আতিৰ খান
ভাৰতৰ ঔপনিৱেশিক শাসনে হিন্দু আৰু মুছলমানৰ মাজত শতিকাজুৰি চলি থকা একতা, সংহতি আৰু সহাৱস্থানৰ ধাৰা বিঘ্নিত কৰিছিল। ইয়াৰ ফলত সমাজখনক বিভাজিত কৰি ৰখা এক বিসংগতিৰ ইতিহাস ৰৈ গৈছে। ইংৰাজে ৰূপায়ণ কৰা বিভাজন আৰু শাসনৰ নীতিয়ে ভাৰতৰ সমাজতন্ত্ৰত স্থায়ী ক্ষতি সাধন কৰিছিল। বিভাজনৰ দাগবোৰ এতিয়াও ৰৈ আছে, আৰু নিৰাপত্তাহীনতাৰ পৰিৱেশ স্থায়ী কৰি ৰাখিছে, যিয়ে অধিক সংহত ভৱিষ্যতৰ দিশত অগ্ৰগতি লাভত বাধাৰ সৃষ্টি কৰে।
প্ৰত্যাহ্বানৰ মাজতো ভাৰত বহু-সংস্কৃতিৰ সমন্বয়ক্ষেত্ৰ হৈ আহিছে, যাৰ মূলতে আছে সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ পৰম্পৰা। এই সাংস্কৃতিক সমন্বয়ে দেশখনৰ এক অনন্য পৰিচয়ৰ জন্ম দিছে। ভাৰত সদায় গভীৰভাৱে ধৰ্মীয় দেশ, য’ত মানুহৰ সহাৱস্থান আছে। বৈচিত্ৰতাৰ মাজতো ভাৰতবাসীয়ে ইজনে সিজনৰ সংবেদনশীলতাক সন্মান জনাবলৈ, ইজনে-সিজনৰ ধৰ্ম-সংস্কৃতিক আঁকোৱালি ল'বলৈ শিকিছে।
পুৰণি দিল্লীৰ দৰে ঐতিহাসিক স্থানসমূহ এই সমন্বয়ৰ প্ৰতীক, য’ত চান্দনী চ’কৰ একেটা পথৰ কাষৰ মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গীৰ্জাৰ সহাৱস্থানে ধৰ্মীয় বৈচিত্ৰ্যতাক প্ৰতিফলিত কৰিছে।
উত্তৰ-পূব দিল্লীৰ গৌতমপুৰীৰ হিন্দু আৰু মুছলমান যুৱক-যুৱতীসকল
ইয়াৰ ফলতেই ভাৰতীয়ত্ব, উৰ্দু নামৰ এক নতুন ভাষা, আৰু মহান কাব্য আৰু সংগীত পৰম্পৰাৰ জন্ম হৈছিল। ৰাজবাদ আৰু ৰিয়াসাতসকলে ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, যোগ্যতাৰ ওপৰত প্ৰতিভাক পৃষ্ঠপোষকতা কৰিছিল। স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ ধৰ্মনিৰপেক্ষ স্থিতি এনেকুৱাই আছিল। সেইবোৰ সময় আছিল যেতিয়া মানুহে সমৃদ্ধিশালী অভিজ্ঞতা লাভ কৰিছিল বুলি কোৱা হৈছিল য’ত তেওঁলোকে ইজনে সিজনৰ পৰা শিকিছিল আৰু ব্যৱসায় আৰু বাণিজ্যত শিল্পকলাৰ দক্ষতা আৰু কৌশলগততাৰ আদান-প্ৰদান কৰিছিল।
যদিও ই আছিল এক লেহেমীয়া গতিৰ পৃথিৱী, আৰু আধুনিক পৃথিৱী বৰ্তমান যি বিজুলী গতিৰে আগবাঢ়িছে, তেনেকুৱা নাছিল। তথাপি, কিন্তু মানুহবোৰ বৰ সুখী আছিল। কিন্তু আজি যদি আমি দেশৰ জনসংখ্যাৰ বৃহত্তৰ বিভাজনলৈ চাওঁ তেন্তে হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ে ইজনে সিজনৰ পৰা আঁতৰি গৈছে। স্বাধীনতাৰ পিছৰ এক ঐক্যবদ্ধ জাতীয় দৃষ্টিভংগীৰ অনুপস্থিতিয়ে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাবলৈ সুবিধা কৰি দিলে, যাৰ ফলত সম্প্ৰদায়ৰ পৃথকীকৰণ হ’ল। ৰাজনৈতিক নেতাসকলে প্ৰায়ে হ্ৰস্বম্যাদী নিৰ্বাচনী লাভৰ বাবে এই বিভাজনবোৰ তীব্ৰতৰ কৰি তুলিছিল।
ইয়াৰ ফলত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায় ক্ষতিগ্ৰস্ত হৈছে আৰু এতিয়া ভয় আৰু নিৰাপত্তাহীনতাৰ দ্বাৰা পৰিচালিত হৈ তেওঁলোক পৃথক হৈ পৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশ, দিল্লী, মুম্বাই, ৰাজস্থান, গুজৰাটৰ দৰে ৰাজ্যত এই পৃথকীকৰণ ক্ৰমান্বয়ে শিপাই গৈছে। সময়ৰ লগে লগে সম্প্ৰদায় দুটাৰ মাজত দূৰত্ব বাঢ়িছেহে, আৰু যদিহে ইয়াক সমাধান নকৰাকৈয়ে ৰখা হয়, তেন্তে আজিৰ দৰে ই বিপদমুক্ত (harmless) হৈ নাথাকিব।
