নতুন দিল্লী
চলিত সপ্তাহৰ আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ৰ যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰা হব আৰু ইয়াৰ সদস্যসকলে প্ৰস্তাৱিত আইনখনৰ নিজৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা আছে। ২০২৪ চনৰ ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদ সমিতিৰ বিৰোধী সদস্যসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পেনেলৰ কাৰ্যকাল বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল।
ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা ভি মুৰালীধৰণে ৱাকফ সংশোধনী বিধেয়কক লৈ বিৰোধী দলসমূহক সমালোচনা কৰি কংগ্ৰেছ আৰু কমিউনিষ্ট দলসমূহে এই বিষয়ত “দ্বৈত খেল” খেলাৰ অভিযোগ উত্থাপন কৰিছে।
বিজেপি নেতাগৰাকীয়ে কয়, "ৱাকফ সংশোধনী বিধেয়কক লৈ কংগ্ৰেছ আৰু কমিউনিষ্ট দলে দ্বৈত খেল খেলিছে। কেৰালা আৰু কোচিনত, য'ত খ্ৰীষ্টান আৰু মাছমৰীয়া সমাজে নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আন্দোলনমূলক পথত আগবাঢ়িছে। য'ত ৱাকফ ব'ৰ্ডে তেওঁলোকৰ ভূমিৰ মালিকক অযুক্তিকৰ জাননী প্ৰদান কৰিছিল। চিপিএম আৰু কংগ্ৰেছৰ নেতাসকলে আহি তেওঁলোকক সমৰ্থন কৰিছে। কিন্তু যেতিয়া তেওঁলোক দিল্লীলৈ যায়, তেতিয়া তেওঁলোকে নিজৰ সম্পত্তি ধৰি ৰখা জনসাধাৰণৰ উচিত কৰ্তৃত্বৰ বিৰোধিতা কৰে।"
ইফালে, সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এই বিধেয়কখনক “সংবিধানৰ ২৬ নং অনুচ্ছেদৰ গুৰুতৰ উলংঘা” বুলি অভিহিত কৰিছে। সোমবাৰে বিৰোধী দলৰ অন্যান্য সাংসদ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে বৈঠকত মিলিত হৈ ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদ সমিতিৰ (জেপিচি)ৰ সময়সীমা বৃদ্ধিৰ দাবী উত্থাপন কৰাৰ পিছতে ওৱাইছিয়ে এই মন্তব্য কৰিছে।
বিধেয়কখনৰ আসোঁৱাহসমূহৰ ওপৰত আলোকপাত কৰি এআইএমআইএমৰ মুৰব্বী ওৱাইছিয়ে অভিযোগ কৰে যে চৰকাৰে এই বিধেয়কখন ৱাকফ ব’ৰ্ডক শক্তিশালী কৰাৰ পৰিৱৰ্তে নিৰ্মূল কৰিবলৈহে আনিছে। এই বিধেয়কখনৰ আঁৰৰ চৰকাৰৰ "উদ্দেশ্য"ক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।
২২ আগষ্টৰ পৰা ২০২৪ চনৰ ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে কেইবাখনো বৈঠক অনুষ্ঠিত কৰি ছটা মন্ত্ৰালয় আৰু প্ৰায় ১৯৫টা সংগঠনৰ কাম-কাজৰ পৰ্যালোচনা কৰিছে। ইয়াৰে সমগ্ৰ দেশতে ১৪৬টা সংগঠনৰ শুনানি গ্ৰহণ কৰা হয়, আৰু সচিবালয়ে ৱাকফ বিধেয়কৰ সৈতে জড়িত প্ৰায় ৯৫ লাখ পৰামৰ্শ লাভ কৰে। ৱাকফৰ সম্পত্তি নিয়ন্ত্ৰণৰ বাবে সৃষ্টি কৰা ১৯৯৫ চনৰ ৱাকফ আইনখনে দীৰ্ঘদিন ধৰি অপব্যৱস্থাপনা, দুৰ্নীতি, বেদখলৰ অভিযোগৰ সন্মুখীন হৈ আহিছে।
২০২৪ চনৰ ৱাকফ (সংশোধনী) বিধেয়কখনে ডিজিটেলাইজেচন, কঠোৰ অডিট, স্বচ্ছতা, আৰু অবৈধভাৱে দখল কৰা সম্পত্তি পুনৰ উদ্ধাৰৰ বাবে আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰি ব্যাপক সংস্কাৰ আনিব বিচাৰিছে। জেপিচিয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰী বিষয়া, আইনী বিশেষজ্ঞ, ৱাকফ ব’ৰ্ডৰ সদস্য আৰু সম্প্ৰদায়ৰ প্ৰতিনিধিৰ পৰা মতামত সংগ্ৰহৰ বাবে ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰি আছে, যাৰ লক্ষ্য হৈছে সম্ভৱপৰ আটাইতকৈ ব্যাপক সংস্কাৰ।