আগন্তুক ৫ বছৰত ৰাজ্যত বিনিয়োগৰ পৰিমাণ ১৫ লাখ কোটিলৈ বৃদ্ধি হব: হিমন্ত বিশ্ব শর্মা

Story by  atv | Posted by  Munni Begum • 7 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
শিল্প বিপ্লৱৰ এক নতুন যাত্ৰাৰ সূচনা কৰি সামৰণি পৰিল এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন। ৪ লাখ ৯১ হেজাৰ ৫০০ কোটি টকাৰ বিনিয়োগৰ চুক্তিয়ে অভিলেখ গঢ়িলে এডভান্টেজ আছাম-২.০ সন্মিলনে। নতুন সম্ভাৱনা আৰু স্বপ্নৰ বাৰ্তা কঢ়িয়াই বিনিয়োগ সন্মিলনৰ অন্ত পৰাৰ পিচতেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এডভান্টেজ আছাম-২.০ সন্মিলনে এক উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিলে বুলি মন্তব্য কৰিছে। 
 
দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা কেইবাজনো কেন্দ্রীয় মন্ত্রী, ৬৭ গৰাকী ৰাষ্ট্রদূত আৰু প্রতিনিধি, ৭৫ খন দেশৰ অংশগ্রহণ, প্রায় ২০ হেজাৰ অতিথিৰ উপস্থিতিৰে সমৃদ্ধিশালী অসমৰ ইংগিত বহন কৰি সামৰণি পৰে বিনিয়োগ সন্মিলনখন। বৃহস্পতিবাৰে বিয়লি এই সন্মিলনৰ প্রদর্শনী পৰিদৰ্শন কৰি মুখ্যমন্ত্রী শর্মাই কয় যে, এডভান্টেজ আছাম-২.০ সন্মিলনত হোৱা বুজাবুজি চুক্তি আৰু ঘোষণাৰ পৰা অসমত বিনিয়োগৰ পৰিমাণ ৪.৫০ লাখ কোটি টকাতকৈ অধিক হৈছে। 
 
হাড্র'কার্বন, নিউ এনার্জি আৰু খনিজ-এই তিনিটা খণ্ডই বিনিয়োগ সন্মিলনত বিশেষ প্রাধান্য লাভ কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে, সন্মিলনত সমান্তৰালকৈ কৃষি, পশুপালন আৰু উদ্যান শস্য খণ্ডতো বিনিয়োগৰ প্রস্তাৱ পোৱা গৈছে। অসমক মহাশক্তিশালী কৰাৰ সংকল্প লোৱা হৈছে। উদ্যোগীকৰণেৰে অসমৰ যুৱক-যুৱতীক কর্মসংস্থাপন দিয়াৰ লক্ষ্য লোৱা হৈছে। কাৰণ উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক-যুৱতীয়ে কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে।  
 
তেওঁ কয়, "মই যেতিয়া বেংগালুৰু, কর্ণাটক, চেন্নাইলৈ যাওঁ তাত ৭-৮- হেজাৰ টকা দৰমহাত অসমৰ যুৱক-যুৱতীয়ে কাম কৰি থকা দেখা পাওঁ। তেওঁলোকে নিজে দুবেলা দুমুঠি নাখাই ঘৰত মাক-দেউতাকলৈ টকা পঠোৱা দৃশ্যবোৰে আমাক এটাই কথা সোঁৱৰাই দিয়ে যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে, তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। এয়া মাথোঁ আধাৰশিলাহে। অহা ৪-৫ বছৰত অসমত বিনিয়োগৰ পৰিমাণ ১৫ লাখ কোটি টকালৈ বৃদ্ধি পাব। 
 