প্ৰতিনিধিত্বমূলক ছবি
দ্ৰুত প্ৰযুক্তিগত উন্নতি আৰু বিশ্বায়নে মানুহক বিচ্ছিন্ন কৰি তুলিছে। গতিকে এনে সময়ত তৃণমূল পৰ্যায়ত একতা-সংহতিৰ প্ৰসাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। মিশ্ৰিত গৃহ নিৰ্মাণৰ পদক্ষেপে (Mixed housing initiatives) সাম্প্ৰদায়িক বিভাজন দূৰ কৰাৰ ক্ষেত্ৰত এক আশাব্যঞ্জক সমাধান সূত্ৰ হ'ব পাৰে।
এই প্ৰস্তাৱিত সংযুক্ত চুবুৰীসমূহে (integrated neighborhoods) বাসিন্দাসকলৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিদ্যালয়, সম্প্ৰদায় কেন্দ্ৰ, আৰু উপাসনা স্থানৰ দৰে সাম্প্ৰদায়িক সুবিধাসমূহক অগ্ৰাধিকাৰ দিব লাগে। সকলো সম্প্ৰদায়ৰ প্ৰতিনিধিৰে গঠিত পৰিচালনা সমিতিয়ে সমন্বয় আৰু ন্যায়পৰায়ণতা নিশ্চিত কৰিব পাৰে।
এনে অঞ্চলসমূহক ‘মডেল ইন্টিগ্ৰেটেড বিহাৰ’ বুলি ক’ব পাৰি আৰু এই প্ৰকল্পৰ আৰম্ভণিতে পৰীক্ষামূলক ভিত্তিত এখন জিলাত আৰম্ভ কৰিব পাৰি। অভিজ্ঞতাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি যিকোনো নীতিগত পাঠ্যক্ৰম সংশোধনৰ বাবে লিপিবদ্ধ কৰিব লাগে। আগন্তুক ৪০ বছৰত এই ধাৰণা সফল ৰূপায়ণে একতা আৰু সমন্বয় সুনিশ্চিত কৰিব। একেদৰে, সকলো ভাৰতীয় এক উমৈহতীয়া ৰাষ্ট্ৰীয় পৰিচয়ত একত্ৰিত হ'ব।
ৰাখী বন্ধনৰ দিনা নিৰাপত্তাৰক্ষী বাহিনীৰ এজন বিষয়াক ৰাখী বান্ধিলে এগৰাকী মুছলমান মহিলাই
এই প্ৰকল্পটো আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা এইবাবেই উদ্ভৱ হৈছে যে যোৱা ৭৭ বছৰত হিন্দু আৰু মুছলমানৰ মাজৰ শূন্যতাক এটা গুৰুতৰ প্ৰকল্প হিচাপে সম্বোধন কৰা হোৱা নাই। দুয়োটা সম্প্ৰদায়ৰ সম্পৰ্ক কেৱল বৃত্তিগত প্ৰয়োজনীয়তাৰ মাজতে সীমাবদ্ধ হৈ পৰিছে। এই ক্ৰমবৰ্ধমান ব্যৱধানৰ ফলত তেওঁলোকৰ ইজনে সিজনক বুজি পোৱাৰ ক্ষমতা হ্ৰাস পাইছে।
এই পদক্ষেপসমূহক প্ৰতিষ্ঠানকৰণ (institutionalize) আৰু ইয়াৰ দীৰ্ঘম্যাদী কাৰ্য্যক্ষমতা নিশ্চিত কৰিবলৈ আইনগত সমৰ্থনৰ প্ৰয়োজন হ’ব পাৰে। ছিংগাপুৰৰ দৰে দেশৰ সফল আৰ্হিৰ পৰা প্ৰেৰণা লৈ ভাৰতে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি বৈচিত্ৰ্যত ঐক্যৰ সম্ভাৱনা শক্তিশালী কৰিব পাৰে। আজিৰ সময়ত মিশ্ৰিত গৃহ নিৰ্মাণ (Mixed Housing Localities)ৰ ধাৰণাটো অৰ্থহীন, হাস্যকৰ আৰু আকাশত চাং পতা কথাৰ নিচিনা। কিন্তু ই সঁচাকৈয়ে সময়ৰ আহ্বান।
সামৰণিত ক’ব পাৰি যে মিশ্ৰিত আৱাসিক উপনিবেশসমূহে সামাজিক সম্প্ৰীতি গঢ়ি তোলা আৰু এক অংশীদাৰী ৰাষ্ট্ৰীয় পৰিচয়ৰ প্ৰসাৰৰ দিশত এক শক্তিশালী পদক্ষেপ হ'ব পাৰে। বৈচিত্ৰ্যতাৰ মাজত সমন্বয়ক প্ৰসাৰিত কৰি ভাৰতে সমৃদ্ধিৰ বাবে অধিক সংহত আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব পাৰে।