নতুন ফৌজদাৰী আইনত শাস্তিৰ পৰিৱৰ্তে ন্যায়ে স্থান লাভ কৰিবঃ অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 2 d ago
গৃহমন্ত্ৰী অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহ
 
নতুন দিল্লী

১ জুলাই সোমবাৰৰ পৰা বলবৎ হোৱা তিনিখন নতুন ফৌজদাৰী আইনত শাস্তিৰ পৰিৱৰ্তে ন্যায়ে স্থান লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। দেশৰ অপৰাধমূলক আইন ব্যৱস্থাৰ পৰ্যালোচনাৰ নেতৃত্ব দিয়া শ্বাহে আজি সংবাদ মাধ্যমৰ আগত কয় যে স্বাধীনতাৰ ৭৭ বছৰৰ পাছত দেশত সম্পূৰ্ণ ‘স্বদেশী’ আইনী ব্যৱস্থা বলবৎ হৈছে।
 
ঔপনিৱেশিক যুগৰ অপৰাধ আইনৰ সলনিৰ লগে লগে দেশৰ ন্যায় ব্যৱস্থাত এটা “ভাৰতীয় আত্মা” সংযোজিত হৈছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে ব্ৰিটিছ যুগৰ বহু আইনৰ স্থানত চৰকাৰে সাম্প্ৰতিক সময়ৰ সৈতে খাপ খোৱা আইনসমূহ অন্তৰ্ভুক্ত কৰিছে।"
 
মহিলাৰ বিৰুদ্ধে হিংসাৰ সৈতে জড়িত অপৰাধ সন্দৰ্ভত অমিত শ্বাহে কয় যে নতুন আইনখনে জীৱিত মহিলাগৰাকীৰ বক্তব্য তেওঁৰ ঘৰত লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছে আৰু লগতে অনলাইন এফআইআৰৰ সুবিধাৰ কথাও উল্লেখ কৰিছে, যিয়ে তেওঁক সামাজিক কলংকৰ পৰা ৰক্ষা কৰিব।
 
"মব লিঞ্চিং বা গণপ্ৰহাৰৰ গোচৰৰ ক্ষেত্ৰত আইনত কোনো ব্যৱস্থা নাছিল। এতিয়া ইয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে। এইটো আছিল এক দীৰ্ঘদিনীয়া দাবী। লগতে আমি দেশদ্ৰোহৰ ধাৰাটো সম্পূৰ্ণৰূপে আঁতৰাই ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ বাবে নতুন ধাৰা আনিছো। ইয়াৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে বক্তব্য দিয়াটো অপৰাধ আছিল। এতিয়া ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বক ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টাৰ বিৰুদ্ধে এক আইনে ব্যৱস্থা গ্ৰহণ কৰিব।’- নতুন অপৰাধজনিত আইনৰ বিষয়ে তেওঁ এইদৰে কয়।
 
অমিত শ্বাহে কয় যে নতুন অপৰাধজনিত আইনসমূহে আধুনিক আইনী ব্যৱস্থাৰ সৃষ্টি কৰিব। "আমি কেৱল প্ৰযুক্তিয়েই গ্ৰহণ কৰা নাই, কিন্তু অহা ৫০ বছৰত হ'ব পৰা প্ৰযুক্তিগত পৰিৱৰ্তনৰ বাবেও আগতীয়াকৈ আগবাঢ়িছো। মই বিশ্বাস কৰোঁ যে এইটোৱেই হ'ব বিশ্বৰ আটাইতকৈ আধুনিক অপৰাধমূলক ন্যায় ব্যৱস্থা।"
শ্বাহে পুনৰ কয় যে এতিয়া অনুসন্ধান আৰু কোনো সামগ্ৰী জব্দ কৰাৰ প্ৰক্ৰিয়া ভিডিঅ’গ্ৰাফী কৰাটো বাধ্যতামূলক, যাতে কাকো ফ্ৰেম কৰিব নোৱাৰি। ধৰ্ষণ বা যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা ব্যক্তিৰ ই-ষ্টেটমেণ্ট এতিয়া আইনগতভাৱে বৈধ বুলিও তেওঁ কয়।
 
