭.৫০ শতাংশ, ছত্তীশগড়ত ৭.৩৬ শতাংশ, দিল্লীত ৩.৬৭ শতাংশ, গুজৰাটত ৬.০৫ শতাংশ, হাৰিয়ানাত ৬.২০ শতাংশ, হিমাচল প্রদেশত ৪.৫৯ শতাংশ, ঝাৰখণ্ডত ৫.১৫ শতাংশ, কর্ণাটকত ৪.৯২ শতাংশ, কেৰালাত ৫.৫২ শতাংশ, মধ্যপ্রদেশত ৫.৯২ শতাংশ, মহাৰাষ্ট্ৰত ৫.০৪ শতাংশ, ওড়িশাত ৬.৫৬ শতাংশ, পঞ্জাবত ৫.২৫ শতাংশ, ৰাজস্থানত ৫.৩১ শতাংশ, তামিলনাডুত ৫.১৯ শতাংশ, তেলেংগানাত ৪.৪০ শতাংশ, উত্তৰ প্ৰদেশত ৬.৭৪ শতাংশ, উত্তৰাখণ্ডত ৪.৬৭ শতাংশ, পশ্চিমবংগত ৪.২৭ শতাংশ আৰু জম্মু-কাশ্মীৰত ৫.০২ শতাংশ বৃদ্ধি পাইছে মুদ্রাস্ফীতিৰ হাৰ।
ইপিনে যোৱা এবছৰত দেশত মাহজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত ৬.৮৪ শতাংশ, মাছ আৰু মাংসত ২.৬৬ শতাংশ, কণীত ৬.৩১ শতাংশ, গাখীৰজাতীয় সামগ্রীত ৩.০৩ শতাংশ, তেল আৰু চর্বিজাতীয় সামগ্রীত ২.৪৭ শতাংশ, ফল-মূলত ৭.৬৫ শতাংশ, শাক-পাচলিত ৩৫.৯৯ শতাংশ, চেনিজাতীয় সামগ্রীত ৩.৪৬ শতাংশ, মিঠাই, বিস্কুট জাতীয় সামগ্রীত ৩.৫৬ শতাংশ বৃদ্ধি পাইছে মুদ্রাস্ফীতি। একেদৰে বস্তু সামগ্ৰীত ২.৮০ শতাংশ, জোতা, চেণ্ডেলত ১.৯৯ শতাংশ, ঘৰুৱা সামগ্ৰীত ২.৫৫ শতাংশ, স্বাস্থ্যখণ্ডত ৪.০৯ শতাংশ, পৰিবহণ আৰু যোগাযোগত ২.৭৭ শতাংশ, শিক্ষাখণ্ডত ৩.৭৯ শতাংশ বৃদ্ধি পাইছে মুদ্রাস্ফীতি।