১৪টা পৰিৱৰ্তনেৰে ৱাকফ সংশোধনী বিধেয়কখন অনুমোদন জনাই যুটীয়া সংসদীয় সমিতিয়ে

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
সোমবাৰে বিয়লি যুটীয়া সংসদীয় সমিতিয়ে যোৱা বছৰৰ আগষ্ট মাহত সদনত উত্থাপন কৰা খচৰাত ১৪টা পৰিৱৰ্তন কৰি ৱাকফ সংশোধনী বিধেয়কখন অনুমোদন জনাইছিল। শাসকীয় বিজেপিৰ জগদম্বিকা পালৰ নেতৃত্বত গঠিত সমিতিখনলৈ বিৰোধী সাংসদৰ কেইবাটাও সাংসদকে ধৰি সামগ্ৰিকভাৱে ৪৪টা পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু বিৰোধীয়ে প্ৰস্তাৱ কৰা পৰিৱৰ্তনসমূহ নাকচ কৰা হয়।  
 
১৪টা পৰিৱৰ্তন গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ ভোটদান ২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব আৰু ৩১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি এক সূত্ৰই জানিবলৈ দিয়ে। প্ৰথমে সমিতিখনক ২৯ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সেই সময়সীমা বাজেট অধিবেশনৰ অন্তিম দিন ১৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হয়।  
পালে কয়, "৪৪টা সংশোধনীৰ ওপৰত আলোচনা কৰা হয়। ছমাহৰ ভিতৰত বিশদ আলোচনাত (বিস্তাৰিত) আমি সকলো সদস্যৰ পৰা সংশোধনী বিচাৰিলোঁ। এইখনেই আছিল আমাৰ চূড়ান্ত বৈঠক, য'ত সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিত ১৪টা পৰিৱৰ্তন কমিটীয়ে মানি লৈছিল। প্ৰতিটো ভোটৰ বাবে বিৰোধীয়েও সংশোধনীৰ পৰামৰ্শ দিছিল। তেওঁলোকৰ ভোটৰ সমৰ্থনত ১০টা ভোট (সংশোধনীৰ পৰামৰ্শ) আৰু বিৰোধিতা কৰা ১৬টা ভোট।" 
 
যোৱা সপ্তাহত বিৰোধী সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ নিজৰ উদ্বেগ প্ৰকাশ কৰি এখন পত্ৰ লিখি  কয় যে, পালে ৫ ফেব্ৰুৱাৰীৰ দিল্লী নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৱাকফ সংশোধনী বিধেয়কখনক গ্ৰহণযোগ্য কৰি তুলিবলৈ চেষ্টা কৰিছে। 
 
১০ জন বিৰোধী সাংসদক নিলম্বন কৰাৰ পিছতে এই আবেদন জনোৱা হয়। তেওঁলোক আৰু তেওঁলোকৰ সহকৰ্মীসকলে অভিযোগ কৰিছিল যে তেওঁলোকক পৰামৰ্শ দিয়া পৰিৱৰ্তনসমূহ অধ্যয়ন কৰিবলৈ সময় দিয়া হোৱা নাছিল। নিলম্বিত সাংসদসকলৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী আৰু সৰ্বভাৰতীয় মজলিছ-ই-ইত্তহাদুল মুছলিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি, যি দুয়োজনেই ৱাকফ সংশোধনী বিধেয়কৰ তীব্ৰ সমালোচক আছিল।
 
ৱাকফ সংশোধনী বিধেয়কখনে অমুছলমান আৰু (কমেও দুগৰাকী) মহিলা সদস্যক মনোনীত কৰাকে ধৰি ৱাকফ ব’ৰ্ড পৰিচালনাৰ ধৰণৰ বহু পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। লগতে, কেন্দ্ৰীয় ৱাকফ পৰিষদত (যদি সংশোধনীসমূহ গৃহীত হয়) এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু তিনিজন সাংসদ, লগতে দুজন প্ৰাক্তন ন্যায়াধীশ, চাৰিজন ‘ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন’ ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াক অন্তৰ্ভূক্ত কৰিব লাগিব, যিসকলৰ কোনোৱেই ইছলাম ধৰ্মৰ হোৱাৰ প্ৰয়োজন নাই। 
 
তদুপৰি নতুন নিয়মৰ অধীনত ৱাকফ কাউন্সিলে ভূমিৰ বাবে দাবী কৰিব নোৱাৰে। আন আন প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ হ’ল কমেও পাঁচ বছৰ ধৰি নিজৰ বিশ্বাস পালন কৰা মুছলমানসকলৰ পৰা অনুদান সীমিত কৰা। 
 
এক সূত্ৰই জনোৱা মতে, এই ধাৰণাটো হৈছে পুৰণি আইনখনৰ অধীনত “দুখীয়া” মুছলমান মহিলা আৰু শিশুসকলক সবলীকৰণ কৰা। অৱশ্যে কংগ্ৰেছৰ কে চি ভেনুগোপালৰ দৰে বিৰোধী নেতাকে ধৰি সমালোচকসকলে ইয়াক “ধৰ্মৰ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ” বুলি উল্লেখ কৰিছে। 
 
ইফালে ওৱাইছি আৰু ডি এম কেৰ কানিমোজিয়ে যুক্তি দিছে যে, ই সংবিধানৰ একাধিক ধাৰা উলংঘা কৰিছে, য’ত আছে ১৫ নং অনুচ্ছেদ (নিজৰ পছন্দৰ ধৰ্ম পালন কৰাৰ অধিকাৰ) আৰু ৩০ নং অনুচ্ছেদ (সংখ্যালঘু সম্প্ৰদায়সমূহে নিজৰ শিক্ষানুষ্ঠান স্থাপন আৰু প্ৰশাসনৰ অধিকাৰ)। 


শেহতীয়া খবৰ