ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰতিবেদন দাখিল জেপিচিৰ

Story by  atv | Posted by  [email protected] • 7 h ago
ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰতিবেদন দাখিল জেপিচিৰ
ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰতিবেদন দাখিল জেপিচিৰ
 
নতুন দিল্লী

ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ সদস্য আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মাজত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত হোৱাৰ পিছতে বিধেয়কখনৰ চূড়ান্ত প্ৰতিবেদন লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰা হৈছে। দাখিলৰ সময়ত জে পি চিৰ অধ্যক্ষ জগদাম্বিকা পাল আৰু সমিতিৰ সদস্য নিশিকান্ত ডুবে, তেজস্বী সূৰ্য্য, সঞ্জয় জয়ছৱাল আদি উপস্থিত থাকে। প্ৰতিবেদন দাখিল কৰাৰ সময়ত কোনো বিৰোধী সদস্য উপস্থিত নাছিল।
 
প্ৰতিবেদন দাখিল কৰাৰ পিছত জেপিচিৰ অধ্যক্ষ জগদাম্বিকা পালে বিধেয়কখনৰ গঠনৰ ক্ষেত্ৰত সমিতিৰ সদস্যসকলক উল্লেখযোগ্য অৱদানৰ বাবে প্ৰশংসা কৰে। পালে কয় যে যোৱা ৫ মাহত সমিতিখনে কেইবাখনো বৈঠক অনুষ্ঠিত কৰি দেশজুৰি শ শ প্ৰতিনিধি দলক সাক্ষাৎ কৰি বিশদ বিবেচনা আৰু কেইবাটাও পৰীক্ষা-নিৰীক্ষাৰ অন্তত এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।
 
তেওঁ কয়, "যোৱা পাঁচ মাহত আমি ৩৮খন বৈঠক অনুষ্ঠিত কৰিলোঁ, ২৫০টা প্ৰতিনিধি দল আৰু সদস্যক সাক্ষাৎ কৰিলোঁ, প্ৰাক্তন ন্যায়াধীশ, উপাচাৰ্যসকলক সাক্ষাৎ কৰিলোঁ আৰু বিশদ আলোচনাৰ অন্তত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। আজি আমি সেই প্ৰতিবেদন জমা দিলোঁ। আমি কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিলোঁ। বিধেয়কখন গঠনত জেপিচিৰ সকলো সদস্যই নিজৰ অৱদান আগবঢ়াইছে।"
 
প্ৰতিবেদন দাখিলৰ সময়ত বিৰোধী সাংসদসকলৰ অনুপস্থিতিৰ বিষয়ে সোধাত পালে কয় যে, “সকলোৰে নিজস্ব অংশগ্ৰহণ আছে। মই সকলোকে নিমন্ত্ৰণ কৰিছিলোঁ। সংশোধনীৰ গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী দলৰ সকলো সাংসদে অংশগ্ৰহণ কৰে। তেওঁলোকে ভোটদানতো অংশ লৈছিল। এডপচনতো আহিছিল। আমি আমাৰ বৈঠকৰ সামৰণি মাৰিলোঁ। সকলোৱে বিধেয়কখন প্ৰস্তুত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল আৰু বিশদ আলোচনা আৰু পৰীক্ষা-নিৰীক্ষাত অংশগ্ৰহণ কৰিছিল।"
 
জেপিচিৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি কমিটীৰ সদস্য তথা বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কয় যে জেপিচিৰ ইতিহাসত এই কমিটীয়ে যিমান কাম কৰিছে আন কোনো কমিটীয়ে কৰা নাই।
 
"জেপিচিৰ ইতিহাসত এই কমিটীয়ে যিমান কাম কৰা কৰিছে, আন কোনো কমিটিয়ে ইমান কাম কৰা নাই। আমি সমগ্ৰ দেশৰ পৰা ১.৫ কোটি প্ৰতিনিধিত্ব লাভ কৰিছো আৰু জেপিচিৰ ৩৮খন বৈঠক অনুষ্ঠিত হৈছিল। মই ভাবো ভাৰতৰ স্বাধীনতাৰ পিছত দৰিদ্ৰ মুছলমান পৰিয়ালৰ অধিকাৰৰ বাবে এনে কোনো বিধেয়ক উত্থাপন হোৱা নাই। ভোট বেংকৰ ৰাজনীতিৰ অন্ত পৰিব।’-এএনআইক এইদৰে কয় ডুবেই।