নকুল শিবানী/ নতুন দিল্লী
২০০৯ চনৰ শীতকালৰ এটা দুপৰীয়া। ইনছা বাছিয়ে বিদ্যালয়ৰ পৰা উভতি আহিছিল মাত্ৰ। আলচাৰ আৰু মুখৰ ৰক্তক্ষৰণত ভুগি থকা জম্মু-কাশ্মীৰৰ বুদগাম জিলাৰ বীৰৱাহৰ মাজৰুল হক স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ৰ'দৰ আমেজ ল'বলৈ ঘৰৰ বেলকনিত থিয় হৈছিল। কিন্তু, হঠাতে বমিৰ ভাৱ অহাত তেওঁ উবুৰি খাই মাটিত পৰি যায় আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।
সেইদিনাৰ পৰা আজিলৈকে হুইলচেয়াৰত আৱদ্ধ হৈ থকা ইনছা বাছি হ'ল বাস্কেটবলত ভাৰতক প্ৰতিনিধিত্ব কৰা জম্মু আৰু কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। "দূৰ্ঘটনাৰ পিছত মই পিছদিনা চিকিৎসক আৰু পৰিয়ালৰ দ্বাৰা পৰিবেষ্টিত এখন চিকিৎসালয়ত নিজকে উদ্ধাৰ কৰিছিল। কি হৈছিল মই নাজানো। কোনেও মোক একো কোৱা নাছিল," ২৯ বছৰীয়া মৃদুভাষী ইনছাই কয়।
তেওঁ লগতে কয়, "মই ভাবিছিলো যে এইটো এটা সাধাৰণ আঘাত আৰু প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসাৰ পিছত মোক অব্যাহতি দিয়া হ'ব।" কিন্তু সেয়া হোৱা নাছিল। পৰৱৰ্তী তিনি মাহ চিকিৎসক আৰু নাৰ্ছৰ যত্নত চিকিৎসালয়ৰ বিচনাত সময় পাৰ কৰিবলগীয়া হৈছিল ইনছাই। যুৱতীগৰাকীয়ে উপলব্ধ কৰা নাছিল যে তেওঁৰ বাবে পৃথিৱীখন চিৰদিনৰ বাবে সলনি হৈ গৈছে। এই দূৰ্ঘটনাৰ ফলত তেওঁৰ কঁকালৰ তল ফালটো পক্ষাঘাতগ্ৰস্ত হৈ পাঁচ বছৰ ধৰি বিচনাত পৰি থাকিবলগীয়া হয়।
চিকিৎসকসকলে তেওঁক আশা দি থাকিল। "তেওঁলোকে কৈছিল যে মই ভালে থাকিম, মই সাহসী হোৱা উচিত। মই মোৰ মা-দেউতাক কান্দি থকা দেখিছিলো। লাহে লাহে মই নিজেই গম পালোঁ যে মই পক্ষাঘাতগ্ৰস্ত হৈ পৰিছো। কিন্তু মই ভাবিছিলো যে মই কিছু সময়ৰ পিছত ভাল হৈ যাম," ইনছা বাছিয়ে কয়।
তেওঁ লগতে কয়, "বহু বছৰ ধৰি কোনেও মোৰ সৈতে আঘাতৰ গুৰুত্ব ভাগ-বতৰা কৰা নাছিল।" যেতিয়াই তেওঁ নিজৰ মাক-দেউতাকক এই বিষয়ে সুধিছিল, তেওঁলোকে আলোচনাৰ বিষয়টো সলনি কৰে। মাক দেউতাকে তেওঁক কৈ আছিল যে তাই এদিন ভাল হৈ উঠিব।
এক অলৌকিক ঘটনাৰ আশাত যুৱতীগৰাকীক মুম্বাই আৰু দিল্লীলৈ লৈ যোৱা হৈছিল। "কিন্তু বাস্তৱ জীৱনত নহয়, চলচ্চিত্ৰত অলৌকিক ঘটনা ঘটে," ইনছাই দুখেৰে কয়। অৱশেষত, ২০১২ চনত এটা বাতৰিয়ে তেওঁৰ অন্তৰ ভাঙি দিয়ে। ইনছা বাছিয়ে জানিব পাৰিছিল যে তেওঁ কেতিয়াও খোজ কাঢ়িব নোৱাৰিব।
ইনশা বাছিৰ
"মই হতাশাত ভাঙি পৰিছিলো। মোৰ বাবে পৰৱৰ্তী কেইটামান বছৰ বহুত কঠিন আছিল। মই মোৰ কোঠাত আৱদ্ধ হৈ আছিলো, কাৰো সৈতে কথা পতা নাছিলো, কি কৰিব লাগে নাজানিছিলো," তেওঁ কয়।
অৱশ্যে, কেতিয়াবা প্ৰতিকূল পৰিস্থিতিয়ে জীৱনক নতুন ৰূপ দিয়ে। ২০১৫ চনত তেওঁ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষক দেউতাক পাৰ্কিনছন চিণ্ড্ৰোমত আক্ৰান্ত হৈছিল। দেউতাকৰ অৱস্থাই তেওঁক বেয়াকৈ জোকাৰি গৈছিল। তেতিয়াই তেওঁ আত্মগ্লানি ত্যাগ কৰিছিল আৰু জীৱনটো নতুনকৈ গঢ় দিয়াৰ লক্ষ্য লৈছিল।
