১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাসৰ ৰচনা ইছৰোৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ ইছৰোৰ
১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ ইছৰোৰ
 
শ্ৰীহৰিকোটা
 
অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰই নিজৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাসৰ ৰচনা কৰিলে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোই ২০২৫ চনৰ ২৯ জানুৱাৰীৰ পুৱা ৬.২৩ বজাত জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (GSLV-F15) উৎক্ষেপণ কৰিছে।
 
২২৫০ কিলোগ্ৰাম ওজনৰ গধুৰ উপগ্ৰহ কঢ়িয়াই মহাকাশ অভিমুখে উৰি যোৱা GSLV-F15 বিমানখনৰ এয়া ১৭ সংখ্যক উৰণ। এয়া আছিল থলুৱা ক্ৰাইজেনিক পৰ্যায়ৰ ১১সংখ্যক উৰণ। এই মহাকাশযানখনৰ নাম হৈছে NVS-02। এই অভিযানে দেশৰ যাতায়তৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। থলুৱা ক্ৰাইজেনিক ষ্টেজ GSLV-F15 য়ে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰাৰ পিছত NVS-02 উপগ্ৰহটোক জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথত স্থাপন কৰিব।
ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৬:৪২ বজাত GSLV-F15 এ NVS-02ক নিজৰ কক্ষপথলৈ প্ৰেৰণ কৰে আৰু লগতে ইয়াক পৃথক কৰে। ইয়াৰ পাচতে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰই নিজৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ১০০ সংখ্যক ৰকেট সফলতাৰে উৎক্ষেপণ কৰে। 
 
এই উপলক্ষে দেশবাসীক সম্বোধন কৰি ইছৰোৰ নতুন অধ্যক্ষগৰাকীয়ে কয়, "সুপ্ৰভাত ভাৰতবৰ্ষ, আমি সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক লঞ্চ পেডৰ পৰা ২০২৫ চনৰ প্ৰথমটো উপগ্ৰহ আৰু ১০০ সংখ্যক ৰকেট উৎক্ষেপণ কৰি এই অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছো।" 
 
উল্লেখযোগ্য যে, ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়নে ১৩ জানুৱাৰীত সংস্থাটোৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিছিল আৰু তেওঁৰ নেতৃত্বত ইছৰোৰ এয়া প্ৰথম অভিযান, যিটো সফলতাৰে সম্পূৰ্ণ হৈছে। এই অভিযানৰ সফল হোৱাৰ পাছত ইছৰোৰ নতুন অধ্যক্ষই তেওঁৰ ভাষণত কয়, "১৯৭৯ চনৰ ১০ আগষ্টত শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক লঞ্চপেডৰ পৰা প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন (এছ এল ভি) উৎক্ষেপণ কৰা হয়। ৪৬ বছৰৰ মূৰত ২০২৫ চনৰ ২৯ জানুৱাৰীত GSLV-F15 ৰূপত ১০০ সংখ্যক ৰকেট এই লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হৈছে।"
NVS-02 ভাৰতৰ নেভিগেচন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ উদ্দেশ্য ভাৰতত নৌ পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ কৰা। ইয়াৰ সহায়ত ব্যক্তিগত আৰু প্ৰতিৰক্ষা খণ্ডত নেভিগেচন সেৱা আগবঢ়াব পৰা যাব। ভাৰতৰ নতুন নেভিগেচন উপগ্ৰহ শৃংখলাৰ এয়া দ্বিতীয়টো উপগ্ৰহ।
 
স্মৰ্তব্য যে, GSLV-F15 নিজৰ লগত এটা নেভিগেচন উপগ্ৰহ NVS-02 লৈ মহাকাশৰ দিশে অগ্ৰসৰ হৈছিল আৰু প্ৰায় ২০ মিনিটৰ উৎক্ষেপণৰ পিছত ই এটাৰ পিছত এটাকৈ সকলো পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰি জিঅ’চিংক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথলৈ প্ৰেৰণ কৰাৰ পিছত উপগ্ৰহটোক পৃথক কৰিছিল৷ ইয়াৰ লগে লগে মিছনটো সফলতাৰে সম্পূৰ্ণ হয়।
 
ইয়াৰদ্বাৰা ইছৰোৰ নেভিগেচন চেটেলাইট অভিযান শক্তিশালী হ’ব। ই ভাৰতীয় নেভিগেচন চিষ্টেমৰ এটা অংশ, যিটো দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ। ইয়াৰ উদ্দেশ্য হৈছে ১৫০০ কিলোমিটাৰ দূৰত্বলৈকে ভাৰত আৰু ইয়াৰ আশে-পাশে থকা পৰিস্থিতিৰ সঠিক তথ্য প্ৰদান কৰা। ইয়াৰ উপৰিও মহাকাশৰ পৰা যোগাযোগ আৰু বতৰৰ তথ্য শক্তিশালী কৰাৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰা হ’ব।
NVS-02 ৰ মূল উদ্দেশ্যসমূহ হৈছে ক্ৰমে এই উপগ্ৰহটোৱে স্থল, আকাশ আৰু সাগৰীয় পৰিবহণ সেৱাৰ উন্নতি সাধন কৰিব। শস্যৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিব। বাহন আৰু জাহাজসমূহ ভালদৰে নিৰীক্ষণ কৰিব পাৰিব। মোবাইল ডিভাইচত স্থানভিত্তিক সেৱা বৃদ্ধি পাব। অন্য উপগ্ৰহৰ বাবে কক্ষপথ নিৰ্ধাৰণ কৰিব। IoT ভিত্তিক সেৱাসমূহ উন্নত কৰিব। দুৰ্যোগৰ পৰিস্থিতিত সহায় কৰিব আৰু সময় সেৱা প্ৰদান কৰিব।