নতুন আইনসমূহ ভুক্তভোগীকেন্দ্ৰিক বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, "আগতে আৰক্ষীয়ে কাৰোবাক ধৰি নিছিল আৰু তেওঁৰ পৰিয়ালৰ লোকে আদালতলৈ যাবলগীয়া হৈছিল। এতিয়া আমি প্ৰতিখন থানাতে পঞ্জীয়ন আৰু ই-ৰেজিষ্টাৰ ৰখাটো বাধ্যতামূলক কৰি দিছো, য’ত কোনজন অপৰাধী আৰক্ষীৰ জিম্মাত আছে সেই বিষয়ে তালিকাভুক্ত কৰা হ’ব।"-তেওঁ কয়।
 
নতুন অপৰাধজনিত আইনৰ উল্লেখযোগ্য দিশসমূহ প্ৰকাশ কৰাৰ পিছত অমিত শ্বাহে আইনসমূহক লৈ বিৰোধী নেতাসকলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিৰোধীয়ে অভিযোগ কৰিছে যে নতুন আইনসমূহৰ ওপৰত সঠিকভাৱে বিতৰ্ক হোৱা নাছিল আৰু ইয়াৰ সৈতে জড়িত আইনসমূহ সংসদত “বলপূৰ্বকভাৱে” বিৰোধী দলৰ ১৪৬ জন সাংসদক নিলম্বন কৰাৰ পিছত গৃহীত কৰা হৈছিল।
 
 
ইয়াৰ উত্তৰত শ্বাহে কয়, "লোকসভাই এই বিষয়ে ৯ ঘণ্টা, ২৯ মিনিট সময় ধৰি বিতৰ্ক কৰিছিল আৰু এই বিতৰ্কত ৩৪ জন সদস্যই অংশগ্ৰহণ কৰিছিল। ৰাজ্যসভাই প্ৰায় ৭ ঘণ্টা বিতৰ্ক কৰিছিল আৰু ৪০ জন সদস্যই ইয়াত অংশগ্ৰহণ কৰিছিল। সাংসদসকলক নিলম্বনৰ পিছত বিধেয়কসমূহ অনা হৈছিল বুলি কথাটোও আন এটা মিছা কথা। বিজনেছ এডভাইজাৰী কমিটীয়ে বিধেয়কখন আগতেই তালিকাভুক্ত কৰিছিল। হয়তো বিৰোধীয়ে অংশগ্ৰহণ কৰিব বিচৰা নাছিল। গতিকে তেওঁলোকে এনে কাৰ্যকলাপৰ আশ্ৰয় লৈছিল যাতে প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকক নিলম্বন কৰিবলৈ বাধ্য হয়।"
 
শ্বাহে কয় যে তেওঁৰ মন্ত্ৰালয়ে নতুন আইনসমূহৰ সন্দৰ্ভত সকলো সাংসদ, মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু আমোলাৰ পৰা পৰামৰ্শ বিচাৰিছে।
 
"এই সকলোবোৰ পৰামৰ্শ অধ্যয়ন কৰা হৈছিল। মই ১৫৮খন বৈঠকৰ অধ্যক্ষতা কৰি বিষয়টো আলোচনা কৰিছিলো আৰু আমি এখন বিধেয়ক উলিয়াইছিলো। সংসদে ইয়াক গৃহীত কৰাৰ পূৰ্বে স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিছিল। তিনিমাহ ধৰি পুনৰ ইয়াৰ ওপৰত আলোচনা হয়। আৰু সকলো দলৰ সদস্যই ইয়াত অংশগ্ৰহণ কৰিছিল।"-অমিত শ্বাহে এইদৰে কয়।