নতুন দিল্লী
এইবাৰ আকৌ চিনেমা জগতৰ জনপ্ৰিয় তাৰকাক দিছে মৃত্যুৰ ভাবুকি। কোমেডিয়ান কপিল শৰ্মাকে ধৰি কেইবাজনো কমেডিয়ান, অভিনেতাক ভাবুকি দিছে মৃত্যুৰ। উল্লেখ্য যে, যোৱা সময়ছোৱাত বহু কেইবাৰ লৰেষ্ণ বিষ্ণয় গোটৰ পৰা মৃত্যুৰ ভাবুকি দিছিল বলিউড ছুপাৰষ্টাৰ ছলমান খানক।
তাৰ মাজতে নিজ বাসগৃহতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’ল ছঈফ আলী খান। এনে পৰিস্থিতিত এজনৰ পাছত আন এজন তাৰকা দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰাত এতিয়া স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈ পৰিছে সমগ্ৰ বি-টাউন।
জানিব পৰা মতে পাকিস্তানৰ পৰা আহিছে কপিল শৰ্মাকে ধৰি কেইবাজনো তাৰকলৈ আহিছে হত্যাৰ ভাবুকি। মুম্বাই আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ পৰা ই-মেইলৰ জৰিয়তে কপিল শৰ্মাৰ লগতে অভিনেতা ৰাজপাল যাদৱ, সুগন্ধা মিশ্ৰ, ৰেমো ডিছুজালৈ আহিছে মৃত্যুৰ ভাবুকি।
ইতিমধ্যে আৰক্ষীয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰম্ভ কৰিছে তদন্ত। মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।
আৰক্ষীয়ে লাভ কৰা এই ইমেইলত কোৱা হৈছে, ''নিজৰ প্ৰচাৰৰ বাবে এনে বাৰ্তা দিয়া হোৱা নাই। কোনেও এই বাৰ্তাক সাধাৰণভাৱে নল’ব। আমি আপোনালোকৰ প্ৰতিদিনৰ জীৱন যাপনৰ ওপৰত নজৰ ৰাখিছো।''
তাৰোপৰি ভাবুকি ভৰা ই-মেইলটোত কৈছে, এই বাৰ্তাক গুৰুত্বহীন কৰিলে পৰিণতি অধিক ভয়ংকৰ হ’ব। ছঈফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পাছত এই ভাবুকি ভৰা ই-মেইলে মায়ানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে।
যোৱা সপ্তাহ ছঈফ আলী খানক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। আৰক্ষীয়ে আটক কৰিছে আক্ৰমণকাৰী শ্বৰিফুল নামৰ ব্যক্তিজনক। তেওঁ অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলিও তদন্তত পোহৰলৈ আহিছে। আক্ৰমণকাৰী শ্বৰিফুলে ছঈফক ছুৰীৰ আক্ৰমণ কৰি তেওঁৰ দেহ ক্ষত, বিক্ষত কৰিছিল।