শ্ৰীনগৰৰ এছকেআইএমএছ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ চেলিম ৱানীয়ে তেওঁক কৈছিল যে তেওঁৰ দেউতাক এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত তেওঁ নিজৰ জীৱনৰ দায়িত্ব নিজেই ল'ব লাগে। "আৰু মই সেয়াই কৰিছিলো। মই পুনৰ্বাসলৈ গৈছিলো। শ্ৰীনগৰৰ বেমিনাত অৱস্থিত স্বেচ্ছাসেৱী মেডিকেয়াৰ চ'চাইটিয়ে মোৰ হাত ধৰি মোক পথ দেখুৱাইছিল," ইনছাই কয়।
ক্ৰমান্বয়ে তেওঁ দৈনন্দিন কামসমূহ নিজে নিজে কৰিবলৈ আৰম্ভ কৰিছিল। মেডিকেয়াৰ চ'চাইটিত কটোৱা সময়বোৰে তেওঁক স্বতন্ত্ৰ অনুভৱ কৰিবলৈ শিকায় আৰু তেওঁক মানসিকভাৱে শক্তিশালী কৰে। হুইলচেয়াৰ ব্যৱহাৰ কৰি তেওঁ নিজে বহুতো কাম কৰিবলৈ সক্ষম হৈছিল।
লাহে লাহে কথাবোৰ ভাল হ’বলৈ আৰম্ভ কৰিছিল। এদিন তাই ল’ৰাৰ দল এটা বাস্কেটবল খেলি থকা দেখিলে, আৰু সিহঁতৰ লগত খেলিবলৈ সিদ্ধান্ত ল’লে। সকলো ল’ৰাৰ ভিতৰত তেওঁ আছিল একমাত্ৰ ছোৱালী। হতাশাৰ মাজেৰে পাৰ হোৱাৰ পিছত তেওঁ আকৌ জীৱনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিল।
“ক্ৰীড়াই মোক নতুন জীৱন দিছিল,” তেওঁ আত্মবিশ্বাসেৰে কয়। তেওঁ জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু অৱশেষত ২০১৯ চনত বাস্কেটবল প্ৰতিযোগিতাত খেলিবলৈ আমেৰিকালৈ যোৱাৰ সময়ত ভাৰতৰ জাৰ্চি পিন্ধিছিল।
খেলি থকা সময়ত ইনশা বাছিৰ
ভাৰতীয় দলৰ হৈ দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ ফলত তেতিয়াৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁক এখন দামী ক্ৰীড়া হুইল চেয়াৰ উপহাৰ দিয়ে। সেই হুইল চেয়াৰে তেওঁক উৰিবলৈ দুখন নতুন ডেউকা দিলে। “মোৰ দেউতাই সদায় কৈছিল যে মোক লৈ তেওঁলোকে এদিন গৌৰৱ কৰিব। মই ভাৰতীয় দলত স্থান পোৱাৰ পিছত তেওঁৰ ইচ্ছা পূৰণ হৈছিল।’-বাছিয়ে কয়।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত হুইলচেয়াৰ আন্তঃৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ অংশ আছিল ইনশা। তেওঁ প্ৰতিযোগিতাখনত ৰূপৰ পদক লাভ কৰিছিল। তেওঁৰ শাৰীৰিক প্ৰত্যাহ্বানবোৰ কাশ্মীৰী ছোৱালীৰ আদৰ্শ হোৱাৰ বাটত বাধা আহিবলৈ দিয়া নাই।
“মই এখন ৰক্ষণশীল সমাজৰ পৰা আহিছো। ছোৱালীৰ জীৱনটো কঠিন। শাৰীৰিক প্ৰত্যাহ্বান থকা যিকোনো ব্যক্তিৰ জীৱন কঠিন। সপোন ভংগ হোৱা ছোৱালীক বাট দেখুৱাবলৈ মই অগ্ৰণী হ’ব বিচাৰিছিলো।’-আত্মবিশ্বাসেৰে কয় ইনছাই। কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা বি এড, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ছচিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বৰ্তমান শ্ৰীনগৰৰ স্বেচ্ছাসেৱী মেডিকেৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে।
‘মই অলিম্পিক পদক লাভ কৰা প্ৰথমজন কাশ্মীৰী হ’ব বিচাৰো। পেৰালিম্পিকত ভাৰতৰ হৈ খেলাটো মোৰ ডাঙৰ সপোন।’-প্ৰতিভাৱান যুৱতীগৰাকীয়ে কয়। ৰাজ্যৰ বহু শাৰীৰিকভাৱে অক্ষম ছোৱালীক এই খেলবিধক তুলি ল’বলৈ আৰু ইয়াত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁৰ লগতে কাশ্মীৰ উপত্যকাৰ আন এগৰাকী ছোৱালী ইশ্ৰতেও নয়ডা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ৰূপৰ পদক বিজয়ী ভাৰতীয় দলৰ অংশ আছিল।