তেওঁ লগতে কয়, "এতিয়া আৰু ছিকিউৰিটি গার্ডৰ বাবে অসমৰ যুৱক-যুৱতী বাহিৰলৈ যাব নালাগে। তেওঁলোকক অসমৰ উদ্যোগতে কর্মসংস্থাপনৰ বাট মুকলি কৰি দিব লাগিব। আন্দোলন, হত্যা আৰু তেজৰ ফাকু খেলা অসম এখনৰ পৰিবর্তে উজ্জ্বল ভবিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছো। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তিয়ে আগুৱাই লৈ যাব লাগিব। ১৯৪৭ চনৰ আগত অসম যেনেধৰণৰ সম্পদশালী আছিল আমি অসমখনক তালৈকে লৈ যাব পাৰিছো।" 
 
এই বছৰটোত কেইবাটাও কাম হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, এই বছৰত জাগীৰোড ছেমি কণ্ডাক্টৰৰ উৎপাদন আৰম্ভ হ'ব। ১৭০০ যুৱতীয়ে বেংগালুৰুত প্রশিক্ষণ লৈ আছে। অসমৰ আলুৰ পৰা চিপছ প্রস্তুত কৰিব পেপছিয়ে। বৰঝাৰ বিমানবন্দৰ দেশৰ ভিতৰতে পঞ্চম সৰ্ববৃহৎ বিমানবন্দৰ হ'ব। এডভান্টেজ আছাম ২.০ সন্মিলনত অকল চুক্তি হ'লেই নহ'ব। ইয়াক সম্পূর্ণৰূপে কাৰ্যকৰী কৰিব লাগিব। কাৰ্যকৰী হ'লেহে এই সন্মিলনৰ লক্ষ্য-উদ্দেশ্য সফল হ'ব। 
 
উল্লেখ্য যে, এই প্রদর্শনীখনত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ-প্রতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্রতিফলিত কৰাৰ লগতে ইয়াত অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে। আনহাতে, প্রদর্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রীও প্রদর্শন কৰা হৈছে। আজিৰে পৰা সৰ্বসাধাৰণৰ বাবে মুকলি কৰা এই সুবৃহৎ প্রদর্শনীখন অহা ১ মার্চলৈ চলিব। 
 
এই প্রদর্শনী মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত পৰিদৰ্শন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি প্রদর্শনীখনৰ 'অসম-অতীত, বর্তমান আৰু ভবিষ্যৎ' শীর্ষক পেভিলিয়নত অংশগ্রহণ কৰা ৰাজহ্বা আৰু ব্যক্তিগত খণ্ডৰ অগ্রণী প্রতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ পিচত শর্মাই কয় যে, অসমৰ ষ্টার্টআপ, বৃহৎ উদ্যোগ, ক্ষুদ্র-মজলীয়া আৰু লঘু উদ্যোগ, বনজ উৎপাদন, আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত সামগ্রী আদি এই প্রদর্শনীখনত প্রদর্শন কৰা হৈছে। 
 
মুখ্যমন্ত্রীয়ে সৰ্বসাধাৰণ জনতাৰ লগতে বিশেষকৈ ৰাজ্যৰ শিক্ষার্থী সমাজক এই প্রদর্শনীখন চাবলৈ আহ্বান জনাই কয় যে, ইয়াৰ জৰিয়তে তেওঁলোকে অসম সম্বন্ধীয় বহু বিষয় অৱগত হ'বলৈ সক্ষম হ'ব। অসমৰ ষ্টার্টআপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে আৰু এই খণ্ডটোৱে যথেষ্ট অগ্রগতি লাভ কৰিছে। 
 
তেওঁ লগতে সদৰী কৰে যে, অসমৰ ষ্টার্টআপ ইনকিউৱেচন চেণ্টাৰৰ লগত প্রত্যক্ষভাৱে জড়িত কৰি ৰাজ্যখনৰ ষ্টার্টআপ খণ্ডটোক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দক্ষিণ কোৰিয়া চৰকাৰৰ সৈতে আলোচনা প্রক্রিয়া চলাই আছে। ষ্টার্টআপৰ সৈতে জড়িত ৰাজ্যখনৰ যুৱ সমাজৰ প্রতিভা প্রদর্শিত কৰাৰ লগতে তেওঁলোকৰ প্রতিভা অধিক বিকশিত হোৱাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ষ্টার্টআপ প্রদর্শনী অনুষ্ঠিত কৰিব।